ETV Bharat / bharat

106th episode of Mann Ki Baat : আজি সম্প্ৰচাৰিত হ’ব প্ৰধানমন্ত্ৰী মোদীৰ ১০৬ সংখ্যক মন কী বাত অনুষ্ঠান

author img

By ETV Bharat Assamese Team

Published : Oct 29, 2023, 8:01 AM IST

Updated : Oct 29, 2023, 11:20 AM IST

106th episode of Mann Ki Baat
মোদীৰ ১০৬ সংখ্যক মন কী বাত অনুষ্ঠান

আজি দিনৰ ১১ বজাত সম্প্ৰচাৰ হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাহেকীয়া ৰেডিঅ’ অনুষ্ঠান ‘‘মন কী বাত’’ ৷ মাহত মন কী বাত অনুষ্ঠানে সম্পূৰ্ণ কৰিলে ৯ বছৰ । আজি মান কী বাত অনুষ্ঠানৰ ১০৬ সংখ্যক খণ্ড সম্প্ৰচাৰিত হ’ব ৷

নেশ্যনেল ডেস্ক, ২৯ অক্টোবৰ : আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ মাহেকীয়া ৰেডিঅ’ অনুষ্ঠান ‘‘মন কী বাত’’ত অংশগ্ৰহণ কৰিব । এয়া প্ৰধানমন্ত্ৰী মোদীৰ মন কী বাত অনুষ্ঠানৰ ১০৬ সংখ্যক খণ্ড । এই মাহত মন কী বাত অনুষ্ঠানে সম্পূৰ্ণ কৰিলে ৯ বছৰ ।

এই অনুষ্ঠানটো অল ইণ্ডিয়া ৰেডিঅ’, দূৰদৰ্শনৰ লগতে ভাৰত চৰকাৰৰ সকলো ডিজিটেল প্লেটফৰ্মতে শুনা যায় । মন কী বাত অনুষ্ঠানৰ শেষ খণ্ডটো আহিছিল ২৪ ছেপ্টেম্বৰত । য’ত প্ৰধানমন্ত্ৰী মোদীয়ে চন্দ্ৰযান, জি-২০ আৰু জাৰ্মানীৰ ২১ বছৰীয়া অন্ধ কাছমীৰ ভাৰতীয় সংগীতৰ প্ৰতি থকা প্ৰেম আৰু অন্যান্য বিষয়ৰ উল্লেখ কৰিছিল ।

২১ অক্টোবৰত মন কী বাত কাৰ্যসূচী সম্পৰ্কে তথ্য সদৰী কৰাৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ প্ৰসন্নতা প্ৰকাশ কৰিছিল । X ৰ এটা পোষ্টৰ জৰিয়তে তেওঁ কৈছিল যে তেওঁৰ মাহেকীয়া ৰেডিঅ’ অনুষ্ঠানত বিস্তৃত গৱেষণা চলি আছে । ‘Igniting Collective Goodness’ নামৰ গ্ৰন্থখনৰ উদ্ধৃতি দি তেওঁ কয় যে মান কী বাত অনুষ্ঠানে সামাজিক পৰিৱৰ্তন অনাৰ এক মাধ্যমত পৰিণত হৈছে ।

  • I am happy that several people over the years have undertaken extensive research on #MannKiBaat and shared their insightful findings with people. Another such effort is the book ‘Igniting Collective Goodness’ by @BlueKraft, which chronicles how this programme has become a means…

    — Narendra Modi (@narendramodi) October 21, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

প্ৰধানমন্ত্ৰীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম X ত পোষ্ট কৰিছিল যে মই সুখী যে যোৱা কেইবছৰমানৰ পৰা বহুতে ‘মন কি বাত’ৰ ওপৰত বিস্তৃত গৱেষণা কৰিছে । তেওঁৰ গভীৰ তথ্যসমূহ মানুহৰ সৈতে শ্বেয়াৰ কৰিছে । এনেধৰণৰ আন এক প্ৰচেষ্টা হ’ল ব্লুক্ৰাফ্ট ডিজিটেল ফাউণ্ডেশ্যনৰ ‘ইগনিটিং কালেকটিভ গুডনেছ’ নামৰ গ্ৰন্থখন, য’ত এই কাৰ্যসূচী কেনেকৈ সামাজিক পৰিৱৰ্তনৰ বাহন হৈ পৰিছে, সেই বিষয়ে ব্যাখ্যা কৰা হৈছে । তেওঁৰ পোষ্টৰ লগতে তেওঁ mkb100book.in ৰ লিংকটো শ্বেয়াৰ কৰে, ক’ৰ পৰা এই কিতাপখন ক্ৰয় কৰিব পৰা যায় ।

মন কী বাতৰ প্ৰথম খণ্ড আৰম্ভ হৈছিল ২০১৪ চনৰ ৩ অক্টোবৰৰ পৰা । এই অনুষ্ঠানৰ ১০০ সংখ্যক খণ্ড চলিত বৰ্ষৰ ৩০ এপ্ৰিলত সম্প্ৰচাৰিত হৈছিল । এই অনুষ্ঠানটো ২৩ টা ভাষা আৰু ২৯ টা উপভাষাত সম্প্ৰচাৰিত হয় । আনকি এই অনুষ্ঠানটোও ফৰাচী, পেষ্টো (Pashto), চীনাকে ধৰি ১১টা বিদেশী ভাষাত শুনা যায় ।

লগতে পঢ়ক : Mann Ki Baat : হোজাইবাসীৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ মন কী বাত অনুষ্ঠান শুনিব মুখ্যমন্ত্ৰী শৰ্মাই

Last Updated :Oct 29, 2023, 11:20 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.