ETV Bharat / state

Bamboo Bridge collapse : শীঘ্ৰে পকী দলং নিৰ্মাণ নকৰিলে ভোট বৰ্জনৰ হুংকাৰ চিলাপথাৰবাসী ৰাইজৰ

author img

By ETV Bharat Assamese Team

Published : Oct 28, 2023, 11:49 AM IST

টঙানী নৈৰ ওপৰত অতি শীঘ্ৰে পকী দলং নিৰ্মাণ নকৰিলে এইবাৰ ভোট বৰ্জনৰ কৰিব চিলাপথাৰৰ মধ্য চিচিটঙানী চহবাৰী ৰাইজে । চিলাপথাৰৰ মধ্য চিচিটঙানী চহবাৰী ৰাইজৰ দুদৰ্শাৰ কথা ভাবি এইবাৰ ভগ্ন দলঙৰ নিৰ্মাণ সম্পূৰ্ণ কৰি দিলে মিচিং জাতীয় সংগঠন TMPK, MMK আৰু TMMK এ ৷

Bamboo Bridge collapse
ভগ্ন দলঙৰ নিৰ্মাণ সম্পূৰ্ণ কৰি দিলে মিচিং জাতীয় সংগঠনে

ভগ্ন দলঙৰ নিৰ্মাণ সম্পূৰ্ণ কৰি দিলে মিচিং জাতীয় সংগঠনে

জোনাই, 28 অক্টোবৰ : অৱশেষত মিচিং জাতীয় সংগঠন TMPK, MMK আৰু TMMK ৰ তৎপৰতাত মেৰামতি কৰা হ’ল টঙানী নৈৰ ওপৰত থকা ভঙা দলংখন ৷ কিন্তু এই তিনি মিচিং জাতীয় সংগঠন তথা ৰাইজৰ দাবী- চৰকাৰে এইবাৰ যদিহে পকী দলং নিৰ্মাণ কৰি নিদিয়ে, তেন্তে আগন্তুক নিৰ্বাচনত যিকোনো ৰাজনীতি দলেই ৰাইজৰ কাষত ভোট বিচাৰি আহিলে বাধা প্ৰদান কৰিব । কিয়নো স্থানীয় বিধায়ক আৰু সাংসদ তথা চৰকাৰক এই দলংখন নিৰ্মাণ কৰি দিবলৈ বাৰম্বাৰ আবেদন নিবেদন কৰাৰ পিচতো গুৰুত্ব নিদিয়াৰ ফলতে বৃহস্পতিবাৰে এই দুৰ্ঘটনাটো সংঘটিত হৈছে ৷

উল্লেখ্য যে, বৃহস্পতিবাৰে জোনাই বিধানসভা সমষ্টিৰ অন্তৰ্গত চিচি টঙানি চহবাৰীত সংঘটিত হয় এক ভয়ংকৰ অঘটন ৷ এখন জৰাজীৰ্ণ বাঁহৰ দলং ভাঙি 20 গৰাকী ছাত্ৰ-ছাত্ৰী আহত হৈছে ৷ ইয়াৰে 5 গৰাকী ছাত্ৰ-ছাত্ৰীক অতি সংকটজনক অৱস্থাত তাৎক্ষণিকভাৱে ধেমাজি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল ৷ আনকি এই দুৰ্ঘটনাৰ ফলত আহত হোৱা এগৰাকী শিক্ষাৰ্থীৰ অৱস্থা বৰ্তমানো অতি সংকটজনক বুলি জানিব পৰা গৈছে ৷ এই ঘটনাৰ পিচতে সমগ্ৰ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

সংবাদ মাধ্যমৰ আগত সেই সন্দৰ্ভত মিচিং জাতীয় সংগঠন আৰু ৰাইজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে 1950 চনৰ পৰাই গাঁওখনত এখন পকী দলং নথকাৰ ফলত যুগ যুগ ধৰি জীয়াতু ভুগি আহিছে চহবাৰী ৰাইজে । এই ক্ষেত্ৰত চৰকাৰ প্ৰশাসন তথা জনপ্ৰতিনিধিক বাৰম্বাৰ অৱগত কৰাৰ পাচতো কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ সেয়ে নিৰ্বাচনৰ আগতেই এই ভঙা দলংখন বাঁহৰ সলনি পকীৰে নিৰ্মাণ কৰিবলৈ দাবী জনাইছে ৰাইজে ৷

লগতে পঢ়ক : Bamboo bridge collapse: বাঁহৰ দলং ভাঙি বিদ্যালয়ৰ ২০ গৰাকী ছাত্ৰ-ছাত্ৰী আহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.