অসম

assam

কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ সমীক্ষাত ভয়ংকৰ তথ্য, প্ৰদূষণৰ গৰাহত উত্তৰ পূৰ্বাঞ্চলৰ 60 খন নদী

By

Published : Feb 25, 2020, 9:10 PM IST

মাৰাত্মক প্ৰদূষণৰ গৰাহত উত্তৰ পূৰ্বাঞ্চলৰ মুঠ 60 খন নদী ৷ ইয়াৰ ভিতৰত অসমৰ ভৰলু, কলং, বকো আৰু কপিলী নৈৰ পানী প্ৰদূষিত হোৱাৰ তথ্য পোহৰলৈ আহিছে ৷ নতুন দিল্লীৰ চেণ্টাৰ ফৰ চাইয়েন্স এণ্ড এনভাইৰমেন্টে চলোৱা এক সমীক্ষাত ধৰা পৰিছে যে, Biochemical Oxygen demand (BOD) এ প্ৰভাৱ পেলাইছে এই 60 খন নদীত ৷

CPCB found 60 river are  polluted in Northeast
কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ সমীক্ষাত ভয়ংকৰ তথ্য,প্ৰদূষণৰ গৰাহত উত্তৰ পূৰ্বাঞ্চলৰ 60 খন নদী

তেজপুৰ,25 ফেব্ৰুৱাৰীঃ কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ এক সমীক্ষাত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য ৷ মাৰাত্মক প্ৰদূষণৰ গৰাহত উত্তৰ পূৰ্বাঞ্চলৰ মুঠ 60 খন নদী ৷ ইয়াৰ ভিতৰত অসমৰ ভৰলু, বশিষ্ঠ, কলং, বকো আৰু কপিলী নৈৰ পানী প্ৰদূষিত হোৱাৰ তথ্য পোহৰলৈ আহিছে ৷ নতুন দিল্লীৰ চেণ্টাৰ ফৰ চাইয়েন্স এণ্ড এনভাইৰমেন্টে চলোৱা এক সমীক্ষাত ধৰা পৰিছে যে, Biochemical Oxygen demand (BOD) এ প্ৰভাৱ পেলাইছে এই 60 খন নদীত ৷ কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ তথ্যই প্ৰকাশ কৰা মতে এই প্ৰদূষণৰ কাৰকসমূহ হৈছে অবৈজ্ঞানিক পদ্ধতিৰে কৰা কয়লা মাইনিং, চহৰ অঞ্চলৰ কাষৰীয়া আৰু অসংৰক্ষিত ডাম্পিং ৷ যাৰ পৰিণতিস্বৰূপে অতিমাত্ৰা এচিড আৰু প্ৰদূষণে প্ৰভাৱ পেলাইছে নদীসমূহত ৷ এইপৰ্যন্ত ভাৰতবৰ্ষত মুঠ 351 খন নদী প্ৰচণ্ড প্ৰদূষণৰ কৱলত পৰিছে ৷

প্ৰদূষণৰ গৰাহত উত্তৰ পূৰ্বাঞ্চলৰ 60 খন নদী

উল্লেখ্য যে, অৰুণাচল প্ৰদেশ আৰু ছিক্কিম তুলনামূলকভাৱে কম প্ৰদূষিত আৰু পৰিস্কাৰ বুলি ঘোষণা কৰা হৈছে ৷ বিশেষকৈ অসম ,মেঘালয় আৰু নাগালেণ্ডৰ অতিমাত্ৰা প্ৰদূষণৰ কাৰণ হ’ল অবৈজ্ঞানিক কয়লা মাইনিং । ২০১৮ চনৰ নীতি আয়োগৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছিল যে পানী যোগান ধৰা তথ্য অনুসৰি প্ৰায় ৭০ % শতাংশ বিশুদ্ধ পানী কনতামেন্টেড আৰু প্ৰায় ৬০০ মিলিয়ন লোকে বেছিকৈ পানীৰ অভাৱত পৰে । আনহাতে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায় ৩০ % দেশীয় পানীৰ উৎসৰ কম বসতি স্থাপন কৰা অঞ্চলত থকা লোকেও যথেষ্ট পৰিমাণে পানীৰ অভাৱত পৰে বুলি সমীক্ষাত প্ৰকাশ পাইছিল ৷

লগতে পঢ়ক-অসমীয়া যুৱক-যুৱতীক স্বাৱলম্বী কৰাৰ ব্যতিক্ৰমী প্ৰয়াস হিন্দু সুৰক্ষা মঞ্চৰ

ABOUT THE AUTHOR

...view details