অসম

assam

লাহৰীঘাটত ড্ৰাগছসহ এজনক আটক

By

Published : Jun 23, 2022, 9:06 AM IST

লাহৰীঘাট আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী(Drugs peddler arrested by Laharighat police) ৷ সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলীচালনা ৷

drugs-peddler-arrested-in-morigaon
মৰিগাঁৱৰ লাহৰীঘাটত ড্ৰাগছসহ এজনক আটক

ধিং, 23 জুন :অপৰাধী যদি ডালে ডালে, আৰক্ষী পাতে পাতে ৷ অসম আৰক্ষীৰ কঠোৰ স্থিতিৰ পিছতো ৰাজ্যত গোপনে সৰবৰাহ হৈয়ে আছে ড্ৰাগছ ৷ ড্ৰাগছ সৰবৰাহকাৰীয়ে সলনি কৰিছে সৰবৰাহৰ কৌশল ৷ কিন্তু আৰক্ষীও জানো কম ? শেহতীয়াকৈ আৰক্ষীৰ জালত পৰিছে ড্ৰাগছ সৰবৰাহকাৰী (Drugs peddler arrested in Morigaon)৷

ইফালে, মৰিগাঁও জিলাৰ লাহৰীঘাট আৰু মৈৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰাই আৰক্ষীয়ে নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অধিক ক্ষীপ্ৰতাৰে অভিযান চলাই জব্দ কৰে নিচাজাতীয় সামগ্ৰী ৷

উল্লেখ্য যে, বুধবাৰে লাহৰীঘাট আৰক্ষীয়ে ৩১টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰসহ(Drugs seized at Laharighat) ছফিকুল ইছলাম নামৰ এজন কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় । লাহৰীঘাটৰ নিকটৱৰ্তী ধিং আৰটি গাঁৱত ড্ৰাগছ সেৱনকাৰীৰ ওচৰত ড্ৰাগছ বিক্ৰী কৰি থকা অৱস্থাত লাহৰীঘাট আৰক্ষীয়ে এক বিশেষ সূত্ৰৰ জৰিয়তে খবৰ লাভ কৰাত সৰবৰাহকাৰীটোক আটক কৰিবলৈ যায় যদিও দৌৰি পলাবলৈ চেষ্টা কৰে ।

সেয়ে আৰক্ষীয়ে উপায়হীন হৈ গুলি ফুটাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় । যাৰ ফলত আৰক্ষীয়ে ছফিকুললৈ তিনি জাঁই গুলীচালনা কৰাত দুধৰ্ষ ছফিকুলক আটক কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক :বদৰপুৰত আটক 21 সন্দেহজনক বাংলাদেশীসহ ৰোহিংগিয়া নাগৰিক

ABOUT THE AUTHOR

...view details