অসম

assam

Cattle smuggling in Nagaon : এইবাৰ গৰুৰ চোৰাং সৰবৰাহত নামিল শিক্ষক

By

Published : Apr 21, 2023, 8:14 PM IST

মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পিচতেই গৰুৰ চোৰাং সৰবৰাহৰ বিৰুদ্ধে তৎপৰ হৈছে নগাঁও আৰক্ষী (Illegal Cattle Smuggling)। নগাঁৱত জব্দ গৰুভৰ্তি এখন ট্ৰাক । চোৰাংভাৱে গৰু সৰবৰাহত জড়িত থকাৰ অভিযোগত নগাঁও আৰক্ষীয়ে আটক কৰে শিক্ষকক ৷

Cattle smuggling in Nagaon
নগাঁৱত জব্দ চোৰাংভাৱে সৰবৰাহ কৰা গৰুভৰ্তি ট্ৰাক

নগাঁৱত জব্দ চোৰাংভাৱে সৰবৰাহ কৰা গৰুভৰ্তি ট্ৰাক

নগাঁও, 21 এপ্ৰিল :গো সুৰক্ষা আইনক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা কঠোৰ হোৱাৰ পিচতেই অধিক তৎপৰ হৈ পৰিছে নগাঁও আৰক্ষীও (Cattle Smuggling in Assam) । চোৰাংভাৱে গৰু সৰবৰাহৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে অবিৰত অভিযান চলাই আহিছে (Illegal Cattle Smuggling) । বিগত কিছুদিন ধৰি বিভিন্ন অপৰাধৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে ৷ এইবাৰ গৰুৰ চোৰাং সৰবৰাহৰ বিৰুদ্ধে অভিযান চলাই নগাঁও আৰক্ষীয়ে লাভ কৰিছে বিশেষ সফলতা ।

শুকুৰবাৰে নগাঁৱৰ বৰঘাটৰ পৰা বৰঘাট আৰক্ষী চকীৰ আৰক্ষীৰ এটা দলে অভিযান চলাই চোৰাংভাৱে সৰবৰাহ কৰা গৰু ভৰ্তি এখন ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় (Nagaon police seized trucks carrying cattle) । জানিব পৰা মতে, ধেমাজিৰ পৰা বৰ্ণিহাটলৈ নি থকা হৈছিল জব্দকৃত গৰু ভৰ্তি বাহনখন (Police seized vehicle loaded with cattle) ৷ তেনেতে আৰক্ষীয়ে সন্দেহবশতঃ জব্দ কৰে চোৰাংভাৱে সৰবৰাহ কৰা গৰু ভৰ্তি বাহনখন ৷ জব্দকৃত ট্ৰাকখনৰ নম্বৰ হৈছে AS 01 FC 5047 ৷

লগতে পঢ়ক :Cattle smuggling: ডিব্ৰুগড়ৰ লাহোৱালত বাহনসহ গৰু জব্দ

লগতে নগাঁও আৰক্ষীয়ে সন্দেহবশতঃ আটক কৰে দক্ষিণ শালমৰাৰ এগৰাকী শিক্ষকক ৷ নাম হজৰৎ আলী আহমেদ ৷ অভিযোগ অনুসৰি, শিক্ষক হজৰৎ আলী আহমেদৰ নেতৃত্বতে চোৰাংভাৱে গৰু সৰবৰাহ কৰা হৈছিল (Cattle smuggling in Nagaon) ৷

অভিযুক্ত শিক্ষক হজৰৎ আলী আহমেদৰ লগতে বৰঘাট আৰক্ষীয়ে আটক কৰে মঞ্জিল হুছেইন, আলিমুদ্দিন আৰু জীয়ানুৰ হক নামৰ লোক কেইজনক ৷ আটকাধীন শিক্ষক হজৰত আলী দক্ষিণ শালমৰা বুছাকাটা এলপি স্কুলৰ শিক্ষক বুলি জানিব পৰা গৈছে ।

উল্লেখযোগ্য যে, এই বাতৰি যুগুত কৰা সময়লৈকে জব্দকৃত চোৰাংভাৱে সৰবৰাহ কৰা গৰুৰ কোনো বৈধ নথি-পত্ৰ আৰক্ষীৰ ওচৰত দাখিল কৰিব পৰা নাই বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :Heroine seized : কোটি টকাৰ হেৰʼইনসহ আৰক্ষীৰ জিম্মাত দুই সৰবৰাহকাৰী

ABOUT THE AUTHOR

...view details