ETV Bharat / state

ৰাষ্ট্ৰ নিৰ্মাণত সংবাদ মাধ্যমৰ ভূমিকা অপৰিসীম; নলবাৰীত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত দুই মন্ত্ৰী

author img

By ETV Bharat Assamese Team

Published : Nov 16, 2023, 5:26 PM IST

Updated : Nov 16, 2023, 9:02 PM IST

নলবাৰীত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত দুই মন্ত্ৰী
National Press Day

আলোচনা-চক্ৰত ভাষণ ৰখা নিৰ্দিষ্ট বক্তাসকলে ৰাষ্ট্ৰীয় প্ৰেছ আয়োগৰ জন্মৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকসকলৰ সমাজ তথা ৰাষ্ট্ৰ নিৰ্মাণত থকা ভূমিকাৰ বিষয়ে তথ্যসমৃদ্ধ বক্তব্য আগবঢ়ায় ।

নলবাৰীত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস

নলবাৰী, ১৬ নৱেম্বৰ : সমগ্ৰ দেশৰ লগতে অসমতো ১৬ নৱেম্বৰ দিনটো ৰাষ্ট্ৰীয় প্ৰেছ দিৱস হিচাপে উদযাপন কৰা হৈছে । এই উপলক্ষে বৃহস্পতিবাৰে নলবাৰীতো আয়োজন কৰা হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ অনুষ্ঠান । নলবাৰী জিলা তথ্য আৰু জনসংযোগ বিভাগৰ উদোগত আৰু নলবাৰী জিলা প্ৰশাসনৰ সহযোগত 'ৰাষ্ট্ৰীয় প্ৰেছ দিৱস-২০২৩' উদযাপন কৰা হয় ।

ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে 'কৃত্ৰিম বুদ্ধিমত্তা' শীৰ্ষক বিষয়ৰ ওপৰত এক আলোচনা-চক্ৰৰো আয়োজন কৰা হয় । এই আলোচনা-চক্ৰত মুখ্য আলোচক হিচাপে উপস্থিত থাকে কামৰূপ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক ডঃ সঞ্জীৱ কুমাৰ গোস্বামী । লগতে উপস্থিত থাকে ৰাজ্য চৰকাৰৰ দুগৰাকীকৈ মন্ত্ৰী । নলবাৰী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী জয়ন্তমল্ল বৰুৱা আৰু স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকে । লগতে নলবাৰী জিলা আয়ুক্ত বৰ্ণালী ডেকা, জিলা তথ্য আৰু জনসংযোগ বিষয়া, জিলা বিজেপিৰ সভাপতি আৰু সদৰৰ সংবাদকৰ্মীসকল উপস্থিত থাকে ।

আলোচনা-চক্ৰত ভাষণ ৰখা নিৰ্দিষ্ট বক্তাসকলে ৰাষ্ট্ৰীয় প্ৰেছ আয়োগৰ জন্মৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকসকলৰ সমাজ তথা ৰাষ্ট্ৰ নিৰ্মাণত থকা ভূমিকাৰ বিষয়ে তথ্যসমৃদ্ধ বক্তব্য আগবঢ়ায় । লগতে সংবাদকৰ্মীসকলৰ সদায় মুক্ত তথা স্বাধীনভাৱে লেখা-মেলা কৰাৰ অধিকাৰ থাকিব লাগে বুলিও উল্লেখ কৰে । ইয়াৰ উপৰি বৰ্তমান কৃত্ৰিম বুদ্ধিমত্তা প্ৰয়োগেৰে সংবাদ সংগ্ৰহ আৰু প্ৰেৰণ কৰিলে বিশেষ সহায়ক হ'ব বুলি মন্তব্য কৰে ।

উল্লেখ্য যে গণতান্ত্ৰিক সমাজত মুক্ত আৰু দায়িত্বশীল সংবাদ মাধ্যমৰ গুৰুত্ব উদযাপন কৰিবলৈ প্ৰতিবছৰে ১৬ নৱেম্বৰত ভাৰতত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হয় । এই দিৱসটো ভাৰতীয় প্ৰেছ কাউন্সিল স্থাপনৰ স্মৃতিত উদযাপন কৰা হয় । ভাৰতীয় প্ৰেছ কাউঞ্চিল হৈছে দেশৰ সংবাদ মাধ্যমৰ বাবে এক নিয়ন্ত্ৰক সংস্থা ।

লগতে পঢ়ক :National Press Day 2023 : হোজাইত জিলা প্ৰশাসনৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন

Last Updated :Nov 16, 2023, 9:02 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.