ৰাস মহোৎসৱৰ প্ৰথমদিনাই লোকাৰণ্য ঐতিহ্যমণ্ডিত হৰিমন্দিৰৰ বাকৰি

By ETV Bharat Assamese Team

Published : Nov 27, 2023, 11:12 AM IST

thumbnail

নলবাৰী, 27 নৱেম্বৰ: নলবাৰীৰ পৱিত্ৰ শ্ৰীশ্ৰী হৰিমন্দিৰৰ বাকৰিত আৰম্ভ হ’ল 90 সংখ্যক ৰাস মহোৎসৱৰ । ৰাস মহোৎসৱৰ মুখ্য দ্বাৰ মুকলিৰ বাবে অতিথিক আদৰি অনা হ’ল বিশাল ধৰ্মীয় শোভাযাত্ৰাৰে । হৰিমন্দিৰত 13 দিনীয়াকৈ আয়োজন কৰা হৈছে এইবাৰৰ ৰাস মহোৎসৱৰ । 

90 সংখ্যক নলবাৰীৰ ৰাস মুকলি অনুষ্ঠানত উপস্থিত থাকে ধাৰাবাহিক মহাভাৰতৰ শ্ৰীকৃষ্ণ চৰিত্ৰত অভিনয় কৰা অভিনেতা নীতিশ ভৰদ্বাজ আৰু শংকৰাচাৰ্য অধ্যক্ষ জনানন্দ দেৱতীৰ্থ । ৰঙা ভিন্টেজ গাড়ী আৰু ৰথত উঠাই বিভিন্ন কলা সংস্কৃতিৰ প্ৰদৰ্শনেৰে বিশাল শোভাযাত্ৰাৰে দুয়োগৰাকী বিশিষ্ট ব্যক্তিক আদৰি অনা হয় হৰিমন্দিৰলৈ । দুয়োগৰাকী অতিথিক সংগ দিয়ে স্থানীয় বিধায়ক তথা ৰাস সমিতিৰ সভাপতি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, সাংসদ কুইন ওজা আৰু দিলীপ শইকীয়াই । 

ৰাসৰ প্ৰথম দিনাই হাজাৰ হাজাৰ লোকৰ সমাগমৰ মাজত ফিতা কাটি অনুষ্ঠানৰ শুভাৰম্ভ কৰে শংকৰাচাৰ্য অধ্যক্ষ জনানন্দ দেৱতীৰ্থ আৰু ৰাস মহোৎসৱৰ আনুষ্ঠানিকভাৱে মুকলি কৰে শ্ৰীকৃষ্ণ খ্যাত নীতিশ ভৰদ্বাজে ।

লগতে পঢ়ক: উত্তৰ কমলাবাৰী সত্ৰৰ ৰাসে আকৰ্ষণ কৰিছে হাজাৰ হাজাৰ দৰ্শকক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.