Mann Ki Baat : হোজাইবাসীৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ মন কী বাত অনুষ্ঠান শুনিব মুখ্যমন্ত্ৰী শৰ্মাই

By ETV Bharat Assamese Team

Published : Oct 28, 2023, 12:37 PM IST

Updated : Oct 28, 2023, 1:26 PM IST

thumbnail

হোজাই, ২৮ অক্টোবৰ : দেওবাৰে সম্প্ৰচাৰ হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ১০৬ সংখ্যক ‘‘মন কী বাত’’ অনুষ্ঠান ৷ প্ৰধানমন্ত্ৰী মোদীৰ মন কী বাত অনুষ্ঠানৰ ১০৬ খণ্ডটো শুনিবলৈ হোজাইলৈ আহিব মুখম্যন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ মুখ্যমন্ত্ৰী শৰ্মাই দেওবাৰে হোজাইৰ ২৮১ বুথত দলৰ সদস্যৰ সৈতে শুনিব প্ৰধানমন্ত্ৰী মোদীৰ মন কী বাত অনুষ্ঠান ৷

হোজাইলৈ মুখ্যমন্ত্ৰীৰ আগমনৰ পূৰ্বে অৰ্থাৎ শুক্ৰবাৰে বিয়লি লংকা লংকেশ্বৰী মন্দিৰ প্ৰাংগণত উপস্থিত হয় হোজাই সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষ, হোজাই আৰক্ষী অধীক্ষকসহ প্ৰশাসনৰ এটি দল ৷ এই দলটোৱে সকলো দিশ তন্নতন্নকৈ পৰীক্ষা কৰে ৷

উল্লেখ্য যে, ২০১৪ চনৰ ৩ অক্টোবৰৰ পৰা আৰম্ভ হৈছিল মন কী বাত অনুষ্ঠানৰ ৷ অনুষ্ঠানত কৃষক, যুৱক-যুৱতী আৰু মহিলাৰ বিভিন্ন সামাজিক গোটৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় ৷

লগতে পঢ়ক : Bamboo Bridge collapse : শীঘ্ৰে পকী দলং নিৰ্মাণ নকৰিলে ভোট বৰ্জনৰ হুংকাৰ চিলাপথাৰবাসী ৰাইজৰ

Last Updated : Oct 28, 2023, 1:26 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.