ETV Bharat / state

Allegation Against EX Minister Family: প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাৰ পৰিয়ালৰ বিৰুদ্ধে বোৱাৰী নিৰ্যাতনৰ অভিযোগ

author img

By ETV Bharat Assamese Team

Published : Nov 3, 2023, 11:03 PM IST

প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাৰ পৰিয়ালৰ বিৰুদ্ধে উঠিছে বোৱাৰী নিৰ্যাতনৰ অভিযোগ । অভিযোগ উত্থাপন কৰিছে খোদ নীলমণি সেন ডেকাৰ বোৱাৰীয়েকে । বোৱাৰীগৰাকী ঘৰলৈ আহোতে প্ৰৱেশত বাধা দিয়াৰ উপৰিও গাত ধৰি গঁতিয়াই দিয়াৰ অভিযোগ উত্থাপিত হৈছে ।

Etv Bharatallegation against Nilamani Sen Deka
নীলমণি সেন ডেকাৰ পৰিয়ালৰ বিৰুদ্ধে বোৱাৰীক নিৰ্যাতনৰ অভিযোগ

নীলমণি সেন ডেকাৰ পৰিয়ালৰ বিৰুদ্ধে বোৱাৰীক নিৰ্যাতনৰ অভিযোগ

গুৱাহাটী, ৩ নৱেম্বৰ : প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাৰ গুৱাহাটীৰ ভঙাগড়স্থিত বাসগৃহত উত্তপ্ত পৰিস্থিতি । নীলমণি সেন ডেকাৰ পৰিয়ালৰ বিৰুদ্ধে বোৱাৰী নিৰ্যাতনৰ অভিযোগ । এই অভিযোগ উত্থাপন কৰিছে খোদ নীলমণি সেন ডেকাৰ বোৱাৰীয়েকে ।

অভিযোগ অনুসৰি আজি সন্ধিয়া পৰিয়ালৰ আন সদস্যৰ সৈতে বোৱাৰীগৰাকী ঘৰলৈ আহোতে প্ৰৱেশত বাধা দিয়ে নীলমণি সেন ডেকাৰ লগতে পৰিয়ালৰ আন সদস্যই । আনকি নীলমণি সেন ডেকাই গাত ধৰি গতিয়াই দিয়ে নিজ বোৱাৰীক । গঁতিয়াই বোৱাৰী আৰু পৰিয়ালৰ আন লোকক বাহিৰ কৰি গেটত তলা লগাই দিয়ে নীলমণি সেন ডেকাৰ পৰিয়ালৰ লোকে ।

উল্লেখ্য যে ২০২২ চনৰ মাৰ্চ মাহত মৰিগাঁৱৰ এগৰাকী যুৱতীৰ সৈতে সামাজিকভাৱে নীলমণি সেন ডেকাৰ পুত্ৰ ৰাজৰ্ষি সেন ডেকাৰ বিবাহ সম্পন্ন হৈছিল । বোৱাৰীগৰাকীয়ে অভিযোগ কৰা অনুসৰি বিয়াৰ পাচৰ পৰাই তেওঁক স্বামীগৃহৰ লোকে শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই আহিছিল । নিৰ্যাতনৰ বাবেই ২০২৩ চনৰ মাৰ্চ মাহত তেওঁক ঘৰলৈ যাবলৈ দিছিল নীলমণি সেন ডেকাৰ পৰিয়ালৰ লোকে ।

কিন্তু ঘৰলৈ যোৱাৰ পাচৰ পৰা তেওঁৰ কোনো খবৰ লোৱা নাছিল । যোগাযোগ কৰিও কোনো সম্পৰ্ক স্থাপন কৰিব নোৱাৰাত আজি পিতৃ-মাতৃয়ে বোৱাৰীগৰাকীক ঘৰলৈ থ'বলৈ আহিছিল । কিন্তু নীলমণি সেন ডেকাৰ পৰিয়ালৰ লোকে তেওঁলোকক গৃহত প্ৰৱেশ কৰিবলৈ নিদিলে । তাকে লৈ ঘৰৰ সন্মুখত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।

এটা সময়ত নীলমণি সেন ডেকা আৰু পৰিয়ালৰ লোকে বোৱাৰীগৰাকীক তেওঁৰ পৰিয়ালৰ লোকৰ সৈতে ঘৰৰ বাহিৰত গতিয়াই উলিয়াই দি তলা মাৰি দিয়ে । ইফালে নীলমণি সেন ডেকাৰ পত্নীয়ে বোৱাৰীয়েকে অনা সকলো অভিযোগ নস্যাৎ কৰিছে । তেওঁ কয় যে নীলমণি সেন ডেকা অসুস্থ হোৱাৰ সময়ত ঘৰলৈ গুচি গৈছিল বোৱাৰীগৰাকী । অসুস্থতাৰ বাবে নীলমণি সেন ডেকাক চেন্নাইলৈ নিয়াৰ সময়তো বোৱাৰীগৰাকী ঘৰলৈ অহা নাছিল ।

তেওঁ লগতে কয় যে যৌতুক কোনো কাৰণত বিচৰা নাই আৰু বিয়াৰ সময়তো কোনো যৌতুক দিয়া নাই পৰিয়ালে । এই সন্দৰ্ভত আদালতৰ কাষ চপাৰ কথাও তেওঁ সদৰী কৰে । আনহাতে বোৱাৰীকেক পুনৰ ঘূৰাই অনাৰ কথা ভবা নাই বুলিও তেওঁ কয় ।

লগতে পঢ়ক: House helper woman torture: চৰকাৰী বিষয়াৰ বাসগৃহত বনকৰা যুৱতীৰ ওপৰত অকথ্য নিৰ্যাতন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.