ETV Bharat / state

Crime against women : বিগত প্ৰায় 8 বছৰত ৰাজ্যত ঘটিছে 1 লাখৰো অধিক নাৰীজনিত অপৰাধ

author img

By

Published : Apr 11, 2023, 11:48 AM IST

2016 চনৰ পৰা 2023 বৰ্ষৰ ফেব্ৰুৱাৰীলৈ ৰাজ্যত সংঘটিত হৈছে মুঠ 1,70,174 টা নাৰীজনিত অপৰাধ ৷ বিধানসভাৰ মজিয়াত প্ৰকাশ পোৱা এই তথ্যই উদ্বিগ্ন কৰি তুলিছে ৰাজ্যৰ সচেতন মহলক (Crime against women in Assam) ৷

Violence against women
ৰাজ্যত বৃদ্ধি পাইছে নাৰীজনিত অপৰাধ

গুৱাহাটী, 11 মাৰ্চ : ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে শাসকীয় বিজেপি দলে অসমত অপৰাধজনিত ঘটনা হ্ৰাস পোৱা বুলি দাবী কৰি আহিছে যদিও ইয়াৰ সম্পূৰ্ণ বিপৰীত চিত্ৰ পোহৰলৈ আহিছে শেহতীয়া এক তথ্যত ৷ ৰাজ্যত বিভিন্ন ধৰণৰ অপৰাধৰ সমান্তৰালকৈ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে নাৰীজনিত অপৰাধ । 2016 চনৰ পৰা 2023 চনৰ ফেব্ৰুৱাৰী পৰ্যন্ত ৰাজ্যত মুঠ 1,70,174 টা নাৰীজনিত অপৰাধ সংঘটিত হৈছে (Assam records highest rate of crime against women in last 4 years) ।

তদুপৰি, 2016-2023 ৰ সময়ছোৱাত ৰাজ্যখনত মুঠ 1606 গৰাকী নাৰীক বিভিন্ন কাৰণত হত্যা কৰা হৈছে । যৌতুকজনিত কাৰণত 1034 গৰাকী নাৰীয়ে মৃত্যুক আঁকোৱালি ল’ব লগাত পৰিছে ৷ ধৰ্ষণ আৰু ডাইনীৰ সন্দেহত ক্ৰমে 12,331 আৰু 74 গৰাকী নাৰীক হত্যা কৰা হৈছে । এই উদ্বেগজনক তথ্য প্ৰকাশ পাইছে বিধানসভাৰ মজিয়াত ।

চৰকাৰী তথ্য অনুসৰি, 2016 চনত 181 টা, 2017 চনত 197 টা, 2018 চনত 281 টা, 2019 চনত 259 টা, 2020 চনত 172 টা, 2021 চনত 230 টা, 2022 চনত 246 টা আৰু চলিত বৰ্ষৰ ফেব্ৰুৱাৰী পৰ্যন্ত 40 টা নাৰীজনিত হত্যাকাণ্ড সংঘটিত হৈছে (Crime against women in Assam) । আনহাতে, যৌতুকজনিত কাৰণত 1034 গৰাকী নাৰী মৃত্যুমুখত পৰিছে আৰু 15,784 গৰাকী নাৰী আহত হৈছে ৷

2016 চনত 157 গৰাকী মহিলাৰ মৃত্যু হোৱাৰ লগতে 233 গৰাকী আহত হৈছে ৷ 2017 বৰ্ষত 150 গৰাকী মৃত্যু হোৱাৰ লগতে 2599 গৰাকী নাৰী আহত হৈছে বুলি চৰকাৰী সূত্ৰত প্ৰকাশ ৷ 2018 চনত 266 গৰাকী নাৰীৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে 2701 গৰাকী (Crime against women) ৷ 2019 বৰ্ষত যৌতুকজনিত কাৰণত 165 গৰাকী নাৰীৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে 3139 গৰাকী ৷

2020 চনত 124 গৰাকী নাৰীৰ মৃত্যু হোৱাৰ বিপৰীতে আহত হৈছে 2946 গৰাকী নাৰী ৷ 2021 চনত 119 গৰাকী নাৰীৰ মৃত্যু হোৱাৰ বিপৰীতে আহত হৈছে 3146 গৰাকী ৷ 2022 চনত 130 গৰাকী নাৰীৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে 901 গৰাকী (Violence against women in Assam)৷

চলিত বৰ্ষত 23 গৰাকী নাৰীৰ মৃত্যু আৰু 79 গৰাকী নাৰী আহত হৈছে । আনহাতে, এই সময়ছোৱাত 37,055 টা অপহৰণৰ ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে ৷ ইয়াৰোপৰি শ্লীলতাহানি, যৌন নিৰ্যাতন আৰু স্বামীৰ দ্বাৰা নাৰী নিৰ্যাতিত হোৱা ঘটনা সংঘটিত হৈছে ক্ৰমে 24,571 টা, 3624 টা আৰু 74397 টা ঘটনা সংঘটিত হৈছে ।

লগতে পঢ়ক : TMPK Tree plantation programme : গৰাখহনীয়া ৰোধৰ বাবে বৃক্ষৰোপণ কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.