অসম

assam

শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন

By ETV Bharat Assamese Team

Published : Nov 16, 2023, 7:31 PM IST

অধ্যাপক অভিজিৎ বৰাই বৰ্তমান সময়ত অতি বুদ্ধিমত্তাৰ জৰিয়তে কেনেদৰে সংবাদ মাধ্যমে আগবাঢ়ি গৈছে সেই বিষয়ে বিশদভাৱে আলোচনা আগবঢ়ায় । আনহাতে, অনুষ্ঠানত তেজপুৰ সদৰৰ দুগৰাকী অৱসৰপ্ৰাপ্ত সাংবাদিক ক্ৰমে নাথমল টিব্রিৱাল আৰু তৰুণ বৰাক সম্বৰ্ধনা জনোৱা হয় ।

শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন
শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন

শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন

তেজপুৰ, ১৬ নৱেম্বৰ : সমগ্ৰ ৰাজ্যৰ লগতে শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগতো বৃহস্পতিবাৰে তেজপুৰত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয় । এই উপলক্ষে জিলাখনৰ সংবাদ মাধ্যমৰ লোকসকলৰ লগতে অন্যান্য ক্ষেত্ৰৰ ব্যক্তিৰ উপস্থিতিত এখন আলোচনা-চক্ৰৰ লগতে ৰাজহুৱা সভাও অনুষ্ঠিত হয় । শোণিতপুৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ পৌৰোহিত্যত অনুষ্ঠিত এই ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত 'কৃত্ৰিম বুদ্ধিমত্তাৰ যুগত সংবাদ মাধ্যম' (মিডিয়া ইন দ্য ইৰা অব আৰ্টিফিচিয়েল ইণ্টেলিজেন্স) শীৰ্ষক বিষয়ৰ ওপৰত বক্তৃতা আগবঢ়ায় তেজপুৰ বিশ্ববিদ্যালয় গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী অধ্যাপক অভিজিৎ বৰাই ।

নিজৰ বক্তব্যত অধ্যাপক অভিজিৎ বৰাই বৰ্তমান সময়ত অতি বুদ্ধিমত্তাৰ জৰিয়তে কেনেদৰে সংবাদ মাধ্যমে আগবাঢ়ি গৈছে সেই বিষয়ে বিশদভাৱে আলোচনা আগবঢ়ায় । আনহাতে, অনুষ্ঠানত তেজপুৰ সদৰৰ দুগৰাকী অৱসৰপ্ৰাপ্ত সাংবাদিক ক্ৰমে নাথমল টিব্রিৱাল আৰু তৰুণ বৰাক সম্বৰ্ধনা জনোৱা হয় । ইয়াৰ উপৰি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগে প্ৰাচীৰ পত্ৰিকা উন্মোচনৰ পৰা আৰম্ভ কৰি ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰে ।

আনহাতে, 'দ্য আছাম ত্ৰিবিউন' কাকতৰ বিশিষ্ট সাংবাদিক তথা কাৰ্যবাহী সম্পাদক পি জে বৰুৱাই মূল বক্তা হিচাপে অনুষ্ঠানটোত উপস্থিত থাকে । আদৰণী ভাষণ প্ৰদান কৰে গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী অভিজিৎ বৰাই । সমসাময়িক দৃশ্যপটত মিডিয়া ট্ৰায়েলৰ বিষয়টোক লৈ বৰুৱাই এক অন্তৰ্দৃষ্টিসম্পন্ন বক্তৃতা প্ৰদান কৰে । এই বিষয়ত বক্তৃতা আগবঢ়াই বৰুৱাই কয় যে যদিও বছৰৰ পিছত বছৰ ধৰি সংবাদ মাধ্যমৰ পৰিস্থিতিৰ যথেষ্ট পৰিৱৰ্তন হৈছে, কিন্তু সাংবাদিকতাৰ মূল উদ্দেশ্য একেই আছে ।

অৰ্থাৎ সাংবাদিকতাৰ অৰ্থ হৈছে তথ্য অৱগত কৰোৱা, শিক্ষা প্ৰদৰ্শন কৰা আৰু পথ প্ৰদৰ্শন কৰা । মিডিয়া ট্ৰায়েলৰ কিছুমান গোচৰৰ উদাহৰণ দি প্ৰবীণ সম্পাদকগৰাকীয়ে ব্যাখ্যা আগবঢ়ায় যে কিছুমান গোচৰত সংবাদ মাধ্যমে ন্যায় অনাৰ ক্ষেত্ৰত অতি সক্ৰিয় ভূমিকা পালন কৰিছে ।

উল্লেখ্য যে গণতান্ত্ৰিক সমাজত মুক্ত আৰু দায়িত্বশীল সংবাদ মাধ্যমৰ গুৰুত্ব উদযাপন কৰিবলৈ প্ৰতিবছৰে ১৬ নৱেম্বৰত ভাৰতত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হয় । এই দিৱসটো ভাৰতীয় প্ৰেছ কাউন্সিল স্থাপনৰ স্মৃতিত উদযাপন কৰা হয় । ভাৰতীয় প্ৰেছ কাউন্সিল হৈছে দেশৰ সংবাদ মাধ্যমৰ বাবে এক নিয়ন্ত্ৰক সংস্থা ।

লগতে পঢ়ক :ৰাষ্ট্ৰ নিৰ্মাণত সংবাদ মাধ্যমৰ ভূমিকা অপৰিসীম; নলবাৰীত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত দুই মন্ত্ৰী

ABOUT THE AUTHOR

...view details