ETV Bharat / state

Landslide in Manipur: স্ব-গৃহত ভূমিস্খলনত মৃত্যু হোৱা সেনা জোৱান বলৰাম শৰ্মাৰ মৃতদেহ

author img

By

Published : Jul 2, 2022, 2:22 PM IST

mortal remains of army jawan balaram sarmah in his own house
Landslide in Manipur: স্ব-গৃহত ভূমিস্খলনত মৃত্যু হোৱা সেনা জোৱান বলৰাম শৰ্মাৰ মৃতদেহ

বুধবাৰে মণিপুৰত সংঘটিত হৈছিল ভয়ানক ভূমিস্খলৰ ঘটনা (Tragic landslide in Manipur) । বুধবাৰে সন্ধিয়াৰ ভাগত মণিপুৰৰ নোনি জিলাৰ টুপুল ৰে'ল ষ্টেচনৰ সমীপত ভূমিস্খলনৰ ফলত এটা ভাৰতীয় সেনাৰ শিবিৰ সম্পূৰ্ণভাৱে ধ্বংস হৈছিল (Army camp destroyed in landslide in Manipur) । সেই সেনা শিৱিৰতে কৰ্মৰত ডিমা হাছাওৰ সন্তান বলৰাম শৰ্মাই ভূমিস্খলনত হেৰুৱাইছিল প্ৰাণ(Dima Hasao youth died in Manipur landslide) । অৱশেষত শনিবাৰে মৃত শৰ্মাৰ নশ্বৰ দেহ লৈ অনা হ'ল স্ব-গৃহলৈ ।

ডিমা হাছাও,২ জুলাই: বুধবাৰে সন্ধিয়া মণিপুৰত সংঘটিত হৈছিল ভয়ানক ভূমিস্খলৰ ঘটনা (Tragic landslide in Manipur) । উক্ত ভুমিস্খলনত মণিপুৰৰ নোনি জিলাৰ টোপোল ৰে'ল ষ্টেচনৰ সমীপত থকা এটা ভাৰতীয় সেনাৰ শিবিৰ সম্পূৰ্ণভাৱে ধ্বংস হৈছিল (Army camp destroyed in landslide in Manipur) । আনহাতে, মণিপুৰত সংঘটিত ভয়ংকৰ ভূমিস্খলনৰ ঘটনাত সন্ধানহীন হৈ আছিল ডিমা হাছাও জিলাৰ দুই সেনা জোৱান (Dima Hasao youth missing in Manipur landslide) । সন্ধানহীন জোৱান দুজনৰ এজন নিম্ন হাফলঙৰ কাশীপুৰৰ প্ৰিয়ম দত্ত আৰু আনজন আছিল বলৰাম শৰ্মা ।

Landslide in Manipur: স্ব-গৃহত ভূমিস্খলনত মৃত্যু হোৱা সেনা জোৱান বলৰাম শৰ্মাৰ মৃতদেহ

পৰৱৰ্তী সময়ত মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল বলৰাম শৰ্মাৰ মৃতদেহ(Dima Hasao youth died in Manipur landslide) । শনিবাৰে দিনৰ ১০ বজাত সেনা বাহিনীৰ বিশেষ বিমানযোগে মণিপুৰৰ টোপোল ৰেল ষ্টেচনৰ সমীপত ভূমিস্খলনত শ্বহীদ হোৱা ডিমা হাছাওৰ সন্তান বলৰাম শৰ্মাৰ মৃতদেহ হাফলঙলৈ অনা হয় । হাফলং চৰকাৰী বাগানস্থিত অসম ৰাইফলছৰ হেলিপেডত পুৱা ১০ বজাত লৈ অনা হয় সেনা জোৱানগৰাকীৰ মৃতদেহ ।

সেনা জোৱান বলৰাম শৰ্মাৰ মৃতদেহ হাফলঙলৈ অনাৰ পাছতেই চৰকাৰীভাৱে সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৰাজ্যৰ শক্তিমন্ত্ৰী নন্দিতা গাৰ্লচাই । শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লচা তথা ডিমা হাছাও জিলাৰ জিলা উপায়ুক্ত নাজৰিন আহমেদেও ।

তাৰ পাছতেই শ্বহীদ বলৰাম শৰ্মাৰ মৃতদেহ লৈ যোৱা হয় হাফলঙৰ পৰা ১২০ কিলোমিটাৰ নিলগৰ উমৰাংচুৰ গোবিন্দ নগৰৰ স্ব-গৃহলৈ । মৃত বলৰাম শৰ্মাৰ মৃতদেহ স্ব-গৃহত উপস্থিত হোৱাৰ পাছতেই সৃষ্টি হয় এক শোকাকুল পৰিবেশৰ । কান্দোনত ভাঙি পৰে মৃত শৰ্মাৰ পৰিয়ালৰ সদস্য সকল ।

ইপিনে বলৰাম শৰ্মাৰ মৃতদেহ উদ্ধাৰ কৰা হয় যদিও বৰ্তমানেও কোনো সম্ভেদ পোৱা নাই ডিমাহাছাওৰ আনগৰাকী সেনা জোৱান প্ৰিয়ম দত্তৰ । ৰাজ্যৰ শক্তিমন্ত্ৰী নন্দিতা গাৰ্লচা আৰু উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লচাই প্ৰিয়ম দত্তৰ গৃহত উপস্থিত হৈ পৰিয়াল বৰ্গৰ প্ৰতি সমবেদনা প্ৰকাশ কৰে । প্ৰিয়ম দত্তক উদ্ধাৰৰ বাবে অভিযান চলাই থকা হৈছে বুলি জনাই জিলা উপায়ুক্তগৰাকীয়ে ।

লগতে পঢ়ক: Landslide in Manipur: বায়ুসেনাৰ বিমানেৰে স্ব গৃহলৈ প্ৰেৰণ সেনাৰ জোৱানৰ নশ্বৰদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.