অসম

assam

NLC professor Hemanta Sarma:লখিমপুৰ মহাবিদ্যালয়ৰ অভিযুক্ত প্ৰৱক্তা জেললৈ

By

Published : Jul 24, 2023, 10:01 PM IST

নতুন মোৰ লৈছে উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ প্ৰৱক্তা কাণ্ডই । সোমবাৰে প্ৰৱক্তা জনৰ বিৰুদ্ধে অভিযোগ দিয়া একাংশই তেওঁৰ সপক্ষে আদালতলৈ যায় । আনহাতে আদালতত হাজিৰ কৰোৱাৰ পাচত জেললৈ প্ৰেৰণ কৰা হয় প্ৰৱক্তা ড৹ হেমন্ত শৰ্মাক ।

nlc professor hemanta sharma
উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ প্ৰৱক্তা কাণ্ড

অভিযুক্ত প্ৰৱক্তা জেললৈ

লখিমপুৰ, ২৪ জুলাই :উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ নিৰ্যাতন কাণ্ডৰ নতুন মোৰ । আদালত পালেগৈ ছাত্ৰী ৷ জেলৰ কুঠৰীলৈ পঠোৱা হ’ল অভিযুক্ত প্ৰৱক্তা ড৹ হেমন্ত শৰ্মাক । মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ সহকাৰী প্ৰৱক্তা ড৹ হেমন্ত শৰ্মাই শ্ৰেণীত মদ্যপান কৰি শিক্ষার্থীক শাৰিৰীক মানসিক আতিশয্য চলোৱাৰ অভিযোগ তুলি ৫৮ গৰাকী শিক্ষার্থীয়ে অধ্যক্ষক অভিযোগ দাখিল কৰাৰ পাচত অধ্যক্ষই জিলা আয়ুক্ত আৰু জিলাৰ আৰক্ষী অধীক্ষকক ঘটনা সন্দৰ্ভত লিখিতভাৱে জনায় । এই সম্পৰ্কে লখিমপুৰ সদৰ থানাত প্ৰৱক্তাজনৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰি আৰক্ষীয়ে প্ৰথমে তেওঁক আটক কৰি পাচত গ্ৰেপ্তাৰ কৰে ।

উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ প্ৰৱক্তা কাণ্ড

সদৰ থানাত ৰুজু হোৱা ২৭৫/২৩ নম্বৰৰ আৰু ৩৫৪/৩৫৪(এ) /৫০৬/৫০৯ ধাৰাৰ গোচৰটোত অভিযুক্ত প্ৰৱক্তা ড৹ হেমন্ত শৰ্মাক গ্ৰেপ্তাৰ কৰি আজি আৰক্ষীয়ে লখিমপুৰ আদালতত হাজিৰ কৰোৱাই । তেওঁক আদালতত হাজিৰ কৰোৱাৰ সময়ত অধিবক্তাই জামিন আবেদন দাখিল কৰিছিল যদিও আদালতে নামঞ্জুৰ কৰে । ফলত অৱধাৰিতভাৱে প্ৰৱক্তাজন জেলৰ কুঠৰীত বন্দী হৈ পৰে ।

উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ প্ৰৱক্তা কাণ্ড

ইফালে মহাবিদ্যালয়খনৰ একাংশ ছাত্ৰ-ছাত্ৰী আজি আদালতৰ চৌহদত উপস্থিত হয় । এই সকলৰ ভিতৰত প্ৰৱক্তাজনৰ বিৰুদ্ধে অভিযোগ দিয়া ছাত্ৰ-ছাত্ৰীৰ সংখ্যাই সৰহ । তেওঁলোকে প্ৰৱক্তাজনৰ বিৰুদ্ধে নহয় বৰং প্ৰৱক্তাজনৰ সপক্ষে ক’বলৈহে আদালতলৈ যায় । তেওঁলোকৰ ভিতৰৰ পাঁচ গৰাকীয়ে দণ্ডাধীশৰ সন্মুখত ভাষ্য প্ৰদান কৰে বুলিও জানিব পৰা গৈছে ।

নাম প্ৰকাশত অনিচ্ছুক দুজনমান ছাত্ৰ-ছাত্ৰীয়ে কয় ঘটনাটো ইমান ডাঙৰ হ’ব বুলি তেওঁলোকে ভবা নাছিল । প্ৰৱক্তাজনে কৰা আচৰণ সম্পৰ্কে তেওঁলোকে অধ্যক্ষক মাথোঁ জনাইছিল । মহাবিদ্যালয়ৰ ভিতৰতে সমাধা কৰিব পৰা কথাটোৱে বাহিৰ হৈ বৃহৎ আকাৰ ধাৰণ কৰিলে । কথাটো আচলতে ইমান ডাঙৰো নহয় । পাঠ বুজাওতে প্ৰৱক্তাজনে নৃত্যৰ ভংগীমাৰে শিক্ষার্থীক স্পৰ্শ কৰাটো হয় বুলিও কয় ছাত্ৰ-ছাত্ৰীয়ে । এই ক্ষেত্ৰত বুজাবুজিৰো কিছু অভাৱ হোৱা বুলি তেওঁলোকে কয় । ঘটনাটোৱে প্ৰৱক্তাজনক জেললৈ ঠেলি দিয়াত তেওঁলোকে দুখ প্ৰকাশ কৰে । উল্লেখ্য যে, লক্ষণীয়ভাৱে অভিযোগত স্বাক্ষৰকাৰীসকলৰ একাংশই এনে মন্তব্য কৰিছে ।

আনহাতে জেল যাত্ৰাৰ পূৰ্বে প্ৰৱক্তাজনে সংবাদ মাধ্যমৰ আগত কয়, "তেওঁলোক সৰু ছাত্ৰ-ছাত্ৰী । তেওঁলোকৰ গাত বিশেষ একো দোষ নাই । মই তেওঁলোকক ক্ষমা কৰি দিছো ।’’ আনহাতে একাংশ প্ৰাক্তন ছাত্ৰয়ো ঘটনাটোত গভীৰ দুখ প্ৰকাশ কৰে । তেওঁলোকৰ মতে অভিযুক্ত প্ৰৱক্তাজন তেনে চৰিত্ৰৰ নহয় । কোনো কাৰণতে প্ৰৱক্তাজনে তেনে আচৰণ নকৰে । তেওঁলোকৰ শিক্ষা জীৱনত নিচেই কাষতে পোৱা প্ৰৱক্তাজনে কেতিয়াও তেনে বিসংগতি পূৰ্ণ আচৰণ কৰা তেওঁলোকে দেখা নাছিল বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে ।

ইফালে সোমবাৰে মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ এখন জৰুৰী বৈঠক অনুষ্ঠিত হয় । এই বৈঠকত সমস্ত বিষয়টো আলোচনা কৰি উচ্চ শিক্ষা সঞ্চালকলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

লগতে পঢ়ক :Harassment of students: ‘‘গাত দোষ নাই; বলি হ’ল গভীৰ ষড়যন্ত্ৰৰ’’; গ্ৰেপ্তাৰৰ পিচত মন্তব্য হেমন্ত শৰ্মাৰ

ABOUT THE AUTHOR

...view details