অসম

assam

Independence day 2023: তেজপুৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ

By

Published : Aug 15, 2023, 12:08 PM IST

Updated : Aug 15, 2023, 3:19 PM IST

সমগ্ৰ দেশে পালন কৰিছে 77 সংখ্যক স্বাধীনতা দিৱস ৷ শোণিতপুৰ জিলাৰ সদৰ তেজপুৰতো ৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপন ৷ স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে ৷

Independence day 2023
তেজপুৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিলে মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে

তেতেজপুৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিলে মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে

তেজপুৰ, 15 আগষ্ট :আজি সমগ্ৰ দেশে পালন কৰিছে 77 সংখ্যক স্বাধীনতা দিৱস ৷ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে শোণিতপুৰ জিলাৰ সদৰ তেজপুৰ নেহেৰু ময়দানত ৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয় । স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে ৷ প্ৰথমে সামৰিক অভিবাদন গ্ৰহণ কৰি ৰাষ্ট্রীয় পতাকা উত্তোলন কৰে । পতাকা উত্তোলন কৰি পেৰেডস্থলীত পাঁচটা সংকল্প শপত বাক্য পাঠ কৰোৱায় মন্ত্ৰী পাটোৱাৰীয়ে ৷

‘‘অহা 2047 চনৰ ভিতৰত ভাৰতবৰ্ষক এখন আত্মনির্ভৰ আৰু বিকশিত ৰাষ্ট্ৰ হিচাপে বাস্তব ৰূপত গঢ় দিয়াত সহযোগ কৰিম, মনৰ পৰা দাসত্ব মনোভাৱ পৰিহাৰ কৰিম, দেশৰ সমৃদ্ধ ঐতিহ্যক লৈ গৌৰৱ কৰিম, দেশৰ একতাৰ বান্ধোন সুদৃঢ় কৰিম আৰু ৰাষ্ট্ৰ সুৰক্ষাত নিয়োজিত সকলৰ সন্মান কৰিম আৰু নাগৰিক হিচাবে মোৰ কৰ্তব্য পালন কৰিম ৷’’ এই পাঁচটা শপত বাক্য পাঠ কৰোৱায় মন্ত্ৰীগৰাকীয়ে ।

আনহাতে, ভাষণৰ আৰম্ভণিতে স্বাধীনতাৰ আন্দোলনৰ সময়ত শোণিতপুৰ জিলাৰ বীৰ শ্বহীদ কনকলতাৰ পৰা আৰম্ভ কৰি মনবৰ নাথকে ধৰি সকলোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

ভাষণ প্ৰসংগত তেওঁ কয়, ‘‘ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰো অশেষ অৰিহণা আছে ৷ অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈ, দেশভক্ত তৰুণৰাম ফুকন, কৰ্মবীৰ নবীনচন্দ্ৰ বৰদলৈ, অম্বিকাগিৰী ৰায়চৌধুৰী, বিষ্ণুৰাম মেধি, অমিয় কুমাৰ দাস, চন্দ্ৰনাথ শৰ্মা লগতে মুক্তি যুঁজাৰু শ্বহীদ মণিৰাম দেৱান, পিয়লি ফুকন, কুশল কোঁৱৰ, কনকলতা বৰুৱা, মুকুন্দ কাকতি, ভোগেশ্বৰী ফুকননী, মংগল কুৰ্মী, হেমৰাম পাটৰ, ৰতন কছাৰীকে ধৰি অনেক শ্বহীদ আৰু স্বাধীনতা সংগ্ৰামীসকললৈ ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ পৱিত্ৰ ক্ষণত গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ ৷’’

লগতে পঢ়ক:Independence Day 2023: তেজপুৰত আইটিবিপিৰ উদ্যোগত স্বাধীনতা দিৱস উপলক্ষে হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী

Last Updated :Aug 15, 2023, 3:19 PM IST

ABOUT THE AUTHOR

...view details