ETV Bharat / state

Mira Borthakur: মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ মীৰা বৰঠাকুৰ

author img

By

Published : Jun 1, 2023, 3:41 PM IST

বৃহস্পতিবাৰে এক সংবাদমেল সম্বোধন কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিল অসম মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ ৷ ব্ৰীজ ভূষণ শৰণ সিঙক বিজেপি চৰকাৰে ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপন কৰাৰ লগতে জোনমণি ৰাভাৰ মৃত্যুক লৈ চৰকাৰে গ্ৰহণ কৰা স্থিতিকলৈয়ো প্ৰতিক্ৰিয়া প্ৰকাশ কংগ্ৰেছৰ নেত্ৰীগৰাকীৰ (APCC leader Mira Borthakur) ৷

Mira Borthakur
Mira Borthakur

Mira Borthakur

গুৱাহাটী,১ জুন: প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী চৰকাৰৰ ‘বেটী বচাও, বেটী পঢ়াও’ শ্ল’গান প্ৰকৃততে প্ৰহসনত পৰিণত হৈছে । এই মন্তব্য প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্রী মীৰা বৰঠাকুৰ গোস্বামীৰ । বৃহস্পতিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি তেওঁ প্ৰতিবাদ কৰি থকা দেশৰ তাৰকা মহিলা মল্লযোদ্ধাসকলক মোদী চৰকাৰে কৰা অপমানৰ বিৰুদ্ধে সৰৱ হৈ পৰে (Dehli Wrestler protest) ।

তেওঁ কয় যে বিজেপিৰ সাংসদ ব্ৰীজ ভূষণ শৰণ সিঙক (Brij Bhushan Sharan Singh) ৰক্ষণাবেক্ষণ দিবলৈ গৈ দেশৰ তাৰকা খেলুৱৈসকলক অপমানিত কৰা কাৰ্যক কেতিয়াও সহ্য কৰা নহ’ব । দেশৰ প্ৰতিখন ৰাজ্যতে আজি মহিলা কংগ্ৰেছে সংবাদমেল সম্বোধন কৰি বিজেপি চৰকাৰক গৰিহণা দিয়াৰ লগতে ধিক্কাৰ দিছে । লগতে সাংসদ ব্ৰীজ ভূষণ শৰণ সিঙক শীঘ্ৰে আইনৰ আওতালৈ আনি গ্ৰেপ্তাৰ কৰাৰ বাবে দাবী জনোৱা হৈছে ।

মীৰা বৰঠাকুৰে কয় যে দেশৰ তাৰকা মল্লযোদ্ধাসকলে এমাহ ধৰি ন্যায়ৰ বাবে প্ৰতিবাদ কৰি আহিছে যদিও নৰেন্দ্ৰ মোদী চৰকাৰে কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাটো চৰম পৰিতাপৰ বিষয় । তেওঁ কয় যে বিজেপিয়ে কেৱল মল্লযোদ্ধা সকলকেই নহয় সমগ্ৰ নাৰী জাতিটোকে অপমানিত কৰিছে ।

আনহাতে এছ আই জোনমণি ৰাভাৰ মৃত্যু (SI Junmoni Rabha death case) সন্দৰ্ভত তেওঁ কয় যে চৰকাৰীভাৱে এতিয়ালৈকে কোনো এজন বিষয়া নাইবা মন্ত্রীয়ে জোনমণি ৰাভাৰ ঘৰলৈ গৈ খবৰ লোৱা নাই । ইয়াৰ বিপৰীতে জালুকবাৰীত সংঘটিত হোৱা দুৰ্ঘটনাৰ ক্ষেত্রত দিল্লীৰ পৰা ফৰেনছিকৰ বিশেষজ্ঞৰ দল অহাৰ উপৰি মুখ্যমন্ত্রীয়ে নিজে গৈ পৰিস্থিতিৰ বুজ লৈছে (AEC students accident) । সেয়া ভাল কথা বুলি সদৰী কৰি তেওঁ কয় যে জোনমণি ৰাভাৰ মৃত্যুৰ পাচত কিয় এনেদৰে তৎপৰতা অৱলম্বন কৰা নহ'ল । কিয় গোটেই বিষয়টোত ৰহস্যজনক স্থিতি গ্ৰহণ কৰা হৈছে বুলি তেওঁ প্ৰশ্ন কৰে ।

আনহাতে গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা কিয় এই বিষয়ত নিমাত হৈ আছে বুলিও তেওঁ উল্লেখ কৰে । সংবাদমেলত তেওঁ চৰকাৰে চাকৰি দিয়াৰ নামত মেলা পতা আৰু বিজ্ঞাপন চপোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । তেওঁ কয় যে বিজেপি চৰকাৰৰ বিগত সাত বছৰীয়া কাৰ্যকালত এক লাখৰো অধিক পদ খালী হৈ আছে । চৰকাৰে নতুন পদ সৃষ্টি কৰি চাকৰি দিয়া নাই বুলি তেওঁ উল্লেখ কৰে ।

লগতে তেওঁ অসম ৰাজ্যিক পৰিবহন নিগমৰ ৭৭১ গৰাকী কৰ্মচাৰীক চাকৰিৰ পৰা বুধবাৰে বৰ্খাস্ত কৰা সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে (ASTC employee fired) । আনহাতে খাৰঘূলিৰ জলবিস্ফোৰণৰ ঘটনা সন্দৰ্ভত তেওঁ কয় যে গেমন দেশৰ অন্য ঠাইত ব্লেক লিষ্টেড কোম্পানী । যিটো কোম্পানীৰ পাইপ ফুটি এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ লগতে বহু পৰিয়াল সৰ্বহাৰা হ’ল । গৃহহীন হোৱা লোকসকলক গেমন ইণ্ডিয়াই ক্ষতিপূৰণ দিব নে নাই বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰি মুখ্যমন্ত্রীৰ পৰা ইয়াৰ উত্তৰ বিচাৰে (Kharguli water pipe bursts)।

অতিৰিক্ত ৩৬,১৭১ কোটি টকা কৰ সংগ্ৰহৰ বাবে বিত্ত বিভাগে ছটা বিভাগক দায়িত্ব দিয়া বিষয় সন্দৰ্ভত তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে মোকলাই দিবলগীয়া ধন অসমে লাভ নকৰাৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰে পুনৰ ৰাইজৰ ওপৰত কৰৰ বোজা জাপি দিছে । বৰ্তমান সময়ত ৰাজ্যৰ প্ৰতিজন লোকৰ ওপৰত ৩৭ হাজাৰ টকাৰ কৰৰ বোজা আছে বুলি তেওঁ কয় । তেওঁ লগতে কয় যে আন্তঃগাঁথনি নথকাৰ বাবে নেচনেল মেডিকেল কাউন্সিলে অসম মেডিকেল কলেজ, গুৱাহাটী মেডিকেল কলেজ আৰু বৰপেটা মেডিকেল কলেজৰ স্বীকৃতি বাতিলৰ বাবে জাননী জাৰি কৰিছে । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা সুদীৰ্ঘ সময় শিক্ষা বিভাগত থাকি বিভাগটো ধ্বংস কৰিলে আৰু সেইদৰে স্বাস্থ্য বিভাগত থাকি স্বাস্থ্য বিভাগটো ধ্বংস কৰিলে ।

এতিয়া মুখ্যমন্ত্রী হিচাবে ডঃ শৰ্মাই ধাৰত পোত গৈ ৰাজ্যখনক অন্ধকাৰৰ দিশলৈ লৈ গৈছে বুলি মীৰা বৰঠাকুৰে সংবাদমেলত উল্লেখ কৰে (Assam govt in Debt)। তেওঁ মুখ্যমন্ত্রীক নিজৰ ব্যৰ্থতা স্বীকাৰ কৰাৰ বাবে আহ্বান জনায় । আনহাতে অসমত থকা হিন্দু বাঙালীসকলৰ প্ৰসংগত বাৰে বাৰে কিয় বিভ্ৰান্তিকৰ কথা কোৱা হয় বুলি তেওঁ প্ৰশ্ন কৰে । তেওঁ মুখ্যমন্ত্রীক হিন্দু-মুছলমানৰ ৰাজনীতি নকৰিবলৈ আহ্বান জনায় ।

লগতে পঢক: FlyBig flight : গুৱাহাটী আৰু শিলচৰৰ মাজত আৰম্ভ হ'ল ফ্লাইবিগৰ বিমান সেৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.