Landslide in Manipur: মণিপুৰৰ ভূমিস্খলনত নিহতৰ সংখ্যা ৮ জনলৈ বৃদ্ধি

author img

By

Published : Jun 30, 2022, 8:40 PM IST

Updated : Jun 30, 2022, 8:52 PM IST

8-people-were-killed-and-over-25-are-missing-after-a-massive-landslide-hit-in-manipur

মণিপুৰৰ টুপিল ৰে'লৱে ষ্টেচনৰ সমীপত হোৱা ভয়াৱহ ভূমিস্খলনত 8 জন লোকৰ মৃত্যু হয় (8 people were killed after a massive landslide hit in Manipur) ৷ লগতে 20 জন লোক জীৱন্তে উদ্ধাৰ হোৱাৰ লগতে 27 জনৰো অধিক লোক সন্ধানহীন হৈ আছে (Over 25 are missing after a massive landslide hit in Manipur) ৷

তেজপুৰ, 30 জুন: অসমৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও ৰাজ্যৰ এতিয়াও বহুকেইখন জিলা পানীৰ তলত (Flood in Assam 2022) । ইফালে চুবুৰীয়া ৰাজ্য মেঘালয়, মণিপুৰ, অৰুণাচলতো অব্যাহত আছে ধাৰাসাৰ বৰষুণ । যাৰ ফলত সৃষ্টি হৈছে ভূমিস্খলনৰ ঘটনা (Landslide in many places of north east) । এইবাৰ মণিপুৰত সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা (Landslide in Manipur) ।

মণিপুৰৰ ভয়াৱহ ভূমিস্খলনত ৮ জনকৈ লোকৰ মৃত্যু

সেনা বাহিনীৰ তৃতীয় কৰৰ প্ৰতিৰক্ষা মুখপাত্ৰ সুমিত শৰ্মাই সদৰি কৰা মতে, মণিপুৰৰ টুপিল ৰে'লৱে ষ্টেচনৰ সমীপত হোৱা ভয়াৱহ ভূমিস্খলনত 8 জন লোকৰ মৃত্যু হয় (8 people were killed after a massive landslide hit in Manipur) ৷ লগতে 20 জন লোক জীৱন্তে উদ্ধাৰ হোৱাৰ লগতে 27 জনৰো অধিক লোক সন্ধানহীন হৈ আছে (Over 25 are missing after a massive landslide hit in Manipur) ৷ মৃত লোকসকলৰ ভিতৰত ৭ জন ভাৰতীয় সেনাৰ জোৱান আৰু এজন সাধাৰণ নাগাৰিক বুলি জানিব পৰা গৈছে ৷

8-people-were-killed-and-over-25-are-missing-after-a-massive-landslide-hit-in-manipur
মণিপুৰৰ ভয়াৱহ ভূমিস্খলনত ৮ জনকৈ লোকৰ মৃত্যু

বৃহস্পতিবাৰে দিনৰ ভাগত মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে ভূমিস্খলন ( landslide hit in Manipur) সংঘটিত হোৱা অঞ্চলসমূহ পৰিদৰ্শন কৰে (Manipur Chief Minister N Biren Singh visited the landslide hit area) আৰু এন ডি আৰ এফৰ দুটা অতিৰিক্ত দল উদ্ধাৰ কাৰ্যৰ বাবে প্ৰেৰণ কৰে বুলি টুইটাৰ যোগে জনায় । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও (Home Minister Amit Shah) মুখ্যমন্ত্ৰী সিঙৰ লগত ফোন যোগে সমগ্ৰ বিষয় সন্দৰ্ভত আলোচনা কৰে ।

8-people-were-killed-and-over-25-are-missing-after-a-massive-landslide-hit-in-manipur
মণিপুৰৰ ভয়াৱহ ভূমিস্খলনত ৮ জনকৈ লোকৰ মৃত্যু

ইফালে মণিপুৰৰ জিৰিবাম ৰে'ল ষ্টেচন লাইনৰ পুনৰ নিৰ্মাণকাৰ্যৰ (reconstruction of Jiribam train station Manipur) সংৰক্ষণৰ বাবে দায়িত্বত থকা সেনাৰ দলটো এই ভূমিস্খলনৰ পৰা কথমপি ৰক্ষা পৰে ৷ আনহাতে পুৱা ৫ বজাত ভূমিস্খলনৰ কবলত পৰা ৰে'লৱে আৰু সেনাৰ দলটোৰ ১৩ জন লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

ইতিমধ্যে ভাৰতীয় সেনাবাহিনী আৰু অসম ৰাইফলছৰ উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰকাৰ্যত নিয়োজিত হৈ পৰিছে । আহত সেনাৰ লোকসকলক চিকিৎসাৰ বাবে সেনাৰ চিকিৎসা শিবিৰলৈ প্ৰেৰণ কৰা হৈছে ৷

লগতে পঢ়ক: মণিপুৰত ভয়াৱহ ভূমিস্খলনত প্ৰাণ হেৰুৱালে 7 জনকৈ লোকে

Last Updated :Jun 30, 2022, 8:52 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.