অসম

assam

Junmoni Rabha accident case:নগাঁও পৰিবহন বিভাগৰ কাৰ্যালয়ত চি আই ডিৰ দল

By

Published : Jun 1, 2023, 7:28 PM IST

অসম আৰক্ষীৰ অনুসন্ধান শাখাৰ দলটো পৰিবহন বিভাগৰ নগাঁৱৰ কাৰ্যালয়ত উপস্থিত হৈ সাক্ষাৎ কৰে জিলা পৰিবহন বিষয়াক। এছ আই জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ তথ্য সংগ্ৰহৰ বাবে উপস্থিত হয় দলটো (SI Junmoni Rabha accident case)।

SI Junmoni Rabha accident case
অসম আৰক্ষীৰ অনুসন্ধান শাখা

অসম আৰক্ষীৰ অনুসন্ধান শাখা

নগাঁও , ১ জুন:অসম আৰক্ষীৰ উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যু বিতৰ্কক লৈ আজিও বিভিন্ন মহলত চর্চা অব্যাহত । ৰাজ্যজুৰি চর্চা অব্যাহত থকাৰ সমান্তৰালকৈ এছ আই জোনমণি ৰাভাৰ মৃত্যুক লৈ সৃষ্টি হোৱা ৰহস্য ফাদিল কৰিবলৈ অসম আৰক্ষীৰ অনুসন্ধান শাখা চি আই ডিয়ে অব্যাহত ৰাখিছে অনুসন্ধান । বৃহস্পতিবাৰে চি আই ডিৰ দলটো নগাঁও জিলা পৰিবহন বিভাগৰ কাৰ্য্যালয়ত উপস্থিত হয় (CID at Nagaon DTO) । এছ আই জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ তথ্য সংগ্ৰহ কৰাৰ বাবে চি আই ডিৰ দলটোৱে জিলা পৰিবহন বিষয়াক সাক্ষাৎ কৰে (Junmoni Rabha accident case)।

বিগত ১৫ মে'ৰ মাজনিশা নগাঁৱৰ জখলাবন্ধাত এক পথ দুৰ্ঘটনাত মৃত্যু হোৱা অৱস্থাত উদ্ধাৰ হৈছিল নগাঁৱৰ মৰিকলং আৰক্ষী চকীৰ তদানীন্তন ভাৰপ্ৰাপ্ত বিষয়া জোনমণি ৰাভাৰ মৃতদেহ । তাৰ পিচৰ পৰাই জোনমণি ৰাভাৰ মৃত্যুক লৈ সৃষ্টি হৈছিল ৰহস্যৰ । এছ আই জোনমণি ৰাভাৰ মৃত্যু কোনেও মানি ল'ব পৰা নাই সহজভাৱে । জোনমণি ৰাভাৰ মৃত্যু এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ উত্থাপন কৰি জনাইছিল উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী । আনকি নগাঁৱৰ সেই সময়ৰ আৰক্ষী অধীক্ষক লীনা দ’লে, অ' চি মনোজ ৰাজবংশীসহ কেইবাজনো আৰক্ষী বিষয়াৰ নাম উল্লেখ কৰি জখলাবন্ধা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল জোনমণি ৰাভাৰ মাতৃ সুমিত্ৰা ৰাভাই ।

একে সময়তে অসম আৰক্ষীৰ অনুসন্ধান শাখা চি আই ডিয়েও আৰম্ভ কৰে এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত । লগতে জোনমণি ৰাভাৰ পৰিয়াল তথা বিভিন্ন মহলৰ দাবীত জোনমণি ৰাভাৰ মৃত্যুৰ চি বি আই তদন্ত ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । ইপিনে, ১৬ মে'ৰ পৰাই অনুসন্ধান আৰম্ভ কৰা অসম আৰক্ষীৰ অনুসন্ধান শাখাই পূৰ্ণ গতিত অব্যাহত ৰাখিছে তদন্ত ।

চি আই ডিৰ আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাৰ নেতৃত্বত চি এই ডিৰ দলটোৱে এই পৰ্যন্ত লাভ কৰিছে বহু তথ্য । তদন্ত প্ৰক্ৰিয়া পৰ্যবেক্ষণ কৰি আছে খোদ চি আই ডিৰ মহাপৰিদর্শক দেৱৰাজ উপাধ্যায়ে । অতি কম সময়ৰ ভিতৰত চি আই ডিৰ তদন্তৰ প্ৰতিবেদন দাখিল কৰাৰ সম্ভাৱনা আছে বুলি এক বিশেষ সূত্ৰে জানিব পৰা গৈছে ।

লগতে পঢ়ক:Assam Meghalaya border conflict: মেঘালয়ৰ সৈতে সীমা বিবাদ নিষ্পত্তিৰ ক্ষেত্ৰত কোনো পদক্ষেপ লোৱা নাই পীযুষ হাজৰীকা নেতৃত্বাধীন সমিতিয়ে

ABOUT THE AUTHOR

...view details