পলাশবাৰীৰ 500 বিঘা ভূমিত স্থাপিত হ’ব ইণ্ডিয়ান ইনষ্টিটিউট অব্ মেনেজমেণ্টৰ শাখা - Indian Institute of Management
IIM in Assam : অতি সোনকালে অসমতো স্থাপন কৰা হ’ব ইণ্ডিয়ান ইনষ্টিটিউট অব্ মেনেজমেণ্টৰ শাখা ৷ প্ৰায় 500 বিঘা মাটিত স্থাপন কৰা হ’ব বিশ্বৰ অন্যতম বৃহৎ শৈক্ষিক প্ৰতিষ্ঠানখন ৷ মুখ্যমন্ত্ৰী-প্ৰধানমন্ত্ৰীক ধন্যবাদ বিধায়ক হেমাংগ ঠাকুৰীয়াৰ ৷

Published : June 3, 2024 at 10:25 AM IST
গুৱহাটী, 3 জুন : সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ লগতে বিশেষকৈ অসমৰ বাবে আহিছে এক ভাল খবৰ ৷ কামৰূপ জিলাৰ পলাশবাৰীৰ মাৰভিঠাত খুউব সোনকালে স্থাপিত হ’ব উচ্চ শিক্ষাৰ ক্ষেত্ৰত দেশৰ অন্যতম বৃহৎ প্ৰতিষ্ঠান ‘ইণ্ডিয়ান ইনষ্টিটিউট অব্ মেনেজমেণ্ট’ ৷ এই খবৰ লাভ কৰাৰ পিচতে দেওবাৰে বাটৰহাটস্থিত দক্ষিণ কামৰূপ জিলা বিজেপিৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত ফটকা ফুটাই আনন্দ উল্লাস কৰা পৰিলক্ষিত হয় ৷ য’ত নৰেন্দ্ৰ মোদী জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ ধ্বনি দিয়া পৰিলক্ষিত হয় ৷
এই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰে পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই ৷ তেওঁ কয় যে অসম তথা সমগ্ৰ উত্তৰ-পূৱবাসীৰ লগতে পলাশবাৰী সমষ্টিবাসীৰ বাবে এয়া ঐতিহাসিক প্ৰাপ্তি ৷ পলাশবাৰী সমষ্টিবাসীয়ে এক বৃহৎ উপহাৰ লাভ কৰা বুলিও মন্তব্য কৰে বিধায়কগৰাকীয়ে ৷
লগতে পঢ়ক: শিক্ষাৰ্থীৰ বাবে কেইটামান উৎকৃষ্ট 'Apps'ৰ বিষয়ে জানো আহক
উল্লেখ্য যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে সামাজিক মাধ্যমত পোষ্ট কৰা দেখা যায় ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এয়া এটা ডাঙৰ খবৰ ৷ ২০২৩ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অনুৰোধ জনোৱাৰ পিচত গুৱাহাটীৰ ওচৰত ইণ্ডিয়ান ইনষ্টিটিউট অব্ মেনেজমেণ্টৰ শাখা প্ৰতিষ্ঠাৰ অনুমোদন দি অসমৰ জনসাধাৰণক বিশেষ উপহাৰ দিয়ে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
লগতে পঢ়ক: তেজপুৰ বিশ্ববিদ্যালয়ত ৭টা উদ্ভাৱনীমূলক নতুন শৈক্ষিক পাঠ্যক্ৰম প্ৰৱৰ্তন
বিশ্বৰ অন্যতম বৃহৎ শৈক্ষিক প্ৰতিষ্ঠানখনৰ এটা শাখা প্ৰতিষ্ঠা হ’বলগীয়া ভূমিখণ্ড পৰিদৰ্শন কৰি বিধায়ক ঠাকুৰীয়াই আশা প্ৰকাশ কৰে যে খুউব সোনকালেই শিক্ষাবৰ্ষ আৰম্ভ হ’ব ৷ অৱশ্যে কিছু আনুষ্ঠানিকতা এতিয়াও বাকী থকা বুলি বিধায়কগৰাকীয়ে উল্লেখ কৰে ৷ আহমেদাবাদৰ পৰা নিয়ন্ত্ৰিত প্ৰতিষ্ঠানখনত বহু দেশী-বিদেশী শিক্ষাৰ্থীয়ে নামভৰ্তি কৰিব বুলিও উল্লেখ কৰে বিধায়কগৰাকীয়ে ৷

