অসম

assam

Allegation Against EX Minister Family: পুত্ৰৰ বদ স্বভাৱৰ কথা কিয় লুকুৱাইছিল প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাই, শুনক ভুক্তভোগীৰ মুখেৰে

By ETV Bharat Assamese Team

Published : Nov 5, 2023, 8:06 AM IST

Updated : Nov 5, 2023, 8:34 AM IST

কোনো যুৱতীৰে দুই তিনি মাহতকৈ বেছি দিন সম্পৰ্ক নাৰাখে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী নীলমণি সেন ডেকা পুত্ৰ ৷ পুত্ৰৰ স্বভাৱ সন্দৰ্ভত পিতৃ পূৰ্বৰে পৰা অৱগত বুলি বিস্ফোৰক অভিযোগ পুত্ৰবধুৰ । ন্যায় বিচাৰি আইনৰ দ্বাৰস্থ হোৱাৰ দাবী নীলমণি সেন ডেকাৰ বোৱাৰীৰ ৷

Allegation Against EX Minister Family
পুত্ৰৰ বদ স্বভাৱৰ কথা কিয় লুকুৱাইছিল প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাই

পুত্ৰৰ বদ স্বভাৱৰ কথা কিয় লুকুৱাইছিল প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাই

মৰিগাঁও, ৫ নৱেম্বৰ:প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী নীলমণি সেন ডেকাৰ পৰিয়ালৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ ক্ৰিয়া-প্ৰতিক্ৰিয়া অব্যাহত ৷পুনৰকংগ্ৰেছ আমোলৰ মন্ত্ৰীগৰাকীৰ লগতে তেওঁৰ পুত্ৰৰ বিৰুদ্ধে চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰিছে নিৰ্যাতিতা বোৱাৰীগৰাকীয়ে ৷ পুত্ৰৰ স্বভাৱ সন্দৰ্ভত পৰিয়ালৰ লোক পূৰ্বৰে পৰা অৱগত বুলি বিস্ফোৰক অভিযোগ তোলে পুত্ৰবধুৱে ।

পুত্ৰৰ স্বভাৱ সন্দৰ্ভত ক’বলৈ গৈ প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাই নিজ মুখে তেওঁৰ পুত্ৰই দুই-তিনি মাহতকৈ অধিক সময় কোনো যুৱতীৰ সৈতে সম্পৰ্ক নাৰাখে বুলি স্বীকাৰ কৰা কথা সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে নিৰ্যাতিতা বোৱাৰীগৰাকীয়ে । উল্লেখ্য যে, শুকুৰবাৰে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী নীলমণি সেন ডেকাই বোৱাৰী আৰু বোৱাৰীৰ পিতৃক শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ উত্থাপিত হৈছিল ।

বিবাহৰ এবছৰ নৌহওতেই মাহৰ পাচত মাহ নিৰ্যাতনৰ সন্মুখীন হৈ স্বামী পৰিয়ালৰ প্ৰতাৰণাত পিতৃগৃহত আশ্ৰয় লোৱা জীয়ৰীক পুনৰ স্বামীগৃহত থ’বলৈ যোৱাৰ সময়তে নিৰ্যাতনৰ সন্মুখীন হোৱাৰ অভিযোগ উঠিছে ৷ প্ৰাক্তন মন্ত্ৰী ডেকাই বোৱাৰীৰ লগতে তেওঁৰ পিতৃক দুৰ্ব্যৱহাৰ কৰাৰ চাঞ্চল্যকৰ ছবি পোহৰলৈ আহিছিল ৷

নীলমণি সেন ডেকাৰ পুত্ৰই পূৰ্বেও বিবাহপাশত আৱদ্ধ হোৱাৰ লগতে এই কথা তেওঁৰ পৰা লুকুৱাইছিল বুলি গুৰুতৰ অভিযোগ তোলে ভুক্তভোগী তথা নিৰ্যাতিতা বোৱাৰীগৰাকীয়ে । চৰ-ভুকুৰ সমান্তৰালভাৱে গাৰুৰে হেঁচা মাৰি পৰিকল্পিতভাৱে হত্যাৰো চেষ্টা চলোৱা বুলি প্ৰাক্তন মন্ত্ৰীৰ পুত্ৰৰ বিৰুদ্ধে অভিযোগ তুলিছে ভুক্তভোগীয়ে । ভুক্তভোগী বোৱাৰীগৰাকীৰ পিতৃয়ে বিষয়টো সন্দৰ্ভত আৰক্ষীক অৱগত কৰাৰ পিচতো কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ কৰিছে ৷

আনহাতে, এই সমস্ত অভিযোগ নস্যাৎ কৰিছে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী নীলমণি সেন ডেকা তথা পৰিয়ালটোৱে ৷ আইনৰ কাষ চাপিব বুলি পৰিয়ালটোৱে সংবাদ মাধ্যমৰ আগত সদৰী কৰে ৷

লগতে পঢ়ক:Allegation Against EX Minister Family: প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাৰ পৰিয়ালৰ বিৰুদ্ধে বোৱাৰী নিৰ্যাতনৰ অভিযোগ

Last Updated :Nov 5, 2023, 8:34 AM IST

ABOUT THE AUTHOR

...view details