ETV Bharat / state

Assam Meghalaya border conflict: মেঘালয়ৰ সৈতে সীমা বিবাদ নিষ্পত্তিৰ ক্ষেত্ৰত কোনো পদক্ষেপ লোৱা নাই পীযুষ হাজৰীকা নেতৃত্বাধীন সমিতিয়ে

author img

By

Published : Jun 1, 2023, 5:40 PM IST

Assam Meghalaya border conflict
Assam Meghalaya border conflict

অসম-মেঘালয়ৰ মাজত দীৰ্ঘদিনে চলি থকা সীমা বিবাদৰ স্থায়ী সমাধানৰ বাবে দুয়োখন ৰাজ্যৰ চৰকাৰে অব্যাহত ৰাখিছে প্ৰচেষ্টা ৷ কিন্তু ইয়াৰ পাচতো অন্ত পৰা নাই বিবাদ ৷ বিশেষকৈ পশ্চিম কাৰ্বি আংলং জিলাৰ ব্লক ১ আৰু ব্লক ২ কলৈ অব্যাহত আছে বিবাদ ৷

মেঘালয়ৰ সৈতে সীমা বিবাদ নিষ্পত্তিৰ ক্ষেত্ৰত কোনো পদক্ষেপ লোৱা নাই পীযুষ হাজৰীকা নেতৃত্বাধীন সমিতিয়ে

ডিফু, 1 জুন: অসম-মেঘালয় সীমান্তৰ পশ্চিম কাৰ্বি আংলং জিলাৰ ব্লক ১ আৰু ব্লক ২ ক লৈ দুয়োখন ৰাজ্যৰ মাজৰ বিবাদ দীৰ্ঘদিনৰ ৷ মেঘালয় ৰাজ্য ঘোষণা কৰাৰ পিচৰে পৰা মেঘালয়ে এই এলেকা তেওঁলোকৰ বুলি দাবী কৰি আহিছে ৷ কিন্তু ১৯৫১ চনত কাৰ্বি আংলং জিলা গঠন হোৱাৰ সময়ৰে পৰা এই এলেকা কাৰ্বি আংলং জিলাৰ অন্তৰ্গত ৷ দুয়ো ৰাজ্যৰ মাজত আছে প্ৰাকৃতিক সীমা ৷ কিন্তু ইয়াৰ পিচতো মেঘালয়ে দাবী কৰি আহিছে ব্লক ১ আৰু ব্লক ২ (Assam Meghalaya border issue) ৷

শেহতীয়াকৈ দুয়ো ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু কনৰাড চাংমাই দুয়ো ৰাজ্যৰ সীমাৰ ১২ টা স্থানৰ বিবাদ আলোচনাৰে সমাধানৰ দিশত আগবাঢ়িছে ৷ ইতিমধ্যে ২০২২ চনৰ মাৰ্চ মাহত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ উপস্থিতিত ৬ টা বিবদমান স্থানৰ বিবাদ নিষ্পত্তি কৰি চুক্তি কৰিছে ৷ এতিয়া দুয়োৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে আন ছটা স্থানৰ বিবাদ জুন মাহৰ ভিতৰত নিষ্পত্তি কৰাৰ দিশত আগবাঢ়িছে (Assam Meghalaya border dispute) ৷

ইয়াৰ ভিতৰত ব্লক ১ আৰু ব্লক ২য়ো আছে ৷ এই এলেকাৰ বিবাদক লৈ ৰাইজৰ লগত কথা পাতিবলৈ মন্ত্ৰী পীযুয হাজৰীকাৰ নেতৃত্বত পৰিষদৰ সদস্য কেইগৰাকীমানক লৈ এখন সমিতি কৰি দিছে ৷ কিন্তু এই সমিতিৰ এখনো সভা অনুষ্ঠিত নোহোৱা অভিযোগ উত্থাপন হৈছে ৷ এই সমিতিয়ে ভ্ৰমণ কৰা নাই সীমান্ত অঞ্চলো ৷

উল্লেখ্য যে ২০২২ চনৰ এপ্ৰিলত মাহত ঘটনা সংঘটিত হোৱাৰ পৰা এতিয়ালৈকে সীমান্তত বিক্ষিপ্ত ঘটনা ঘটিয়েই আছে ৷ বুধবাৰে ডিফুৰ জিলা প্ৰেছ ক্লাৱত জইন্ট একচন কমিটি ফৰ প্ৰটেক্ট অটনমি নামৰ সংগঠনটোৱে এক সংবাদমেলৰ আয়োজন কৰে ৷ সংবাদমেলত সংগঠনটোৰ আহ্বায়ক খৰছিং টেৰণে কয়, ‘‘মুখ্যমন্ত্ৰীয়ে কাৰ্বি আংলঙৰ জনতাৰ মতামত লৈ সীমা বিবাদ মীমাংসা কৰাৰ আশ্বাস দিছিল ৷ সকলো সংগঠনৰ লগত বহি আলোচনা কৰাৰ সময় নাই বুলি উল্লেখ কৰি মন্ত্ৰী পীষুয হাজৰিকাৰ নেতৃত্বত সমিতি কৰি দিছিল ৷ কিন্তু এই সমিতিয়ে কোনো দল-সংগঠনৰ লগত আলোচনা কৰা নাই ৷’’

যদি তেওঁলোকে কাৰ্বি আংলঙৰ জনতাক আস্থাত নলয় তেন্তে কিয় এই সমিতি গঠন কৰিছে বুলি তেওঁ প্ৰশ্ন কৰে ৷ কাৰ্বি আংলঙৰ এক ইঞ্চি মাটিও এৰি দিয়া নহ’ব বুলি কোৱা মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে এতিয়া তাক কাৰ্যকৰী কৰক বুলিও দাবী উত্থাপন কৰে ৷ আনহাতে পীযুষ হাজৰীকাৰ নেতৃত্বত গঠন কৰা কমিটীৰ কোনো গুৰুত্ব নাই বুলি উল্লেখ কৰি কিমিটীৰ নেতাসকলে পদত্য়াগ কৰক বুলিও কয় নেতাগৰাকীয়ে ৷

লগতে পঢ়ক: Mira Borthakur: মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ মীৰা বৰঠাকুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.