অসম

assam

অসম আৰু অসমীয়াক ভূয়সী প্ৰশংসা অভিনেতা নীতিশ ভৰদ্বাজৰ

By ETV Bharat Assamese Team

Published : Nov 27, 2023, 12:37 PM IST

প্ৰথমটো দিনতে নলবাৰী ৰাস মহোৎসৱত ভক্তপ্ৰাণ ৰাইজৰ ভিৰত সৃষ্টি হ'ল উথপথপ পৰিৱেশৰ । হিন্দী ধাৰাবাহিক মহাভাৰতৰ শ্ৰী কৃষ্ণ খ্যাত নীতিশ ভৰদ্বাজে উদ্বোধন কৰিলে 90 সংখ্যক নলবাৰী ৰাস মহোৎসৱ । ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ভূয়সী প্ৰশংসা অভিনেতা তথা প্ৰাক্তন বিজেপি সাংসদ ভৰদ্বাজৰ । বদৰুদ্দিন আজমলৰ সাম্প্ৰদায়িক মন্তব্য সন্দৰ্ভতো প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া । দেশৰ ভূতপূৰ্ব প্ৰধানমন্ত্ৰী মনমোহন সিঙকো নাম উল্লেখ নকৰাকৈ অপ্ৰাসংগিকভাৱে কৰিলে সমালোচনা ।

nitish bharadwaj inaugurates the 90th Nalbari Raas Festival
90 সংখ্যক নলবাৰী ৰাস মহোৎসৱত অভিনেতা নীতিশ ভৰদ্বাজৰ

90 সংখ্যক নলবাৰী ৰাস মহোৎসৱত অভিনেতা নীতিশ ভৰদ্বাজ

নলবাৰী, 27 নৱেম্বৰ: ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নলবাৰীৰ পৱিত্ৰ শ্ৰী শ্ৰী হৰিমন্দিৰ বাকৰিতো দেওবাৰৰে পৰা আৰম্ভ হয় 90 সংখ্যক নলবাৰী ৰাস মহোৎসৱৰ । এই ৰাস মহোৎসৱৰ শুভ উদ্বোধন কৰে হিন্দী ধাৰাবাহিক 'মহাভাৰত' ত শ্ৰী কৃষ্ণ চৰিত্ৰৰ জৰিয়তে জনতাৰ হৃদয় জিনিবলৈ সক্ষম হোৱা প্ৰখ্যাত অভিনেতা নীতিশ ভৰদ্বাজে । ইয়াৰ পূৰ্বে অভিনেতাগৰাকীয়ে ৰাস মহোৎসৱ উদযাপন সমিতিৰ সভাপতি তথা মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, চন্দ্ৰমোহন পাটোৱাৰীৰ সৈতে গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ পৰা হৰি মন্দিৰ বাকৰিলৈ উলিওৱা এক বিশাল সাংস্কৃতিক শোভাযাত্ৰাত অংশ লয় ।

ৰাস উদ্বোধন কৰি অভিনেতাগৰাকীয়ে সংবাদ মাধ্যমৰ সমুখত অসমৰ প্ৰাকৃতিক সৌন্দৰ্যই তেওঁক মুগ্ধ কৰে বুলি মন্তব্য কৰে ৷ নলবাৰী ৰাস ৰাইজৰ লোক বিশ্বাস আৰু সাংস্কৃতিক পৰম্পৰা বুলি অভিহিত কৰে অভিনেতাজনে । আনহাতে, অসমৰ বিহু নৃত্যত তেওঁ‌ আপ্লুত হোৱা বুলি উল্লেখ কৰি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কলা-সংস্কৃতিৰে দেশক সংযুক্তকৰণত বিগত 50-60 বছৰত পূৰ্বৰ চৰকাৰ অসফল হোৱাৰ ফলত মুম্বাই, দিল্লী আদিৰ দৰে ঠাইত ইয়াৰ কলা-সংস্কৃতিৰ প্ৰভাৱ পৰা নাছিল বুলি প্ৰকাৰন্তৰে কংগ্ৰেছ দলটোক সমালোচনা কৰে । ইয়াৰোপৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰা দেখা গ'ল অভিনেতা তথা প্ৰাক্তন বিজেপি সাংসদগৰাকীক ।

হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰি ভৰদ্বাজে হিমন্ত বিশ্ব শৰ্মাই অসমত বহুত ভাল কাম কৰি আছে আৰু তেওঁৰ নেতৃত্বত অসম আগুৱাই যাব বুলি আশা প্ৰকাশ কৰে । 90 সংখ্যক ৰাস মহোৎসৱৰ এই উদ্বোধনী অনুষ্ঠানত অভিনেতাগৰাকীৰ উপৰিও অতিথি হিচাপে উপস্থিত আছিল শংকৰাচাৰ্য স্বামী অধ্যক্ষ জনানন্দ দেৱতীৰ্থ ।

লগতে পঢ়ক:ৰাস মহোৎসৱৰ প্ৰথমদিনাই লোকাৰণ্য ঐতিহ্যমণ্ডিত হৰিমন্দিৰৰ বাকৰি

ABOUT THE AUTHOR

...view details