ETV Bharat / state

মানৱদৰদী চিকিৎসক শংকৰ জ্যোতি পৰাশৰলৈ হাজাৰ হাজাৰ গুণমুগ্ধৰ অন্তিম শ্ৰদ্ধা - Tribute to Dr Sankar Jyoti Parashar

Dr Sankar Jyoti Parashar : সহস্ৰজনক কন্দুৱাই চিৰবিদায় মাগিলে ডাঃ শংকৰ জ্যোতি পৰাশৰে । তেওঁৰ অকাল মৃত্যুত শোকস্তব্ধ যোৰহাট । যোৱা নিশা চিকিৎসকগৰাকীৰ মৃতদেহ যোৰহাটত উপস্থিত হোৱাৰ পিচতেই শোকত ম্ৰিয়মান হয় হাজাৰ হাজাৰ গুণমুগ্ধ ।

Tribute to Dr Sankar Jyoti Parashar
চিকিৎসক ডাঃ শংকৰ জ্যোতি পৰাশৰ (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : May 17, 2024 at 5:15 PM IST

2 Min Read
Choose ETV Bharat
চিকিৎসক ডাঃ শংকৰ জ্যোতি পৰাশৰ (ETV BHARAT ASSAM)

যোৰহাট, ১৬ মে': বিশিষ্ট চিকিৎসক ডাঃ শংকৰ জ্যোতি পৰাশৰ নশ্বৰদেহ বৃহস্পতিবাৰে নিশা যোৰহাটত উপস্থিত হোৱাৰ পিচত হাজাৰ হাজাৰ গুণমুগ্ধৰ লগতে বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানে অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । উচুপি উঠে তেওঁৰ সহকৰ্মীৰ লগতে অনুৰাগীসকল । ইয়াৰ পিচতেই মানৱদৰদী চিকিৎসকগৰাকীৰ নশ্বৰদেহ তেওঁৰ কৰ্মস্থলীলৈও নিয়াত অন্তিম শ্ৰদ্ধা জনায় ।

বিশিষ্ট চিকিৎসক গৰাকীৰ মৃত্যুত যোৰহাট প্ৰেছ ক্লাব, যোৰহাট জিলা ছাত্ৰ সন্থা, যোৰহাট জিলা ক্ৰীড়া সন্থা, যোৰহাট জিলা চিকিৎসক সন্থা, যোৰহাট জিলা মেডিকেল ৰিপ্ৰেজেন্টেটিভ সন্থা, যুৱ ছাত্ৰ পৰিষদ, ঔষধ ব্যৱসায়ী সন্থাকে প্ৰমুখ্যে শতাধিক অনুষ্ঠান -প্ৰতিষ্ঠান, ব্যক্তি বিশেষে শোক প্ৰকাশ কৰিছে ।

উল্লেখ্য় যে ৰোগীক সেৱা কৰি থকা মেডিচিন বিভাগৰ বিশিষ্ট চিকিৎসক ডাঃ পৰাশৰৰ ৰোগীক চিকিৎসা কৰি থকাৰ সময়তে হঠাৎ ষ্ট্ৰোক হোৱাত বুধবাৰে গুৱাহাটীৰ এক্সেল কেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল । কিন্তু বৃহস্পতিবাৰে দিনৰ ১১ বজাত চিকিৎসাধীন অৱস্থাতে তেওঁ শেষনিশ্বাস ত্য়াগ কৰে ।

যোৱা ১৪ মে'ৰ বিয়লিলৈকে যোৰহাটৰ বৰুৱা চাৰিআলিস্থিত মিনাক্ষী ড্ৰাগছত ৰোগী চোৱাত ব্যস্ত আছিল ডাঃ শংকৰ জ্যোতি পৰাশৰ । তাৰ পিচত সন্ধিয়া ডাঃ পৰাশৰে যোৰহাটৰ সঞ্জীৱনী নাৰ্ছিং হোমৰ আইচিইউত এগৰাকী ৰোগীৰ চিকিৎসা কৰি থকাৰ সময়তে নিশা প্ৰায় ৮.৩০ বজাত হৃদৰোগত আক্ৰান্ত হয় ।

উল্লেখযোগ্য যে ডাঃ পৰাশৰে যোৰহাটত শিক্ষা গ্ৰহণ কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা শিক্ষাগ্ৰহণ কৰি পৰৱৰ্তী সময়ত তেওঁ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে । বিশিষ্ট চিকিৎসক গৰাকীয়ে মৃত্যুৰ সময়ত মাতৃ, পত্নী, এগৰাকী কন্যা এৰি থৈ যায় ।

লগতে পঢ়ক:চিকিৎসক ডাঃ শংকৰ জ্যোতি পৰাশৰ আৰু নাই; শোকস্তব্ধ যোৰহাট - Sankar Jyoti Parashar Passes Away