অসম

assam

শোণিতপুৰৰ ভালুকপুঙত হস্তনিৰ্মিত IED উদ্ধাৰ

By ETV Bharat Assamese Team

Published : Nov 28, 2023, 6:32 PM IST

শোণিতপুৰ জিলাৰ অসম অৰুণাচল প্ৰদেশৰ সীমান্ত ভালুকপুঙত সৃষ্টি হৈছে এক হুলস্থূলীয়া পৰিৱেশৰ ৷ কিয়নো শোণিতপুৰৰ ভালুকপুঙত উদ্ধাৰ কৰা হৈছে এটা হস্ত নিৰ্মিত বোমা ৷ লগতে শোণিতপুৰ আৰক্ষীয়ে এই বোমাকেইটাৰ লগতে আটক কৰে অনন্ত বৰা নামৰ এজন লোকক (Recover Handmade IED in Bhalukpong)৷

Assam Police Recover Handmade IED in Sonitpur Bhalukpong
হস্তনিৰ্মিত বোমাসহ অনন্ত বৰাক আটক

তেজপুৰ, ২৮ নৱেম্বৰ : হঠাতে শোণিতপুৰ জিলাৰ অসম অৰুণাচল প্ৰদেশৰ সীমান্ত ভালুকপুঙত সৃষ্টি হৈছে হৈ চৈ ৷ কিয়নো ভালুকপুং বজাৰৰ সমীপৰ পৰা উদ্ধাৰ হৈছে তিনিটাকৈ হস্তনিৰ্মিত বোমা । মঙলবাৰে শোণিতপুৰ আৰক্ষীৰ এক অভিযানত উদ্ধাৰ কৰা হৈছে এই হস্তনিৰ্মিত বোমা সদৃশ সামগ্ৰীসমূহ ।

শোণিতপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মাধুৰীমা দাসে সংবাদ মাধ্যমৰ আগত জনায় যে অসম-অৰুণাচল সীমান্তৰ ভালুকপুঙৰ অনন্ত বৰা নামৰ এজন ব্যক্তিৰ পৰা উদ্ধাৰ কৰা হৈছে এই হস্ত নিৰ্মিত বোমা কেইটা । শোণিতপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে উল্লেখ কৰা মতে, অনন্ত বৰাই বোমাকেইটা নিজে নিৰ্মাণ কৰিছিল ৷

হস্তনিৰ্মিত বোমাসহ অনন্ত বৰাক আটক

তথ্য অনুসৰি, লখিমপুৰ জিলাৰ নাওবৈছাৰ নিবাসী ধৃত অনন্ত বৰাই বিগত বহু বছৰ ধৰি ভালুকপুঙত এগৰাকী মহিলাৰ সৈতে বসবাস কৰি আহিছিল ৷ আৰক্ষীৰ প্ৰাৰম্ভিক অনুসন্ধানত জানিব পৰা মতে, ধৃত অনন্তই বহু দিন ধৰি পাৰিবাৰিক কন্দলত ভুগি আছিল ৷ সন্দেহ কৰা মতে, পৰিয়ালৰ সৈতে আত্মঘাটিৰ এক প্ৰচেষ্টা হাতত লৈছিল অনন্তই ৷ যাৰ বাবে তেওঁ এই বিস্ফোৰক সামগ্ৰীসমূহ গোটাই আছিল ।

ইফালে কেনেকৈ অনন্তই এই বোমা বনোৱা সামগ্ৰী একত্ৰিত কৰিছিল নে অনন্ত পূৰ্বতে কোনো উগ্ৰপন্থী গোটৰ লগত জড়িত আছিল, সেয়া এতিয়াও স্পষ্ট হোৱা নাই ৷ ঘটনাৰ সম্পূৰ্ণ তদন্তৰ পাচতহে সকলো তথ্য পোহৰলৈ আহিব বুলি উল্লেখ কৰে অতিৰিক্ত আৰক্ষী অধীক্ষক দাসে ৷

আনহাতে, এই বোমা উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ কাৰণ অনন্ত বৰাই বোমাকেইটা নিজে নিৰ্মাণ কৰা বুলি আৰক্ষী সূত্ৰত প্ৰকাশ পাইছে ৷

লগতে পঢ়ক :৬৫৬ গৰাকী SSB জোৱানৰ দীক্ষান্ত সমাৰোহ সম্পন্ন

ABOUT THE AUTHOR

...view details