বৰহোলা আৰক্ষীৰ জালত অভিযুক্ত তেল চোৰ জীতেন গগৈ

By

Published : Jun 22, 2022, 5:00 PM IST

thumbnail

বৰহোলা আৰক্ষীৰ জালত পৰিছে এটা তেল চোৰ (Oil thief arrested at Borhola) ৷ নাম জীতেন গগৈ । আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, 2021 চনত বৰহোলা আৰক্ষীত দাখিল কৰা হৈছিল তেল চুৰি সন্দৰ্ভত এক গোচৰ ৷ এই গোচৰৰ তদন্তৰ ভিত্তিত বৰহোলা আৰক্ষীয়ে লাভ কৰে এক খবৰ ৷ এক গোপন খবৰৰ তথ্যৰ ভিত্তিত তিতাবৰৰ SDPO আৰু বৰহোলা আৰক্ষীয়ে মঙলবাৰে চলাই এক অভিযান ৷ এই অভিযানতে যোৰহাটৰ পৰা আৰক্ষীৰ দলটোৱে আটক কৰিবলৈ সক্ষম হয় অভিযুক্ত জীতেন গগৈক ৷ বুধবাৰ অৰ্থাৎ আজি অভিযুক্ত জীতেন গগৈক হাজিৰ কৰা হয় আদালতত ৷ জানিব পৰা মতে, জীতেন গগৈৰ ঘৰ তিনিচুকীয়াৰ মাকুমত ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.