ETV Bharat / state

Mega Bihu event : সৰুসজাইৰ বিহুকলৈ দুষ্ট চক্ৰক কঠোৰ সকিয়নী মন্ত্রী পীযুষ হাজৰীকাৰ

author img

By

Published : Apr 11, 2023, 1:13 PM IST

14 এপ্ৰিলত সৰুসজাইত অনুষ্ঠিত হ'বলগীয়া মেগা বিহু সন্দৰ্ভত দুষ্ট চক্ৰই চলাইছে অপপ্ৰচাৰ ৷ সামাজিক মাধ্যমযোগে মন্ত্রী পীযুষ হাজৰীকাই প্ৰদান কৰিলে সকিয়নী (Minister Pijush Hazarika on Mega Bihu event) ৷

Mega Bihu event
দুষ্ট চক্ৰক কঠোৰ সকিয়নী মন্ত্রী পীযুষ হাজৰীকাৰ

গুৱাহাটী, 11 এপ্ৰিল : বিহুনাচক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে এক বিৰল ক্ষণৰ বাবে সাজু হৈছে অসম চৰকাৰ । 14 এপ্ৰিলত 11 হাজাৰ ঢুলীয়া-নাচনীৰে বিশ্ব অভিলেখ গঢ়াৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে অসম চৰকাৰে । বিভিন্ন জিলাৰ পৰা আহি গুৱাহাটীত উপস্থিত হৈছে ঢুলীয়া-নাচনী । আজিৰে পৰা সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ'ব 11 হাজাৰৰো অধিক ঢুলীয়া-নাচনীৰে বৰ আখৰা । কিন্তু ইয়াৰ মাজতে 14 এপ্ৰিলত সৰুসজাইত অনুষ্ঠিত হ'বলগীয়া বিশাল আৰু অনবদ্য অনুষ্ঠানটোক লৈ দুষ্ট চক্ৰই অপপ্ৰচাৰ চলোৱাৰ অভিযোগ উত্থাপন হৈছে (Guinness book of world record Assam bihu) ।

Mega Bihu event
সৰুসজাইত মেগা বিহু

বিশেষকৈ অনুষ্ঠানটোৰ টিকট তথা প্ৰৱেশ পত্র কলাক্ষেত্রত বিক্ৰী কৰা হ'ব বুলি একাংশই অপপ্ৰচাৰ চলাইছে । এই অপপ্ৰচাৰকলৈ সৰৱ হৈ পৰিছে মন্ত্রী পীযুষ হাজৰীকা । সামাজিক মাধ্যমযোগে মন্ত্রী পীযুষ হাজৰীকাই অপপ্ৰচাৰ চলোৱা দুষ্ট চক্ৰক সকীয়নি প্ৰদান কৰা পৰিলক্ষিত হৈছে । সামাজিক মাধ্যমত মন্ত্রী পীযুষ হাজৰীকাই কয়, ‘‘সৰুসজাই ষ্টেডিয়ামত আয়োজিত সু বিশাল বিহু অনুষ্ঠানৰ টিকট শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বিক্ৰী হ'ব বুলি এক দুষ্ট চক্ৰই অপপ্ৰচাৰ কৰি চৰকাৰক বদনাম কৰাৰ প্ৰচেষ্টা চলাইছে । সমূহ ৰাইজৰ জ্ঞাতার্থে জনাওঁ যে কলাক্ষেত্ৰত এই বিহু অনুষ্ঠানৰ বিনামূলীয়া Entry Pass হে প্ৰদান কৰা হৈছে । এই Entry Pass সমূহৰ বিপৰীতে কোনো ধৰণৰ মূল্য লোৱা নহয় । এনে ধৰণৰ ভুৱা বাতৰি প্ৰচাৰৰ পৰা বিৰত থাকিবলৈ এই দুষ্ট চক্রক সকীয়াই দিছো (Minister Pijush Hazarika)’’ ।

Mega Bihu event
দুষ্ট চক্ৰক কঠোৰ সকিয়নী মন্ত্রী পীযুষ হাজৰীকাৰ

উল্লেখ্য যে, 14 এপ্ৰিলত প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত সৰুসজাই ষ্টেডিয়ামত 11 হাজাৰৰো অধিক বিহুৱা-বিহুৱতীয়ে প্ৰদৰ্শন কৰিব বিহুনাচ । এই সন্দৰ্ভত 9 এপ্ৰিলত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেলৰ সম্বোধন কৰি সবিশেষ অৱগত কৰিছিল । মুখ্যমন্ত্রীয়ে স্পষ্টভাৱে উল্লেখ কৰিছিল যে সৰুসজাইৰ উক্ত অনুষ্ঠান উপভোগ কৰাৰ বাবে 11 এপ্ৰিলৰ পৰা 13 এপ্ৰিললৈ কলাক্ষেত্রত বিনামূলীয়া প্ৰৱেশ পত্র দিয়া হ'ব । কলাক্ষেত্রত 10 হাজাৰ প্ৰৱেশ পত্র দিয়া হ'ব আৰু ইচ্ছুকসকলে সংগ্ৰহ কৰিব পাৰিব (Sarusajai stadium at Guwahati) ।

তদুপৰি গুৱাহাটীৰ ৰাইজে 11 এপ্ৰিলৰ পৰা 13 এপ্ৰিললৈ বিয়লি 4.30 বজাৰ পৰা 6.30 বজালৈ সৰুসজাই ষ্টেডিয়ামত কোনো ধৰণৰ প্ৰৱেশ পত্র নোহোৱাকৈ মূল আখৰা উপভোগ কৰিব পাৰিব । কিন্তু ইয়াৰ পাচতো এক দুষ্ট চক্ৰই কলাক্ষেত্রত টিকট বিক্ৰী কৰা হ'ব বুলি প্ৰচাৰ চলাইছে । যাক লৈ আজি সামাজিক মাধ্যমযোগে মন্ত্রী পীযুষ হাজৰীকাই প্ৰতিক্ৰিয়া ব্যক্ত কৰে (Mega Bihu event at Sarusajai stadium) ।

উল্লেখ্য যে, বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্যৰে সৰুসজাই ষ্টেডিয়ামত আয়োজন কৰা বিহুনাচৰ অনুষ্ঠানটো 15 মিনিটৰ হ'ব ।

লগতে পঢ়ক : Crime against women : বিগত প্ৰায় 8 বছৰত ৰাজ্যত ঘটিছে 1 লাখৰো অধিক নাৰীজনিত অপৰাধ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.