অসম

assam

Majuli College Row : মাজুলী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকৰ বিৰুদ্ধে গোচৰ

By

Published : Aug 17, 2023, 9:58 PM IST

মাজুলী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক মিগম কুলিৰ বিৰুদ্ধে গোচৰ ৰুজু মহাবিদ্যালয়ৰে এগৰাকী ছাত্ৰীৰ ৷ ইয়াৰ পূৰ্বে ১৫ আগষ্টত মাজুলী মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদক গৰাকীক ABVP সদস্যই প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল ৷

Majuli College
ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকৰ বিৰুদ্ধে গোচৰ ছাত্ৰীৰ

মাজুলী মহাবিদ্যালয় কাণ্ডৰ নতুন মোৰ

মাজুলী, 17 আগষ্ট : মাজুলী মহাবিদ্যালয় কাণ্ডৰ নতুন মোৰ ৷ এইবাৰ মাজুলী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক মিগম কুলিৰ বিৰুদ্ধে গোচৰ ৰুজু মহাবিদ্যালয়ৰে এগৰাকী ছাত্ৰীৰ ৷ ছাত্ৰীগৰাকীক সাংবাদিক আনিম বুলি মিগম কুলিয়ে ভাবুকি দিয়াৰ বাবে এই গোচৰ দিয়া অভিযোগ উত্থাপন কৰিছে ছাত্ৰীগৰাকীয়ে ৷ কিন্তু কিয় সাধাৰণ সম্পাদক জনে কিয় এনেদৰে ক’লে সেই বিষয়ে অজ্ঞতা প্ৰকাশ কৰে ছাত্ৰীগৰাকীয়ে ৷

উল্লেখ্য যে, মাজুলী থানাৰ ৭৯/২৩ ভাৰতীয় দণ্ড বিধি ২৯৪/৩৫৪/৫০৬/৩৪ নম্বৰত গোচৰ ৰুজু হয় সাধাৰণ সম্পাদক মিগম কুলিৰ বিৰুদ্ধে ৷ ইয়াৰ পূৰ্বে ১৫ আগষ্টত মাজুলী মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদকগৰাকীক ABVP সদস্যই প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল ৷ তাৰ পাছতেই সাধাৰণ সম্পাদকগৰাকীয়ে ABVP ৰ সদস্য কেইজনৰ ওপৰত ৰুজু কৰিছিল গোচৰ ৷ ইয়াৰ পিছতে থানাৰ পৰাই জামিন লাভ কৰে অভিযুক্ত ABVP ৰ সদস্য কেইজনে ৷

বৃহস্পতিবাৰে পুনৰ মহাবিদ্যালয়খনৰ একেখন ছাত্ৰ একতা সভাৰ এগৰাকী সদস্য ছাত্ৰীয়ে সাধাৰণ সম্পাদকজনৰ বিৰুদ্ধে গোচৰ দিয়াটো ৰহস্যৰ বিষয় ৷ অন্যহাতে ABVP ৰ মাজুলী জিলাৰ বিষয়ববীয়া আলোক তামুলীয়ে তেওঁলোকৰ ওপৰত উত্থাপন হোৱা অভিযোগ ভুৱা বুলি মন্তব্য কৰে ৷ লগতে মহাবিদ্যালয়খনৰ অধ্যাপক আচাৰ্য মোহন দাস ABVP কমলাবাৰী অঞ্চলিকৰ সভাপতি হয়নে বুলি সোধা এক প্ৰশ্নত এই বিষয় এৰাই চলে ABVP ৰ বিষয়ববীয়াজনে ৷

উল্লেখ্য যে, মাজুলীত ABVP ৰ নেতা-কৰ্মীয়ে মাজুলী মহাবিদ্যালয়ৰ ব্যক্তিগত ছাত্ৰাবাসত সোমাই মাৰধৰ কৰাৰ অভিযোগ উত্থাপিত হৈছিল ৷ মহাবিদ্যালয়খনৰ সাধাৰণ সম্পাদক মিগম কুলিক ABVP ৰ নেতা-কৰ্মীয়ে মাৰধৰ কৰাৰ অভিযোগ উঠিছিল ৷ জানিব পৰা মতে মাজুলী মহাবিদ্যালয়ৰ তৰফৰ পৰা স্বাধীনতা দিৱস পালন কৰা আয়োজনস্থলীত AVBPৰ সদস্য উপস্থিত হৈ তথা ফটো তুলি ABVP তৰফৰ পৰা স্বাধীনতা দিৱস পালন কৰা বুলি সামাজিক মাধ্যমত প্ৰচাৰ কৰাক লৈ সংঘটিত হৈছিল এই ঘটনা ।

লগতে পঢ়ক :Girl attacked by miscreants: দৰং মহাবিদ্যালয়ৰ ছাত্ৰীক চোকা অস্ত্ৰৰে আক্ৰমণ দুৰ্বৃত্তৰ

ABOUT THE AUTHOR

...view details