অসম

assam

Mann Ki Baat : প্ৰধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠান শুনিবলৈ লংকাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

By ETV Bharat Assamese Team

Published : Oct 29, 2023, 11:00 AM IST

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে মাহেকীয়া ৰেডিঅ’ অনুষ্ঠান ‘‘মান কী বাত’’ত অংশগ্ৰহণ কৰিব । হোজাই জিলাৰ লংকাৰ ঐতিহ্যমণ্ডিত লংকা লংকেশ্বৰী মন্দিৰত আয়োজিত কৰা ‘মন কী বাত’ ৰেডিঅ’ অনুষ্ঠানৰ বাবে লংকালৈ ৰাওনা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷

Mann Ki Baat
প্ৰধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠান শুনিবলৈ লংকাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

প্ৰধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠান শুনিবলৈ লংকাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

হোজাই, 29 অক্টোবৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 106 সংখ্যক খণ্ড ‘মন কী বাত’ অনুষ্ঠানৰ বাবে লংকালৈ ৰাওনা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ হোজাই জিলাৰ লংকাৰ ঐতিহ্যমণ্ডিত লংকা লংকেশ্বৰী মন্দিৰত আয়োজিত কৰা ‘মন কী বাত’ ৰেডিঅ’ অনুষ্ঠানৰ 106 খণ্ডটো হোজাইৰ 281 বুথত দলৰ সদস্যৰ সৈতে শুনিবলৈ আজি দিনৰ 11 বজাত লংকাত উপস্থিত হ’বহি মুখ্যমন্ত্ৰীগৰাকী ৷

ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীৰ লগত একেলগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 106 সংখ্যক খণ্ড ‘মন কী বাত’ অনুষ্ঠান শুনিবলৈ হোজাই জিলাৰ বহু সংখ্যাকলোক পুৱাৰে পৰা আহি লংকা লংকেশ্বৰী মন্দিৰৰ প্ৰাংগনত উপস্থিত হৈছেহি । লংকাৰ নিচিনা সৰু এখন চহৰত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাইজৰ লগত একেলগে অনুষ্ঠান শুনিবলৈ অহাৰ বাবে হোজাইবাসী ৰাইজ উৎফুল্লিত হৈ পৰিছে ।

লক্ষণীয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে মাহেকীয়া ৰেডিঅ’ অনুষ্ঠান ‘‘মান কী বাত’’ত অংশগ্ৰহণ কৰিব । এয়া প্ৰধানমন্ত্ৰী মোদীৰ মান কী বাত অনুষ্ঠানৰ 106 সংখ্যক খণ্ড । এই মাহত মান কী বাত অনুষ্ঠানে সম্পূৰ্ণ কৰিলে 9 বছৰ ।এই অনুষ্ঠানটো অল ইণ্ডিয়া ৰেডিঅ’, দূৰদৰ্শনৰ লগতে ভাৰত চৰকাৰৰ সকলো ডিজিটেল প্লেটফৰ্মতে শুনা যায় । মন কী বাত অনুষ্ঠানৰ শেষ খণ্ডটো আহিছিল 24 ছেপ্টেম্বৰত । য’ত প্ৰধানমন্ত্ৰী মোদীয়ে চন্দ্ৰযান, জি-২০ আৰু জাৰ্মানীৰ 21 বছৰীয়া অন্ধ কাছমীৰ ভাৰতীয় সংগীতৰ প্ৰতি থকা প্ৰেম আৰু অন্যান্য বিষয়ৰ উল্লেখ কৰিছিল ।

21 অক্টোবৰত মন কী বাত কাৰ্যসূচী সম্পৰ্কে তথ্য সদৰী কৰাৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ প্ৰসন্নতা প্ৰকাশ কৰিছিল । Xৰ এটা পোষ্টৰ জৰিয়তে তেওঁ কৈছিল যে তেওঁৰ মাহেকীয়া ৰেডিঅ’ অনুষ্ঠানত বিস্তৃত গৱেষণা চলি আছে । ‘Igniting Collective Goodness’ নামৰ গ্ৰন্থখনৰ উদ্ধৃতি দি তেওঁ কয় যে মান কী বাত অনুষ্ঠানে সামাজিক পৰিৱৰ্তন অনাৰ এক মাধ্যমত পৰিণত হৈছে ।

2014 চনৰ 3 অক্টোবৰত আৰম্ভ হোৱাৰ পৰাই এই কাৰ্যসূচী কৃষক, যুৱক-যুৱতী, আৰু মহিলাৰ দৰে বিভিন্ন সামাজিক গোটৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷ এই অনুষ্ঠানে সকলো প্ৰকাৰৰ ৰাইজক অনুপ্ৰাণিত কৰি আহিছে ।

লগতে পঢ়ক:106th episode of Mann Ki Baat : আজি সম্প্ৰচাৰিত হ’ব প্ৰধানমন্ত্ৰী মোদীৰ ১০৬ সংখ্যক মান কী বাত অনুষ্ঠান

ABOUT THE AUTHOR

...view details