মণিপুৰত ভয়াৱহ ভূমিস্খলনত প্ৰাণ হেৰুৱালে 7 জনকৈ লোকে

author img

By

Published : Jun 30, 2022, 12:27 PM IST

Updated : Jun 30, 2022, 3:33 PM IST

Manipur

মণিপুৰত সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা (Landslide in Manipur) । মণিপুৰৰ টুপিল ৰে'লৱে ষ্টেচনৰ সমীপত হোৱা ভয়াৱহ ভূমিস্খলনত 7 জনকৈ লোকে প্ৰাণ হেৰুৱায় (Indian army personal lost lives in Landslide in Manipur)৷ ভাৰতীয় সেনাৰ 107 টেৰিটৰিয়েল গোটৰ টুপিল ৰে'ল ষ্টেচনৰ সমীপত পুৱতি নিশা ভয়ানক ভূমিস্খলনৰ ঘটনাটো সংঘটিত হয় (Landslide near Tupil train station in Manipur) । অৱশ্যে সেনাৰ ফালৰ পৰা এতিয়াও আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই ৷

তেজপুৰ, ৩০ জুন : অসমৰ বান পৰিস্থিতিৰ এতিয়াও উন্নতি ঘটা নাই (Flood in Assam 2022) । বান আৰু খহনীয়াত মৃত্যুৰ সংখ্যাই ইতিমধ্যে শতকৰ ঘৰ অতিক্ৰম কৰিছে (More than 100 people died in Assam flood) । সমান্তৰালভাৱে চুবুৰীয়া ৰাজ্য, মেঘালয়, মণিপুৰ, অৰুণাচলতো অব্যাহত আছে ধাৰাসাৰ বৰষুণ । যাৰ ফলত সৃষ্টি হৈছে ভূমিস্খলনৰ ঘটনা (Landslide in many places of north east) । আনহাতে, মেঘালয়ত সৃষ্টি হৈছে বান পৰিস্থিতি (Flood in Meghalaya) ।

ভূমিস্খলত আহত লোকক হস্পিটেললৈ প্ৰেৰণ
ভূমিস্খলত আহত লোকক হস্পিটেললৈ প্ৰেৰণ

এইবাৰ মণিপুৰত সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা (Landslide in Manipur) । মণিপুৰৰ টুপিল ৰে'লৱে ষ্টেচনৰ সমীপত হোৱা ভয়াৱহ ভূমিস্খলনত 7 জনকৈ লোকে প্ৰাণ হেৰুৱায় (Indian army personal lost lives in Landslide in Manipur) ৷ নিহত সকলৰ ভিতৰত আছে ভাৰতীয় সেনাৰ জোৱানো ৷ ভাৰতীয় সেনাৰ 107 টেৰিটৰিয়েল গোটৰ (Indian Army 107 Teritorial group) টুপিল ৰে'ল ষ্টেচনৰ সমীপত পুৱতি নিশা ভয়ানক ভূমিস্খলনৰ ঘটনাটো সংঘটিত হয় । উক্ত ঘটনাত প্ৰায় 25 লোক সন্ধানহীন হৈ আছে । এই ভয়াৱহ ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷ সেনাৰ ফালৰ পৰা অৱশ্যে জোৱান কেইজনৰ মৃত্যুৰ কোনো আনুষ্ঠানিক খবৰ ঘোষণা কৰা নাই ৷

মণিপুৰত ভূমিস্খলন
মণিপুৰত ভূমিস্খলন

মণিপুৰৰ জিৰিবাম ৰে'ল ষ্টেচন লাইনৰ পুনৰ নিৰ্মাণকাৰ্যৰ (reconstruction of Jiribam train station Manipur) সংৰক্ষণৰ বাবে দায়িত্বত থকা সেনাৰ দলটো কথমপি ৰক্ষা পৰে । পুৱা ৫ বজাত ভূমিস্খলনৰ কবলত পৰা ৰে'লৱে আৰু সেনাৰ দলটোৰ ১৩ জন লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হয় । ইতিমধ্যে ভাৰতীয় সেনাবাহিনী আৰু অসম ৰাইফলছৰ উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰকাৰ্যত নিয়োজিত হৈ পৰিছে ।

আনহাতে, ভূমিস্খলনত আহত জোৱান আৰু অন্য লোকসকলক ননয় সেনাৰ চিকিৎসা দলে তাৎক্ষণিকভাৱে সেনাৰ চিকিৎসা শিবিৰলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে । সেনাৰ তৃতীয় ক'ৰৰ ডিমাপুৰৰ মুখপাত্ৰই জনোৱা মতে, পুৱাৰ সময়ত কেইবাবাৰো ভূমিস্খলন হোৱাৰ বাবে উদ্ধাৰ কাৰ্যত অসুবিধাৰ সৃষ্টি হয় । ইফালে সেনাৰ তৰফৰ পৰা উদ্ধাৰ কাৰ্যৰ বাবে হেলিকপ্টাৰ ব্যৱহাৰৰ বাবে সাজু কৰি ৰখা বুলি জানিবলৈ দিছে ।

লগতে পঢ়ক :কপিলীত বিলিন হৈ যাব নেকি কামপুৰৰ বহু অঞ্চল

Last Updated :Jun 30, 2022, 3:33 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.