Heroine seized : কোটি টকাৰ হেৰʼইনসহ আৰক্ষীৰ জিম্মাত দুই সৰবৰাহকাৰী

By

Published : Apr 19, 2023, 10:55 PM IST

thumbnail

ডিফু, 19 এপ্ৰিল : বুধবাৰৰ বিয়লি অসম-নাগালেণ্ড সীমান্তৱৰ্তী লাহৰীজানত আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ হেৰʼইনসহ এখন বাহন জব্দ কৰাৰ লগতে দুটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । প্ৰাপ্ত তথ্য অনুসৰি, এক গোপন সূত্ৰে লাভ কৰা তথ্যৰ ভিত্তিত বুধবাৰে বিয়লি ডিলাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া, লাহৰীজান টহলদাৰী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত আৰক্ষী আৰু চি আৰ পি এফৰ এটা যুটীয়া বাহিনীয়ে লাহৰীজান টহলদাৰী চকীৰ সন্মুখত তালাচী অভিযান চলায় । 

উক্ত অভিযানৰ সময়তে বিয়লি প্ৰায় চাৰি বজাত অভিযানকাৰী দলটোৱে এএছ-১১-ডিচি-৪৩৫০ নম্বৰৰ টাটা ডি আই বাহনখনত তালাচী চলাই ৪৫ টা‌ চাবোনৰ বাকচত লুকুৱাই অনা অৱস্থাত ৫২৯.৩৬ গ্ৰাম হেৰʼইন জব্দ কৰিবলৈ সক্ষম হয় (Heroine seized in Karbi Anglong) । 

বাহনখনৰ স্পেয়াৰ টায়াৰৰ ভিতৰত কৌশলেৰে লুকুৱাই হেৰʼইনখিনি সৰবৰাহৰ চেষ্টা কৰিছিল সৰবৰাহকাৰীকেইজনে । এই সন্দৰ্ভত আৰক্ষীয়ে দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ধৃত সৰবৰাহকাৰীকেইটা ক্ৰমে মণিপুৰৰ ইম্ফল ৱেষ্ট জিলাৰ ৱাংগই হিয়ানথাংপাল্লাক নিবাসী টি এইচ ববী (২১) আৰু পুষম আব্দুল হাচিম (২৬) বুলি চিনাক্ত কৰা হৈছে (2 drugs peddler arrested at Diphu) ।

লগতে পঢ়ক :  Karnataka Election 2023: ষ্টাৰ কেম্পেইনাৰ হিচাপে প্ৰচাৰ চলাব হিমন্ত বিশ্ব শৰ্মাই; তালিকাত নাম নাই সৰ্বানন্দ সোণোৱালৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.