Landslide in Manipur: বৰ্তমানেও সন্ধানহীন কেবাগৰাকীও সেনা জোৱানসহ সাধাৰণ নাগৰিক

author img

By

Published : Jul 1, 2022, 8:57 PM IST

Many people missing after a massive landslide hit in Manipur

এতিয়াও মাৰ যোৱা নাই মণিপুৰৰ ভূমিস্খলনৰ ভয়াবহতা (Landslide in Manipur) ৷ তথ্য অনুসৰি, মণিপুৰৰ ভূমিস্খলনত ইতিমধ্যে উদ্ধাৰ হৈছে ১৫ জন সেনা জোৱানৰ লগতে ৫ গৰাকী অন্য লোকৰ মৃতদেহ ৷ বৰ্তমানেও সন্ধানহীন হৈ আছে ১৫ জন সেনা জোৱান আৰু অন্যান্য সাধাৰণ ২৯ জন লোক ।

তেজপুৰ, ১ জুলাই : মণিপুৰৰ ভূমিস্খলনৰ ঘটনাই লৈছে ভয়াবহ ৰূপ (Landslide in Manipur) ৷ বহু লোকক উদ্ধাৰ কৰা হৈছে যদিও বৰ্তমানেও সন্ধানহীন হৈ আছে কেবাগৰাকী সেনা জোৱানৰ লগতে বহু সাধাৰণ নাগৰিকো ৷ বৰ্তমানেও সেনা বাহিনীৰ ফালৰ পৰা অব্যাহত আছে উদ্ধাৰ অভিযান (Many people missing after a massive landslide hit in Manipur) ৷

সেনাৰ মুখপাত্ৰগৰাকীয়ে উল্লেখ কৰা অনুসৰি, পুনৰ ৮ জন টেৰিটৰিয়েল সেনাৰ জোৱান আৰু ৪ জন অন্য লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ৷ বৰ্তমানলৈকে মুঠ ১৫ জন সেনাৰ জোৱানৰ লগতে ৫ জন সাধাৰণ লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ৷ তথ্য অনুসৰি, এই ভূমিস্খনত ক্ষতিগ্ৰস্ত হৈছে মুঠ ৮১ জন লোক ৷

বৰ্তমানেও উদ্ধাৰকাৰী বাহিনীয়ে ১৫ জন সেনাৰ আৰু ২৯ জন সাধাৰণ লোকৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে ৷

Many people missing after a massive landslide hit in Manipur
মণিপুৰৰ ভূমিস্খলনৰ ভয়াবহতা

শুকুৰবাৰে ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কামাণ্ডাৰ জি অ চি লেঃজেঃ ৰানা প্ৰতাপ কলিতা, জি অ চি স্পেয়েৰ কৰ্পছৰ লেঃজেঃ আৰ চি তিৱাৰীয়ে মণিপুৰৰ টুপিল ৰে’লৱে ষ্টেচনৰ সমীপত ভয়াবহ ভূমিস্খলন অঞ্চল পৰিদৰ্শন কৰে (Landslide hit in Manipur) । পূৱ কমাণ্ডৰ সেনা বিষয়া কলিতাই শুকুৰবাৰে পুৱাৰ ভাগত সেনাৰ চিকিৎসালয় পৰিদৰ্শন কৰি এই দুর্ঘটনাত আহত হোৱা সেনা জোৱানসকলৰ পৰা সমগ্ৰ ঘটনাৰ বুজ লয় ।

Many people missing after a massive landslide hit in Manipur
সন্ধানহীন কেবাগৰাকী সেনা জোৱান আৰু সাধাৰণ নাগৰিক

লগতে পঢ়ক : মণিপুৰত ভয়াৱহ ভূমিস্খলনত প্ৰাণ হেৰুৱালে 7 জনকৈ লোকে

উল্লেখ্য যে, বৃহস্পতিবাৰে টুপিল ৰেল ষ্টেচনৰ সমীপত পুৱতি নিশা সংঘটিত হয় ভয়াবহ ভূমিস্খলন ৷ এই ভূমিস্খলনত প্ৰথম অৱস্থাত ৭ জন সেনা জোৱানৰ লগতে এজন স্থানীয় লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল ৷ এই তথ্য সদৰি কৰে তৃতীয় ক’ৰৰ প্ৰতিৰক্ষা মুখপাত্ৰ সুমিত শৰ্মাই ।

ইয়াৰ পিছত দ্বিতীয় দিনাৰ উদ্ধাৰ অভিযানত মৃতকৰ সংখ্যা বৃদ্ধি পায় ৷ অসমৰ মৰিগাঁও আৰু কাৰ্বি আংলং জিলাৰ কেবাগৰাকী সেনা বাহিনীৰ জোৱান আৰু শ্ৰমিকৰ মৃত্যু হোৱাৰ উপৰিও বৰ্তমানেও সন্ধানহীন হৈ আছে বহুজন । লিজা নদীৰ প্ৰবল পানীৰ সোঁতত হোৱা ভূমিস্খলনৰ পিছত জমা হৈ থকা পানীৰ তলৰ পৰা SDRF এ মৃত অৱস্থাত কেবাজনো লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হয় । বৰ্তমানেও ৪৪ জন লোক নিৰুদেশ হৈ আছে বুলি জানিব পৰা গৈছে ।

Many people missing after a massive landslide hit in Manipur
মণিপুৰৰ ভূমিস্খলনৰ ঘটনাই লৈছে ভয়াবহ ৰূপ

শুকুৰবাৰে পুৱাৰ পৰা সেনাৰ দ্বাৰা চলোৱা এই উদ্ধাৰ অভিযানত মুঠ ১৩ জন সেনাৰ জোৱান আৰু ৫ জন সাধাৰণ লোকক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বুলি জানিবলৈ দিয়ে সেনাৰ তৃতীয় কৰৰ মুখপাত্ৰগৰাকীয়ে । মুখপাত্ৰগৰাকীয়ে উল্লেখ কৰা অনুসৰি, বৰ্তমানেও সেনাৰ ১৫ জন আৰু অন্য ২৯ জন সাধাৰণ নাগৰিকৰ সন্ধান লাভ কৰা নাই উদ্ধাৰকাৰী বাহিনীয়ে ।

লগতে পঢ়ক : Landslide in Manipur: মণিপুৰৰ ভূমিস্খলনত নিহতৰ সংখ্যা ৮ জনলৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.