অসম

assam

মাজুলীত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ তিনি কৰ্মচাৰীক নিলম্বন

By

Published : Dec 3, 2021, 4:45 PM IST

কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগত মাজুলীত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ তিনি কৰ্মচাৰীক নিলম্বন (Inland water transport department employees suspended)। নিলম্বিত তিনি বিষয়া ক্রমে অসীম বৰুৱা, অলক গগৈ আৰু বিতোপন বৰবৰা ।
Inland water transport department
Inland water transport department

মাজুলী, 3 ডিচেম্বৰ :মাজুলীত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ তিনি কৰ্মচাৰীক নিলম্বন (Inland water transport department employees suspended)। কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগত এই তিনি বিষয়াক নিলম্বন কৰা হৈছে । নিলম্বিত তিনি বিষয়া ক্রমে অসীম বৰুৱা, অলক গগৈ আৰু বিতোপন বৰবৰা । বৃহস্পতিবাৰে ব্ৰহ্মপুত্ৰ নদীত জাঁপ দিছিল এজন ব্যক্তিয়ে (Man jumped in Brahmaputra ) ৷ কিন্তু সেই লোক জনৰ নাম ঠিকনা নাই আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ ওচৰত ।

উল্লেখ্যে যে, যোৱা ৮ ছেপ্টেম্বৰ তাৰিখে ব্ৰহ্মপুত্ৰ নদীত সংঘটিত হোৱা ভয়ংকৰ ফেৰী দুৰ্ঘটনাৰ (Majuli boat accident) পাচত নদী পাৰাপাৰ হোৱা সকলো যাত্ৰীৰে নাম ঠিকনা লিখি ৰাখিবৰ বাবে নিৰ্দেশ দিয়া হৈছিল ৷ কিন্তু বৃহস্পতিবাৰে নদীত জাঁপ দিয়া লোক জনৰ নাম ঠিকনা নাই আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ হাতত । ইয়াৰ পৰাই বুজিব পাৰি কেনেদৰে চলিছে এই বিভাগটো ।

আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ তিনি কৰ্মচাৰীক নিলম্বন

ইফালে এই ঘটনাক তীব্ৰ ভাষৰে গৰিহণা দিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পূৱ মাজুলী আঞ্চলিক সমিতিয়ে (AJYCP protest in Majuli)। তেওঁলোকে কয় যে, এই তিনি বিষয়াক নিলম্বন কৰি দুদিনীয়া চমক দিলে নহ’ব । পাৰাপাৰ হ’বলৈ অহা যাত্ৰীৰ নাম ঠিকনা সঠিকভাৱে লিখাৰ ব্যৱস্থা কৰাৰ লগতে মাজুলীৰ যাত্ৰীৰ সূচলভাৱে পাৰাপাৰ হোৱাৰ ব্যৱস্থা কৰিবলৈ দাবী জনায় তেওঁলোকে ।

উল্লেখ্য যে, মাজুলীত সংঘটিত ফেৰী দুৰ্ঘটনাৰ পাচতো নিলম্বন কৰা হৈছিল আভ্যন্তৰীণ জলসম্পদ বিভাগৰ বিষয়া নিলম্বন কৰা হৈছিল ৷ কিন্তু তাৰ পাচতো যেন গা-লৰা নাই বিভাগটোৰ একাংশ কৰ্মচাৰীৰ ৷ সোপা-ধিলা নীতিৰেই বিভাগীয় কাম-কাজ চলাই গৈছে এইসকল সোৰোপা প্ৰকৃতিৰ বিষয়াই ৷ যাৰবাবে যাত্ৰীৰ জীৱন সংকটত পৰাৰো আশংকা ব্যক্ত কৰিছে সচেতন মহলে ৷

লগতে পঢ়ক :মাজুলীত ব্ৰহ্মপুত্ৰত সন্ধানহীন এজন লোক

ABOUT THE AUTHOR

...view details