ETV Bharat / state

Guinness book of world record Bihu : বিহুনাচৰ বিশাল আয়োজন আৰু মুখ্যমন্ত্রীৰ দুখন সংবাদমেল !

author img

By

Published : Apr 11, 2023, 6:38 PM IST

চৰকাৰৰ প্ৰথম লক্ষ্য আৰু উদ্দেশ্য আছিল গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত বিহু নাচৰ নাম অন্তৰ্ভুক্ত কৰা (Guinness book of world record Bihu)। কিন্তু পৰৱৰ্তী সময়ত চৰ্চাহীন হৈ পৰিল গীনিজ বুকৰ নাম । ২৮ ফেব্ৰুৱাৰীৰ সংবাদমেলত বাৰম্বাৰ উল্লেখ কৰা হৈছিল গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ প্ৰসংগ । শেহতীয়া ৯ এপ্ৰিলৰ সংবাদমেলত এবাৰো উল্লেখ কৰা নহ'ল গীনিজ বুকৰ প্ৰসংগ । সমালোচনাৰ বাবে গৌণ হৈ পৰিল নেকি গীনিজ বুক ।

Guinness book of world record Bihu
বিহুনাচৰ বিশাল আয়োজন আৰু মুখ্যমন্ত্রীৰ দুখন সংবাদমেল

গুৱাহাটী, ১১ এপ্ৰিল : প্ৰথমে লক্ষ্য আছিল গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছ (Guinness book of world record Bihu)। কিন্তু এতিয়া সেয়া গৌণ হৈ পৰিছে । কোটি কোটি টকা ব্যয় কৰি অসম চৰকাৰে বিহুনাচ প্ৰদৰ্শনৰ বিশাল অনুষ্ঠানৰ আয়োজন কৰিছে । এক কথাত ক'বলৈ গ'লে বিশাল আড়ম্বৰপূৰ্ণ কাৰবাৰ । এই কাৰবাৰৰ প্ৰথম লক্ষ্য আৰু উদ্দেশ্য আছিল গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰা । কিন্তু পৰৱৰ্তী সময়ত চৰ্চাহীন হৈ পৰিল গীনিজ বুকৰ প্ৰসংগ । কিয় হঠাতে অসম চৰকাৰৰ স্থিতি সলনি হ'ল ?

উল্লেখ্য যে, অসম চৰকাৰে ১৪ এপ্ৰিলত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত একেলগে ১১ হাজাৰৰো অধিক বিহুৱা-বিহুৱতীৰে বিহুনাচ প্ৰদৰ্শনৰ আয়োজন কৰিছে । প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডী এই অনুষ্ঠানৰ সাক্ষী হ'ব । এই সন্দৰ্ভত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই ২৮ ফেব্ৰুৱাৰীত কেবিনেট বৈঠকৰ পাচতে এখন সংবাদমেল সম্বোধন কৰিছিল (Assam CM on Bihu Guinness book of world record)। সংবাদমেলত মুখ্যমন্ত্রীয়ে কৈছিল যে, গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰাৰ লক্ষ্যৰে ১৪ এপ্ৰিলত সৰুসজাইত ১১,১৪০ গৰাকী শিল্পীয়ে প্ৰদৰ্শন কৰিব বিহুনাচ ।

এই অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । আনহাতে অনুষ্ঠানটোত উপস্থিত থকাৰ বাবে প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্রী আৰু ৰাজ্যপালক নিমন্ত্ৰণ জনোৱাৰ কথাও উল্লেখ কৰা হৈছিল । ইয়াৰ বাবে অসম চৰকাৰৰ মন্ত্রীসকলে ২০ মাৰ্চৰ পৰা ৩০ মাৰ্চৰ ভিতৰত প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্রী আৰু ৰাজ্যপালক সাক্ষাৎ কৰি অনুষ্ঠানটোত উপস্থিত থকাৰ বাবে নিমন্ত্ৰণ জনোৱাৰো কথা আছিল ।

তদুপৰি জি-২০ সন্মিলনৰ দেশসমূহৰ ৰাষ্ট্ৰদূতসকলৰ উপৰিও দক্ষিণ পূব এছিয়াৰ ৰাষ্ট্ৰদূতসকলকো আমন্ত্রণ জনোৱাৰ কথা আছিল । আনহাতে ২৮ ফেব্ৰুৱাৰীৰ সংবাদমেলত মুখ্যমন্ত্রীয়ে বিহু বিশেষজ্ঞৰ দ্বাৰা অনুমোদন জনোৱা বিহুনাচৰ ভিডিঅ' গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰাৰ কথা সদৰী কৰিছিল । সেইদৰে অংশ গ্ৰহণকাৰীসকলে যাতে ব্যক্তিগতভাৱে গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ প্ৰম‍াণপত্র লাভ কৰিব পাৰে তাৰ বাবে এটা পৰ্টেলৰো ব্যৱস্থা কৰা হৈছে বুলি মুখ্যমন্ত্রীয়ে সদৰী কৰিছিল । য'ত অংশ গ্ৰহণকাৰীসকলৰ নাম পঞ্জীয়ন থাকিব ।

ইয়াৰ পাচত ৯ এপ্ৰিলত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ এদিনীয়া অসম ভ্ৰমণ সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰিছিল । যিখন সংবাদমেলত মুখ্যমন্ত্রীয়ে সৰুসজাই ষ্টেডিয়ামত আয়োজন কৰা বিহুনাচৰ বিশাল অনুষ্ঠানটোৰ বিষয়ে সবিশেষ সদৰী কৰে যদিও গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ কথা এবাৰো উল্লেখ নকৰিলে (Govt soft stance on Bihu Guinness Book)।

২৮ ফেব্ৰুৱাৰীৰ সংবাদমেলত মুখ্যমন্ত্রীয়ে গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ কথা বাৰম্বাৰ উল্লেখ কৰিছিল যদিও শেহতীয়া ৯ এপ্ৰিলৰ সংবাদমেলত এবাৰো উল্লেখ নকৰিলে । বৰং স‍ংবাদিকেহে বিষয়টো উত্থাপন কৰে । সাংবাদিকে প্ৰশ্ন কৰাত মুখ্যমন্ত্রীয়ে গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ ক্ষেত্রত বিশেষ গুৰুত্ব নিদিয়া যেন পৰিলক্ষিত হ'ল । মুখ্যমন্ত্রীয়ে অতি সহজভাৱে কয় যে, একেটা স্থানত এনেদৰে বিশাল পৰিসৰত বিহুনাচ প্ৰদৰ্শন কৰা আৰু ঢোল বাদনৰ বাবে গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ স্থান লাভৰ বাবে প্ৰচেষ্টা চলোৱা হ'ব ।

অনুষ্ঠানত গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ লোক থাকিব বুলি মুখ্যমন্ত্রীয়ে সদৰী কৰে । ৰেকৰ্ডছ হ'লে প্ৰমাণ পত্র দিব । অৰ্থাৎ কিবা কাৰণত বিহুনাচৰ বিশাল অনুষ্ঠানটো গীনিজ বুকত অন্তৰ্ভুক্ত নহ'বও পাৰে । কিন্তু প্ৰথম অৱস্থাত গীনিজ বুকত নাম অন্তৰ্ভুক্ত কৰাৰ লক্ষ্যৰে অসম চৰকাৰে বিহুনাচৰ অনুষ্ঠানটোকলৈ ব্যাপক প্ৰচাৰ চলাইছিল । কিন্তু এতিয়া সেই প্ৰচাৰ গৌণ হৈ পৰিছে । এইখিনিতে প্ৰশ্ন হয় যে, কিয় হঠ‍াতে গীনিজ বুকত নাম অন্তৰ্ভুক্তিৰ বিষয়টো তল পেলোৱা হ'ল ।

লক্ষণীয় বিষয় যে, অসম চৰকাৰে গীনিজ বুকৰ প্ৰসংগটোক লৈ ব্যাপক প্ৰচাৰ চলোৱাৰ পাছতে ৰাজ্যৰ বিভিন্ন দল-সংগঠন আৰু ব্যক্তি বিশেষে ব্যাপক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল । চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰিছিল । সামাজিক মাধ্যমতো চৰকাৰখন ব্যাপকভাৱে সমালোচনাৰ পাত্র হৈছিল । কাৰণ গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছ কোনো চৰকাৰী স্বীকৃত সংস্থা নহয় ।

ৰাষ্ট্ৰসংঘৰ দ্বাৰা স্বীকৃতিপ্ৰ‍াপ্ত অনুষ্ঠান নহয় । এটা ব্যক্তিগত সংস্থাৰ দ্বাৰা স্বীকৃতিৰ বাবে চৰকাৰে কোটি কোটি ব্যয় কৰাক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া হৈছিল । আনহাতে অদ্ভুত কলা-কৌশল প্ৰদৰ্শন কৰি বহু লোকে গীনিজ বুকত নিজৰ নাম অন্তৰ্ভুক্ত কৰে । এনেধৰণৰ নেতিবাচক সমালোচনাৰ পৰিপ্ৰেক্ষিততে অসম চৰকাৰে গীনিজ বুকৰ প্ৰসংগটো এৰাই চলা পৰিলক্ষিত হৈছে ।

ইফালে কেবিনেটত লোৱা আন এটা সিদ্ধান্তও চৰকাৰখনে প্ৰত্যাহাৰ কৰে । প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্রী আৰু ৰাজ্যপালক অনুষ্ঠানটোত উপস্থিত থকাৰ বাবে আমন্ত্রণ জনোৱাৰ সিদ্ধান্ত কেবিনেটত লোৱা হৈছিল । সেই সিদ্ধান্ত অৱশেষত চৰকাৰখনে প্ৰত্যাহাৰ কৰে ।

লগতে পঢ়ক :Mega Bihu event : সৰুসজাইৰ বিহুকলৈ দুষ্ট চক্ৰক কঠোৰ সকিয়নী মন্ত্রী পীযুষ হাজৰীকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.