অসম

assam

Bridge over Subansiri river: আধাৰশিলা স্থাপনৰ পাচতো নিৰ্মাণ নহ’ল ঘূনাসূঁতিলৈ দলং

By

Published : Apr 12, 2023, 10:32 PM IST

চাৰিমাহে শিলগুটি এটাও নপৰিল লখিমপুৰৰ ঘাগৰ দলঙত । মুখ্যমন্ত্রীৰ ঘোষণা অসাৰ হোৱাৰ উপক্রম । ক্ষোভিত স্থানীয় ৰাইজ (Poor road connection in Lakhimpur) ৷

Bridge over Subansiri river
শিলগুটি এটাও নপৰিল লখিমপুৰৰ ঘাগৰ দলঙত

আধাৰশিলা স্থাপনৰ চাৰিমাহৰ পাচতো আৰম্ভ নহ’ল দলঙৰ নিৰ্মাণকাৰ্য

লখিমপুৰ, 12 এপ্রিল :আজিলৈ কোনো কাম আগ নাবাঢ়িল ৰাজ্যৰ এখন দলঙৰ ৷স্বাধীনোত্তৰ কালৰ পৰাই ৰাইজে দাবী জনাই আহিছিল ঐতিহাসিক ঘূনাসূঁতিক সংযোগ কৰিবলৈ সোৱণশিৰি নদীৰ ওপৰত এখন দলং নিৰ্মাণ কৰিবলৈ ৷ উক্ত দাবীৰ প্ৰতি সহাঁৰি জনায় ৰাজ্য চৰকাৰে বিগত ডিচেম্বৰ মাহত দলংখন নিৰ্মাণৰ বাবে সিদ্ধান্ত লয় ৷ তথা তাৎক্ষণিকভাৱে খোদ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই দলংখনৰ আধাৰশিলা স্থাপনৰ লগতে ভূমিপূজন কৰি থৈ যায় (Bridge over Subansiri river connecting Lakhimpur to Ghunasuti) ।

কিন্তু আধাৰশিলা স্থাপনৰ চাৰিমাহ উকলি যোৱাৰ পাচতো দলংখনৰ কোনো নিৰ্মাণ কাৰ্য আৰম্ভ নোহোৱাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ ৷ উল্লেখ্য যে, লখিমপুৰ জিলাৰ ঘূনাসূঁতিক তাহানিতে উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈয়ে তেওঁৰ কালজয়ী সৃষ্টি মিৰি জীয়ৰীৰ জৰিয়তে প্ৰদান কৰিছিল এক সুকীয়া মৰ্যাদা । কিন্তু দুৰ্ভাগ্যজনিত বিষয় যে, কোনো এখন চৰকাৰে ঘূনাসূঁতিক উন্নীতকৰণৰ বাবে প্ৰদান নকৰিলে কোনো গুৰুত্ব (Poor road connection in Lakhimpur) ৷

ঘাইকৈ দুৰ্গম যাতায়াত ব্যৱস্থাই ঘূনাসূঁতিবাসীক দশকৰ পাছত দশক ধৰি যাতনা ভোগাই অহা পৰিলক্ষিত হৈছে । লখিমপুৰ সদৰ আৰু ঘূনাসূঁতি সংযোগী পথত থকা সোৱণশিৰি নদীৰ ওপৰত ঘাগৰ ঘাটত এখন দলং নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে উদ্যোগ গ্ৰহণ কৰাত স্থানীয় ৰাইজৰ মনত আশাৰ সঞ্চাৰ ঘটে যদিও সম্প্ৰতি চৰকাৰৰ গা এৰা মনোভাৱে ক্ষোভিত কৰি তুলিছে স্থানীয় ৰাইজক (Difficult transportation over Subansiri river) ৷

উল্লেখযোগ্য যে, ঐতিহাসিক ঘূনাসুঁতিক সংযোগ কৰি সোৱণশিৰিৰ ওপৰত নিৰ্মাণ হ’বলগীয়া দলংখনৰ বাবে আৱণ্টন কৰা হৈছিল ৩৮৩ কোটি টকা ৷ দলংখনৰ দৈৰ্ঘ ২.৪ কিলোমিটাৰ ৷ ঘূনাসূঁতি দলঙৰ ভূমিপূজন আৰু আধাৰশিলা স্থাপন কৰি মূখ্যমন্ত্রীগৰাকীয়ে তেওঁৰ ভাষণত দুই এমাহৰ ভিতৰতে দলংখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ হ’ব আৰু ২০২৬ ৰ নিৰ্বাচনৰ পূৰ্বে এই দলঙেৰে নদী পাৰ হৈ মুখ্যমন্ত্রীগৰাকীয়ে ঘূনাসুঁতিত নিৰ্বাচনী প্ৰচাৰ চলাব বুলি প্ৰতিশ্ৰুতি আগবঢ়াইছিল ।

কিন্তু মুখ্যমন্ত্রীগৰাকীয়ে ভূমিপূজন আৰু আধাৰশিলা স্থাপন কৰি যোৱাৰ চাৰিমাহ উকলি যোৱাৰ পাছতো এই পৰ্যন্ত দলংখন নিৰ্মাণৰ নামত শিলগুটি এটাও নপৰাত ক্ষোভ ব্যক্ত কৰে স্থানীয় ৰাইজে ৷ শীঘ্ৰে দলংখনৰ নিৰ্মাণ সম্পূৰ্ণ কৰি ঘুনাসূতিবাসীক সূচল যাতায়তৰ ব্যৱস্থা কৰি দিবলৈ চৰকাৰলৈ দাবী জনাইছে ঘূনাসূঁতিবাসীয়ে ৷

লগতে পঢ়ক :Guinness book of world record Bihu : বিহুনাচৰ বিশাল আয়োজন আৰু মুখ্যমন্ত্রীৰ দুখন সংবাদমেল !

ABOUT THE AUTHOR

...view details