ETV Bharat / state

Independence Day 2023: তেজপুৰত আইটিবিপিৰ উদ্যোগত স্বাধীনতা দিৱস উপলক্ষে হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী

author img

By

Published : Aug 14, 2023, 8:23 PM IST

Updated : Aug 16, 2023, 2:35 PM IST

আইটিবিপিৰ তেজপুৰ আঞ্চলিক মুখ্য কাৰ্যালয় আৰু ৫৫ নং কৰ্পছৰ স্বাধীনতা দিৱস উপলক্ষে হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী ৷ তেজপুৰ আঞ্চলিক মুখ্য কাৰ্যালয়ৰ উপ মহাপৰিদৰ্শক সন্দীপ খোছলাৰ নেতৃত্বত এই উপলক্ষ্যে উলিওৱা হয় বিশাল ৰেলী ৷

Independence Day 2023
তেজপুৰত আইটিবিপিৰ উদ্যোগত স্বাধীনতা দিৱস উপলক্ষে হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী

তেজপুৰত আইটিবিপিৰ উদ্যোগত স্বাধীনতা দিৱস উপলক্ষে হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী

তেজপুৰ, ১৪ আগষ্ট: ভাৰত-তিব্বত সীমান্ত আৰক্ষী বাহিনীৰ তেজপুৰৰ আঞ্চলিক মুখ্য কাৰ্যালয় আৰু ৫৫ নং কৰ্পছৰ অধীনত ৰঙামাটি কেম্পে সোমবাৰে স্বাধীনতাৰ অমৃত মহোৎসৱ: "হৰ ঘৰ ত্ৰিৰংগা"ৰ অধীনত তেজপুৰত এক বৃহৎ ৰেলী আয়োজন কৰে । তেজপুৰ আঞ্চলিক মুখ্য কাৰ্যালয়ৰ উপ মহাপৰিদৰ্শক সন্দীপ খোছলাৰ নেতৃত্বত উলিওৱা এই সমাৱেশত ৫৫ নং বাহিনীৰ কামাণ্ডেণ্ট ড৹ দীপক কুমাৰ পাণ্ডেৰ লগতে সমূহ বিষয়া-জোৱান তথা স্থানীয় লোক আৰু বিহগুড়িৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে ।

Independence Day 2023
তেজপুৰত আইটিবিপিৰ উদ্যোগত স্বাধীনতা দিৱস উপলক্ষে হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী

সেনা বাহিনীৰ কেম্পাছৰ মূল গেট বিহগুৰিৰ ৰঙামাটিৰ পৰা আৰম্ভ কৰা এই ৰেলীয়ে তেজপুৰ চহৰলৈকে পৰিভ্ৰমণ কৰে । এই কাৰ্যসূচীৰ সময়ত স্থানীয় ৰাইজক ত্ৰিৰংগ পতাকা বিতৰণ কৰা হয়, যিটো স্বাধীনতা দিৱস উদযাপনৰ এক অংশস্বৰূপ । অমৃত মহোৎসৱৰ এই বৰ্ষপূৰ্তিত স্থানীয় ৰাইজে নিজৰ ঘৰত ত্ৰিৰংগা পতাকা লগাব পাৰিব । আনহাতে স্থানীয় ৰাইজৰ লগতে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত দেশপ্ৰেমৰ অনুভূতি আৰু অধিক বৃদ্ধি কৰাত এই পদক্ষেপে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে বুলি আশা কৰা হৈছে ।

তদুপৰি এই কাৰ্যসূচীয়ে স্থানীয় ৰাইজৰ মাজত ভাৰত-তিব্বত সীমান্তৰ আৰক্ষীৰ প্ৰতি পাৰস্পৰিক সমন্বয় আৰু প্ৰেমৰ অনুভূতিৰ সৃষ্টি কৰিব বুলিও আশা কৰা হৈছে । উপ-মহাপৰিদৰ্শক সন্দীপ খোছলাই কয় যে ভাৰত-তিব্বত সীমান্ত আৰক্ষী বাহিনীয়ে স্বাধীনতাৰ অমৃত মহোৎসৱ কাৰ্যসূচী সীমান্তৰ বিভিন্ন প্ৰান্তত আয়োজন কৰিছিল ।

ITBP Regional Headquarters Tezpur
তেজপুৰত আইটিবিপিৰ উদ্যোগত স্বাধীনতা দিৱস উপলক্ষে হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী

উপ-মহাপৰিদৰ্শক সন্দীপ খোছলাই পুনৰ কয়, ভাৰত আৰু তিব্বতৰ সীমান্তৰ ওচৰত ভাইব্ৰেণ্ট ভিলেজ কাৰ্যসূচীৰ অধীনত অৰুণাচল প্ৰদেশৰ প্ৰায় ৪৫৫ খন গাঁৱৰ জনপ্ৰতিনিধিৰ স্বাৰ্থত ভাইব্ৰেন্ট গাঁও কাৰ্যসূচীৰ আয়োজন কৰা হৈছে । সন্দীপ খোছলাই "মেৰি মিট্টি মেৰা দেশ" কাৰ্যসূচীৰ অধীনত যুদ্ধ স্মৃতিসৌধৰ কাষত স্বাধীনতা দিৱস উপলক্ষে বাহিনীটোৰ বিষয়াসকলে প্ৰতিজ্ঞা গ্ৰহণ কৰা কৰাৰ লগতে ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰাৰ কথা সদৰী কৰে । তদুপৰি "মোৰ মাটি মোৰ দেশ" কাৰ্যসূচীৰ অধীনত আইটিবিপি জোৱানসকলে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা মাটি সংগ্ৰহ কৰি দেশৰ ৰাজধানী দিল্লীলৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক: ITBP Tezpur Sector : আই টি বি পি তেজপুৰ ছেক্টৰ মুখ্য কাৰ্যালয়ৰ প্ৰতিষ্ঠা দিৱস

Last Updated :Aug 16, 2023, 2:35 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.