ETV Bharat / city

Landslide in Manipur: বায়ুসেনাৰ বিমানেৰে স্ব গৃহলৈ প্ৰেৰণ সেনাৰ জোৱানৰ নশ্বৰদেহ

author img

By

Published : Jul 2, 2022, 1:08 PM IST

মণিপুৰৰ সংঘটিত ভূমিস্খলনত মৃত্যু হোৱা ১৪ জন টেৰিটৰিয়েল সেনা জোৱানক স্ব গৃহভূমিলৈ প্ৰেৰণ ৷ সম্পূৰ্ণ সেনাৰ মৰ্যদাৰে স্ব-গৃহভূমিলৈ প্ৰেৰণ কৰা হয় সেনা জোৱানসকলৰ নশ্বৰদেহ ৷ আনহাতে সেনাৰ কনভয়েৰে স্ব গৃহলৈ প্ৰেৰণ কৰা হয় মণিপুৰ কাংপকপি জিলাৰ আন এজন জোৱানৰ নশ্বৰদেহ । আনসকলৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে উদ্ধাৰকাৰী দলে(Landslide in Manipur) ৷

Landslide in Manipur
বায়ুসেনাৰ বিমানেৰে স্ব গৃহলৈ প্ৰেৰণ সেনাৰ জোৱানৰ নশ্বৰদেহ

তেজপুৰ, ২ জুলাই : মণিপুৰত বুধবাৰে নিশা সংঘটিত ভূমিস্খলনত মৃত্যু হোৱা ১৪ জন টেৰিটৰিয়েল সেনা জোৱানৰ নশ্বৰদেহ শনিবাৰে পুৱা ভাৰতীয় বায়ুসেনাৰ ২ খন বিমান আৰু এখন হেলিকপ্টাৰেৰে স্ব-গৃহভূমিলৈ পঠোৱা হয়(Landslide in Manipur) । ভাৰতীয় বায়ুসেনাৰ বিমানেৰে স্ব গৃহভূমিলৈ প্ৰেৰণ কৰা সেনা জোৱানসকলৰ এজন জে চি অ’ আৰু অন্যসকল বিষয়াকে ধৰি বিভিন্ন পদবীত কৰ্মৰত সেনা জোৱান(Death toll rise in Manipur landslide) ৷

Landslide in Manipur
সামৰিক মাৰ্যদাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন

মণিপুৰৰ ভূমিস্খলনত বৰ্তমানলৈ ১৮ জন সেনা জোৱানকে ধৰি ৬ জন সাধাৰণ নাগৰিকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে । মৃত সেনা জোৱানসকলৰ নশ্বৰদেহ ভাৰতীয় বায়ুসেনাৰ বিমানে পঠিওৱাৰ ব্যৱস্থা কৰাৰ উপৰিও মণিপুৰৰ কাংপকপি জিলাৰ আন এজন জোৱানক সেনাৰ কনভয়ৰে স্ব গৃহলৈ প্ৰেৰণ কৰা হয় । ভাৰতীয় সেনাৰ জি অ’ চি ৰেড শ্বিল্ড ডিভিছনৰ আই জি, এই জি এন আৰ দলে ভূমিস্খলনত প্ৰাণ হেৰুৱাসকলক সামৰিক মাৰ্যদাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ইয়াৰ পাছত সম্পূৰ্ণ সেনাৰ মৰ্যদাৰে তেওঁলোকৰ নশ্বৰদেহ স্ব-গৃহভূমিলৈ প্ৰেৰণ কৰা হয় ৷

Landslide in Manipur
উদ্ধাৰ অভিযান

আনহাতে এই ভূমিস্খলনত হতাহত হোৱা ৮১ জন লোকৰ আন ১২ জন সেনা জোৱান-বিষয়া আৰু ২৬ জন অন্য লোকৰ সন্ধানত আজিও উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে এন ডি আৰ এফ, এছ ডি আৰ এফৰ লগতে সেনাৰ নতুন গোটে ৷ নিৰুদ্দেশ হোৱা লোকৰ সন্ধানৰ বাবে উদ্ধাৰকাৰী দলে ৱাল ৰাডাৰ ব্যৱহাৰ কৰিছে (Search operation continues in Manipur landslide) ।

Landslide in Manipur
উদ্ধাৰ অভিযান

লগতে পঢ়ক : Landslide in Manipur: বৰ্তমানেও সন্ধানহীন কেবাগৰাকীও সেনা জোৱানসহ সাধাৰণ নাগৰিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.