ETV Bharat / state

Girl attacked by miscreants: দৰং মহাবিদ্যালয়ৰ ছাত্ৰীক চোকা অস্ত্ৰৰে আক্ৰমণ দুৰ্বৃত্তৰ

author img

By

Published : Aug 17, 2023, 9:34 PM IST

ৰাজপথত নিৰাপত্তাহীনতাত ভুগিছে ছাত্ৰী ! অচিনাক্ত যুৱকৰ চোকা অস্ত্ৰৰ আক্ৰমণৰ বলি হ’ল স্নাতক মহলৰ এগৰাকী ছাত্ৰী । পথচাৰীৰ ৰূপত অহা এজন অচিনাকি যুৱকে ছাত্ৰীগৰাকীক ছুৰীৰে অতৰ্কিতে আক্ৰমণ কৰে ৷

student attacked with sharp weapons
দৰং মহাবিদ্যালয়ৰ ছাত্ৰীক চোকা অস্ত্ৰৰে আক্ৰমণ দুৰ্বৃত্তৰ

তেজপুৰ, ১৭ আগষ্ট : ৰাজ্যজুৰি ইটোৰ পিচত সিটোকৈ অপৰাধৰ ঘটনাই প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰাৰ সময়তেই তেজপুৰ মাজগাঁৱত ভয়ংকৰ ঘটনা সংঘটিত হৈছে । অচিনাক্ত যুৱকৰ চোকা অস্ত্ৰৰ আক্ৰমণৰ বলি হ’ল স্নাতক মহলৰ এগৰাকী ছাত্ৰী । আঘাতপ্ৰাপ্ত ছাত্ৰীগৰাকী তেজপুৰ দৰং মহাবিদ্যালয়ৰ নিমিশা বৰা বুলি জানিব পৰা গৈছে ।

বৃহস্পতিবাৰে সন্ধিয়া পথচাৰীৰ ৰূপত অহা এজন অচিনাকি যুৱকে চোকা অস্ত্ৰৰে ছাত্ৰীগৰাকীক অতৰ্কিতে আক্ৰমণ কৰে ৷ ছাত্ৰীগৰাকীয়ে সহপাঠী ছাত্ৰীৰ লগত তেজপুৰ বান থিয়েটাৰ পৰা খোজ কাঢ়ি আহি থকা অৱস্থাত অচিনাকি যুৱকে ছুৰীৰে হাতত আক্রমণ কৰি ঘটনাস্থলীৰ পলায়ন কৰে ৷ লগে লগে ছাত্ৰীগৰাকীক তেজপুৰ সুখদা মেমৰিয়েল চিকিৎসালয়ত ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় ।

আজি তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাই বান থিয়েটাৰত মেধাবী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা এক কাৰ্যসূচী গ্ৰহণ কৰিছিল ৷ ছাত্ৰীগৰাকীয়ে সেই অনুষ্ঠানত অংশ ল’বলৈ গৈছিল ৷ এই অনুষ্ঠানত অংশগ্ৰহণ কৰি ঘৰলৈ উভতি গৈ থকা অৱস্থাত এই ঘটনা সংঘটিত হয় বুলি ছাত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ।

শোণিতপুৰ জিলাৰ গহপুৰ মহকুমাৰ বদতিৰ ছাত্ৰীগৰাকীয়ে তেজপুৰ দৰং মহাবিদ্যালয়ত অসমীয়া বিভাগত নাম ভৰ্তি কৰিছে ৷ জানিব পৰামতে তেজপুৰ মাজগাঁৱত ভাড়াঘৰত পৰিয়ালৰ লগত বাস কৰে ছাত্ৰীগৰাকী ৷ ঘৰৰ পৰা আহি মহাবিদ্যালয়ত পাঠদান গ্ৰহণ কৰাত অসুবিধা হোৱাত তেজপুৰতে থাকিবলৈ লয় ছাত্ৰীগৰাকীয়ে ।

মাত্ৰ দহ দিন ধৰি তেজপুৰত থকা ছাত্ৰীগৰাকীৰ বিশেষ কোনো চিনাকি নাছিল কিন্তু কেনেকৈ এই ঘটনা সংঘটিত হ’ল সেয়া এতিয়ালৈ পোহৰলৈ অহা নাই ৷ এতিয়া প্ৰশ্ন উত্থাপন হৈছে তেজপুৰত নিৰাপত্তাহীনতা হৈছে নেকি সদৰৰ বাহিৰৰ পৰা পঢ়িবলৈ অহা ছাত্ৰ-ছাত্ৰী । ইতিমধ্যে বিষয় সন্দৰ্ভত ছাত্ৰীগৰাকীৰ পৰিয়ালে আৰক্ষীক অৱগত কৰিব বুলি জানিব পৰা গৈছে ।

ছাত্ৰীগৰাকীয়ে সন্দেহ কৰা অনুসৰি, অচিনাকী যুৱকজনে ছাত্ৰীগৰাকীক পূৰ্বৰে পৰা অনুসৰণ কৰি আহিছিল ৷

লগতে পঢ়ক: Anganwadi worker: অংগনৱাড়ী কৰ্মীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.