ETV Bharat / state

বদৰপুৰত আটক 21 সন্দেহজনক বাংলাদেশীসহ ৰোহিংগিয়া নাগৰিক

author img

By

Published : Jun 22, 2022, 10:50 PM IST

বুধবাৰে কৰিমগঞ্জ আৰক্ষীৰ জালত পৰিছে 21 জন সন্দেহজনক বাংলাদেশীসহ ৰোহিংগিয়া নাগৰিক (Suspected Bangladeshis and Rohingan nationals arrested in Badarpur)৷ ইয়াৰে ভিতৰত আছে 9 জন পুৰুষ, 9 গৰাকী মহিলা আৰু 3 টা কিশোৰ-কিশোৰী ।

suspected Bangladeshis arrested in Badarpur
বদৰপুৰত আটক 21 সন্দেহজনক বাংলাদেশীসহ ৰোহিংগিয়া নাগৰিক

কৰিমগঞ্জ, 22 জুন : ৰাজ্যত আকৌ আৰক্ষীৰ জালত পৰিছে ৰোহিংগিয়া ৷ এইবাৰ বদৰপুৰত আৰক্ষীয়ে আটক কৰে 21 সন্দেহজনক বাংলাদেশীসহ ৰোহিংগিয়া নাগৰিক । কৰিমগঞ্জ আৰক্ষীয়ে ৰোহিংগীয়া তথা বাংলাদেশীৰ বিৰুদ্ধে চলাই আছিল অভিযান (Operation against Bangladeshis and Rohingan nationals)৷

ইয়াৰ মাজতে বুধবাৰে কৰিমগঞ্জত BSF য়ে চলাই এক অভিযান ৷ এই অভিযানত BSF ৰ দলটোৱে আটক কৰে কেবাগৰাকীও বাংলাদেশীসহ ৰোহিংগিয়া নাগৰিক (Suspected Bangladeshis and Rohingan nationals arrested in Badarpur)। জানিব পৰা মতে, দলটোত আছে 9 জন পুৰুষ, 9 গৰাকী মহিলা আৰু 3 টা কিশোৰ-কিশোৰী ।

তথ্য অনুসৰি, মহাৰাষ্ট্ৰৰ প্ৰমাণ পত্ৰ দেখুৱাই হোটেলত ৰাতি কটাইছিল আটকাধীন 21 জন সন্দেহজনক বাংলাদেশীসহ ৰোহিংগিয়া নাগৰিকে । আনকি তেওঁলোকে দুদিন পূৰ্বে গুৱাহাটীৰ পৰা বদৰপুৰলৈ আহিছিল ৷ ইতিমধ্যে BSF ৰ চোৰাংচোৱাই আটাইকে আটক কৰি বদৰপুৰ আৰক্ষীক গতাই দিয়ে ৷

বদৰপুৰ আৰক্ষী আৰু BSF য়ে এই সন্দৰ্ভত আৰু অধিক তথ্য সংগ্ৰহৰ বাবে তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : বৰহোলা আৰক্ষীৰ জালত অভিযুক্ত তেল চোৰ জীতেন গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.