ETV Bharat / state

Harassment of students: ‘‘গাত দোষ নাই; বলি হ’ল গভীৰ ষড়যন্ত্ৰৰ’’; গ্ৰেপ্তাৰৰ পিচত মন্তব্য হেমন্ত শৰ্মাৰ

author img

By

Published : Jul 24, 2023, 12:15 PM IST

ষড়যন্ত্রৰ বলি হোৱা বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ উত্তৰ লক্ষীমপুৰ মহাবিদ্যালয়ৰ বিতৰ্কিত প্ৰৱক্তা ড৹ হেমন্ত শৰ্মাৰ ৷ কেইবাটাও ধাৰাত গ্ৰেপ্তাৰ কৰা হৈছে বিতৰ্কিত প্ৰৱক্তাগৰাকীক ৷

Harassment of students
controversial lecturer of North Lakhimpur college

ষড়যন্ত্ৰৰ বলি হোৱাৰ দাবী বিতর্কিত প্ৰৱক্তা হেমন্ত শৰ্মা

লখিমপুৰ, 24 জুলাই : ‘‘মই গভীৰ ষড়যন্ত্রৰ বলি হৈছো । সময় নিৰপেক্ষ বিচাৰক । সময়ৰ হাতত সকলো এৰি দিছো ৷’’ শিক্ষার্থীক আতিশয্য চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ বিতৰ্কিত প্ৰৱক্তা ড৹ হেমন্ত শৰ্মাই এনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে সংবাদ মাধ্যমৰ আগত । দেওবাৰৰ নিশা উত্তৰ লক্ষীমপুৰ সদৰ থানাৰ পৰা আৰক্ষীয়ে বিতৰ্কিত প্ৰৱক্তাগৰাকীক স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰি লৈ গৈ থকাৰ সময়তে সংবাদ মাধ্যমৰ আগত এনেদৰে কয় । তেওঁ লগতে কয়, ‘‘এক ডাঙৰ ষড়যন্ত্রৰ বলি হৈছো । মোৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ সত্যতা নাই ।’’

উল্লেখ্য যে, প্ৰৱক্তা শৰ্মাই দীৰ্ঘদিন ধৰি মদ্যপান কৰি পাঠদান কৰি আহিছিল বুলি ছাত্ৰ-ছাত্ৰীয়ে অভিযোগ তোলে ৷ পাঠদান কৰাৰ নামত শ্ৰেণীকক্ষত ছাত্ৰ-ছাত্ৰীক দীৰ্ঘদিন ধৰি শাৰীৰিক, মানসিক আতিশয্য চলোৱাৰো অভিযোগ তুলিছিল ছাত্ৰ-ছাত্ৰীয়ে ৷ অসমীয়া বিভাগৰ 58 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে প্ৰৱক্তা ড৹ হেমন্ত শৰ্মাৰ বিৰুদ্ধে অভিযোগ তুলিছিল ৷

দীর্ঘদিন ধৰি প্ৰৱক্তাজনৰ আচৰণত অতিষ্ঠ হৈ পৰা শিক্ষাৰ্থীসকলে শুকুৰবাৰে কলেজখনৰ অধ্যক্ষ ড৹ বিমান চেতিয়াক লিখিত অভিযোগ দাখিল কৰিছিল আৰু তাৰ পিচতে প্ৰৱক্তাই বাধ্যতামূলক ছুটী দিয়ে ৷

নৰ্থ লখিমপুৰ কলেজ (স্বতন্ত্ৰ) ৰ অসমীয়া বিভাগৰ বিতৰ্কিত সহকাৰী প্ৰৱক্তাগৰাকীৰ বিৰুদ্ধে লখিমপুৰ সদৰ থানাত পঞ্জীয়ন কৰা হৈছিল গোচৰ ৷ 275/23 নম্বৰৰ আৰু 354/354 (A) 506/509 ধাৰাৰ গোচৰত দেওবাৰে উত্তৰ লক্ষীমপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিতৰ্কিত সহকাৰী প্ৰৱক্তা ড৹ হেমন্ত শৰ্মাক ।

উল্লেখ কৰা প্ৰয়োজন যে, শিক্ষাৰ্থীৰ লিখিত অভিযোগক গুৰুত্ব দি অধ্যক্ষই লগে লগে কলেজখনৰ দুখনকৈ আভ্যন্তৰীণ সমিতিৰ সভা আহ্বান কৰে ৷

লগতে পঢ়ক : Drunken Lecturer detained: সুৰাৰ বৰষাত উটি হেমন্ত পালেগৈ থানা; শিক্ষাৰ্থীক নিৰ্যাতনৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.