মৰিগাঁও, 3 জুলাই :ইতিমধ্যে মৰিগাঁৱত উপস্থিত হ’ল মণিপুৰ ভয়ংকৰ ভূমিস্খলনত মৃত্যু হোৱা মৰিগাঁৱৰ চাৰি যুৱকৰ মৃতদেহ (Four labour of Morigaon killed in landslide in Manipur)৷ মৃত চাৰি যুৱকৰ নশ্বৰদেহ নিজগৃহত আহি পোৱাৰ পিছতেই সমগ্ৰ গাঁৱত সৃষ্টি হয় এক শোকাকুল পৰিৱেশৰ ৷ চাৰি দুৰ্ভগীয়া যুৱকৰ মৃতদেহ সৎকাৰৰ ব্যৱস্থা কৰা হৈছে ৰাজহুৱা শ্মশানত ।
মৰিগাঁৱৰ মৃত চাৰি যুৱক কেইজন হৈছে গোপাল ফুকন, দিপাংকৰ বৰদলৈ, হৰমোহন ডেকা আৰু পল্লৱ লৰম । সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰাৰ পূৰ্বেই পৰিয়াল আৰু আত্মীয় স্বজনে শেষ শ্ৰদ্ধা জনাই মৃত চাৰি যুৱকক ৷ গাঁওবাসীৰ লগতে মৰিগাঁৱৰ জিলা উপাযুক্ত আৰু আৰক্ষী অধীক্ষকেও শেষ শ্ৰদ্ধা জ্ঞাপন কৰে মৃত চাৰি যুৱকক ৷