অসম

assam

Development of Lakhimpur: লখিমপুৰত হেজাৰ কোটি টকাৰে ৰূপায়ণ কেইবাখনো আঁচনি; বিজেপি চৰকাৰৰ সফলতা বুলি দাবী

By ETV Bharat Assamese Team

Published : Sep 20, 2023, 8:36 AM IST

ৰাজ্যৰ আন আন জিলাৰ লগতে লখিমপুৰতো ৰূপায়ণ হৈছে কেইবাটাও উন্নয়নমূলক আঁচনি ৷ জিলাখনক আন্তঃগাঁথনিৰ লগতে আন আন দিশত আগুৱাই নিয়াৰ বাবে ৰাজ্য চৰকাৰ তথা প্ৰশাসনে হাতত লৈছে কেতবোৰ বিশেষ আঁচনি ৷

Development of Lakhimpur
উন্নয়নমূলক আঁচনি

লখিমপুৰতো ৰূপায়ণ বহুকেইটা উন্নয়নমূলক আঁচনি

লখিমপুৰ, 20 ছেপ্টেম্বৰ : ‘‘উন্নয়নে বিধৌত কৰিছে লখিমপুৰক ৷ কেৱল সাধাৰণ পথ-পদুলিৰ গতানুগতিক উন্নয়নৰ বিপৰীতে বহুকেইটা উন্নয়নমূলক আঁচনিয়ে সমৃদ্ধ কৰিছে লখিমপুৰক ৷ হেজাৰ কোটি টকাৰে ৰূপায়ণ বহুকেইখন আঁচনি ৷ এসময়ত কলীয়া পানী আখ্যা লাভ কৰা লখিমপুৰ জিলাৰ উন্নয়নৰ গতি বৰ্তমান চকুত লগা হৈ উঠিছে ৷ সামগ্ৰীকভাৱে অনগ্ৰসৰ, কলীয়া পানী আখ্যা পোৱা তথা কোনো চৰকাৰী বিষয়াৰ শাস্তিমূলক বদলিৰ ঠাই হিচাপে পৰিগণিত লখিমপুৰৰ সেই পুৰণি অপযশ এতিয়া আৰু নাই ৷’’ এই দাবী বিজেপিৰ লখিমপুৰ জিলা সমিতিৰ সভাপতিৰ ৷

তেওঁ কয় যে, লখিমপুৰৰ উন্নয়নৰ গতি চালে চকু ৰোৱা হৈ উঠিছে ৷ পূৰ্বে নোহোৱা বহু কাম-কাজ এতিয়া ৰূপায়ণ হ’বলৈ ধৰিছে ৷ জিলাখনৰ বিশেষকৈ 111 নং লখিমপুৰ বিধান সমষ্টিৰ উন্নয়নৰ গতি আনতকৈ এখোজ আগত আছে ৷ দুটা বছৰৰ অন্যান্য উন্নয়নমূলক আঁচনি সমূহৰ উপৰিও শেহতীয়াকৈ দুহেজাৰ কোটিৰো অধিক টকাৰে 45 টা উন্নয়নমূলক আঁচনিৰ ৰূপায়ণ হৈছে ৷ ইয়াৰে কেতবোৰ নিৰ্মাণ সম্পূর্ণ হোৱাৰ বিপৰীতে আন কেতবোৰ নিৰ্মাণ সম্পূর্ণ হোৱাৰ পথত ৷

বিশেষকৈ সোৱণশিৰিৰ ওপৰত দলং, আন্তঃৰাজ্যিক বাছ আস্হান, নকাৰীত উৰণ সেতু আদি কেতবোৰ উন্নয়নৰ পদক্ষেপ আৰম্ভ হৈছে ৷ নগৰখনৰ বাট-পথ সমূহ ঠেক হোৱাৰ বাবে হাঁহচৰালৈ জিলা কাৰাগাৰ স্হানান্তৰ, জিলা আয়ুক্তৰ কাৰ্যালয়কে ধৰি গৰিষ্ঠ সংখ্যক চৰকাৰী কাৰ্যালয় চুকুলীভৰীয়াৰ দিশে স্হানান্তৰৰ বাবে লোৱা আঁচনিয়ে সমগ্র নগৰখনৰ ৰেহৰূপ সলনি কৰি তুলিব বুলি ধাৰণা কৰিছে বিজেপিৰ নেতাজনে ৷

লখিমপুৰ নগৰ এলেকাৰ নকাৰীত 72 কোটিৰো অধিক টকাৰ উৰণ সেতু, 328 কোটিৰো অধিক টকাৰ ঘূনাসুতিৰ দলং, 110 কোটিৰে ষ্টেডিয়াম, 26 কোটিৰো অধিক টকাৰ খাৰকাটি দলং, 25 কোটিৰো অধিক টকাৰে আন্তঃৰাজ্যিক বাছ আস্হান, 3 কোটিৰো অধিক টকাৰে ৰহঢলা পুখুৰীৰ সৌন্দর্য বৰ্ধন, 5 কোটিৰো অধিক টকাৰে জিলা পুথিভঁৰালৰ উন্নয়ন, 15 কোটিৰো অধিক টকাৰে অত্যাধুনিক সভাগৃহ, 38 লাখ টকাৰে ক্লক টাৱাৰ, 68 লাখ টকাৰে ফুড কৰ্ট, 30 লাখ টকাৰে ত্যাগ ক্ষেত্রৰ সৌন্দর্য বৰ্ধন আদি আঁচনি সমূহ জিলাখনত ৰূপায়ণ কৰা হৈছে ৷

তদুপৰি বিধায়ক পুঁজিৰ পৰা 27 টা প্ৰতিষ্ঠানক 10 লাখ কৈ অনুদান, চাৰিখন দলং সহ লোক নিৰ্মাণ বিভাগৰ অধীনত এশ কিলোমিটাৰ পথ পকীকৰণ, নতুনকৈ আৱৰ্ত ভৱনৰ নিৰ্মাণ, ডেন্টেল কলেজ সহ চুপাৰ স্পেচিয়েলিটি হস্পিটেল নিৰ্মাণৰ প্ৰস্তুতি, অসম দৰ্শন আঁচনিৰ অধীনত 150 টা নামঘৰ নিৰ্মাণ, 25 টা অংগনৱাড়ী কেন্দ্র নিৰ্মাণ, পঞ্চায়ত এলেকাত এশ কিলোমিটাৰ পথ নিৰ্মাণ, নগৰৰ পদপথত 1 হেজাৰ পথ চাকি স্হাপন, 48 লাখ টকাৰে আমাৰ বজাৰ স্থাপন, গান্ধী পাৰ্কৰ নৱীকৰণ আদি অসংখ্য আঁচনিৰ কাম-কাজ জিলাখনত চলি আছে বুলি জানিব পৰা গৈছে ৷ ইয়াৰে কিছু কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে ৷

লগতে পঢ়ক :Meri Maati Mera Desh: অমৃত কলহ যাত্ৰাক লৈ সোণাৰিত বিশেষ সজাগতা সভা

ABOUT THE AUTHOR

...view details