ETV Bharat / state

Drunken Lecturer detained: সুৰাৰ বৰষাত উটি হেমন্ত পালেগৈ থানা; শিক্ষাৰ্থীক নিৰ্যাতনৰ অভিযোগ

author img

By

Published : Jul 23, 2023, 3:38 PM IST

সুৰাৰ গোলাপী ৰাগীত উটি-ভাঁহি ফুৰা এগৰাকী প্ৰৱক্তাই নাক কাটিলে নৰ্থ লখিমপুৰ কলেজৰ ৷ প্ৰৱক্তাগৰাকীৰ উপদ্ৰৱত অতিষ্ঠ হৈ তেওঁৰ বিভাগৰে 58 গৰাকী শিক্ষাৰ্থীয়ে দাখিল কৰিলে লিখিত অভিযোগ ৷ মাজ নিশা আৰক্ষীয়ে নি থানা পোৱালে প্ৰৱক্তা ড৹ হেমন্ত শৰ্মাক ৷

Drunken Lecturer detained
প্ৰৱক্তা ড৹ হেমন্ত শৰ্মাক আটক

প্ৰৱক্তা ড৹ হেমন্ত শৰ্মাক আটক

লখিমপুৰ, ২৩ জুলাই: অৱশেষত আৰক্ষীয়ে আটক কৰিলে লখিমপুৰ কলেজৰ বিতৰ্কিত প্ৰৱক্তা ড৹ হেমন্ত শৰ্মাক । তেওঁৰ বিভাগৰে ৫৮ গৰাকী শিক্ষার্থীয়ে প্ৰৱক্তাগৰাকীৰ বিৰুদ্ধে শাৰিৰীক মানসিক নিৰ্যাতন চলোৱা বুলি তোলা অভিযোগৰ পৰিপ্ৰেক্ষিতত যোৱা নিশা আৰক্ষীয়ে তেওঁক আটক কৰি সদৰ থানাত সোধা-পোছা কৰে । শ্ৰেণী কক্ষতে শিক্ষাৰ্থীক নিৰ্যাতন চলোৱাৰ অভিযোগ উঠিছে প্ৰৱক্তাগৰাকীৰ বিৰুদ্ধে ৷

উল্লেখ্য যে, ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান নৰ্থ লখিমপুৰ কলেজৰ (স্বতন্ত্ৰ) অসমীয়া বিভাগৰ বিতৰ্কিত সহকাৰী প্ৰৱক্তা ড৹ হেমন্ত শৰ্মাই মদ্যপান কৰি পাঠদানৰ নামত শ্ৰেণীকক্ষত ছাত্র-ছাত্রীক শাৰিৰীক আৰু মানসিক আতিশয্য চলোৱাৰ অভিযোগ তোলে অসমীয়া বিভাগৰ ৫৮ গৰাকী ছাত্র-ছাত্রীয়ে ।

দীৰ্ঘ দিন ধৰি প্ৰৱক্তাজনৰ এনে আচৰণত অতিষ্ঠ হৈ পৰা শিক্ষার্থীসকলে যোৱা শুকুৰবাৰে কলেজখনৰ অধ্যক্ষ ড৹ বিমান চেতিয়াক প্ৰৱক্তাজনৰ বিৰুদ্ধে লিখিত অভিযোগ দাখিল কৰিছিল ।

বিষয়টোত গুৰুত্ব দি অধ্যক্ষই লগে লগে কলেজখনৰ দুখনকৈ আভ্যন্তৰীণ সমিতিৰ সভা আহ্বান কৰাৰ উপৰি অভিযোগকাৰী ছাত্র-ছাত্রী আৰু অভিযুক্ত প্ৰৱক্তাজনৰ ভাষ্য গ্ৰহণ কৰে । সমিতিৰ সভাৰ সিদ্ধান্ত মৰ্মে শনিবাৰে অধ্যক্ষই অভিযুক্ত প্ৰৱক্তাজনক বাধ্যতামূলক ছুটি দিয়ে ।

লগতে পঢ়ক: Harassment of students : প্ৰৱক্তাৰ বিৰুদ্ধে 58 গৰাকী শিক্ষার্থীৰ অভিযোগ

আনহাতে, অধ্যক্ষই এই সমস্ত বিষয়টো জিলাৰ আয়ুক্ত আৰু আৰক্ষী অধীক্ষককো লিখিতভাৱে জনায় । দেওবাৰে অধ্যক্ষ ড৹ বিমান চেতিয়াই জানিবলৈ দিয়া মতে, বিষয়টো আলোচনা কৰিবৰ বাবে সোমবাৰে কলেজখনৰ পৰিচালনা সমিতিৰ এখন জৰুৰী বৈঠক আহ্বান কৰা হৈছে । এই বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহ উচ্চ শিক্ষা সঞ্চালকালয়লৈ প্ৰেৰণ কৰা হ’ব । অধ্যক্ষজনে লগতে সংবাদ মাধ্যমৰ প্ৰতি আহ্বান জনাই কয় যে, কোনোবা এজনে কৰা ভুলৰ বাবে যাতে বিশ্ববিদ্যালয় পৰ্যায়লৈ উন্নীত হোৱাৰ পথত থকা কলেজখনৰ গৰিমা ম্লান নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.