ETV Bharat / state

Harassment of students : প্ৰৱক্তাৰ বিৰুদ্ধে 58 গৰাকী শিক্ষার্থীৰ অভিযোগ

author img

By

Published : Jul 23, 2023, 9:28 AM IST

নৰ্থ লখিমপুৰ কলেজৰ (স্বায়ত্তশাসিত) এজন প্ৰৱক্তাৰ বিৰুদ্ধে উঠিছে শিক্ষার্থীক আতিশয্য চলোৱাৰ অভিযোগ । 58 গৰাকী শিক্ষার্থীয়ে প্ৰৱক্তাগৰাকীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে কলেজখনৰ অধ্যক্ষক । বাধ্যতামূলক ছুটী প্ৰদান প্ৰৱক্তাগৰাকীক ।

Harassment of students in north lakhimpur college
প্ৰৱক্তাৰ বিৰুদ্ধে 58 গৰাকী শিক্ষার্থীৰ অভিযোগ

লখিমপুৰ, 23 জুলাই: বিতৰ্কৰ আৱৰ্তত নৰ্থ লখিমপুৰ কলেজ । প্ৰৱক্তাৰ (স্বায়ত্তশাসিত) বিৰুদ্ধে উত্থাপিত হৈছে গুৰুতৰ অভিযোগ ৷ শিক্ষা প্ৰতিষ্ঠানখনৰ শিক্ষাৰ্থীয়ে তুলিছে এই অভিযোগ ৷ মানসিক আতিশয্যৰ লগতে শাৰিৰীক আতিশয্য চলোৱা বুলিও প্ৰৱক্তাৰ বিৰুদ্ধে অভিযোগ তুলিছে শিক্ষার্থীয়ে ।

students Harassment case in north lakhimpur college
প্ৰৱক্তাৰ বিৰুদ্ধে 58 গৰাকী শিক্ষার্থীৰ অভিযোগ

উল্লেখ্য যে, উত্তৰ অসমৰ এক অগ্ৰণী উচ্চ শিক্ষা প্ৰতিষ্ঠান উত্তৰ লখিমপুৰ মহাবিদ্যালয় (স্বায়ত্তশাসিত) । সম্প্ৰতি মহাবিদ্যালয়খনৰ এজন প্ৰৱক্তাক লৈ সৃষ্টি হৈছে বিতর্কৰ । অসমীয়া বিভাগৰ প্ৰৱক্তাগৰাকীৰ বিৰুদ্ধে বিভাগটোৰ তৃতীয় ষান্মাসিকৰ 58 গৰাকী শিক্ষার্থীয়ে অভিযোগ তুলিছে ৷ শিক্ষাৰ্থীসকলক শাৰিৰীক-মানসিকভাৱে অপদস্থ কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে প্ৰৱক্তাগৰাকীৰ বিৰুদ্ধে ।

অসমীয়া বিভাগৰ সহকাৰী প্ৰৱক্তা ড০ হেমন্ত শৰ্মাই শ্ৰেণীকোঠাত শিক্ষাৰ্থীক শাৰীৰিক আৰু মানসিকভাৱে অপদস্ত কৰাৰ অভিযোগ তুলি 58 গৰাকী শিক্ষাৰ্থীয়ে কলেজখনৰ অধ্যক্ষক শুকুৰবাৰে অভিযোগ দাখিল কৰে । প্ৰৱক্তাজনৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীৰ এনে অভিযোগৰ ভিত্তিত অধ্যক্ষই তাৎক্ষণিকভাৱে শনিবাৰে প্ৰৱক্তা হেমন্ত শৰ্মাক বাধ্যতামূলক চুটি প্ৰদান কৰে । লগতে, অভিযোগ সন্দৰ্ভত এখন তদন্ত সমিতি গঠন কৰি কলেজ কৰ্তৃপক্ষই ঘটনা সন্দৰ্ভত তদন্ত চলাব বুলি জানিবলৈ দিয়ে শিক্ষা প্ৰতিষ্ঠান কৰ্তৃপক্ষই ।

students Harassment case in north lakhimpur college
প্ৰৱক্তাৰ বিৰুদ্ধে 58 গৰাকী শিক্ষার্থীৰ অভিযোগ

উল্লেখ্য যে, ইতিমধ্যে ঘটনা সন্দৰ্ভত জিলা উপায়ুক্তৰ লগতে আৰক্ষী অধীক্ষকক অৱগত কৰিছে কলেজ কৰ্তৃপক্ষই । অহা সোমবাৰ অৰ্থাৎ 24 জুলাইৰ দিনা মহাবিদ্যালয় চৌহদত ঘটনা সংক্ৰান্তত পৰিচালনা সমিতিৰ বিশেষ বৈঠক অনুষ্ঠিত হ’ব বুলি জানিবলৈ পৰা গৈছে । 58 গৰাকী শিক্ষাৰ্থীয়ে অসমীয়া বিভাগৰ প্ৰৱক্তাগৰাকীৰ বিৰুদ্ধে তোলা অভিযোগ সম্বন্ধীয় ঘটনাই পৰৱৰ্তী সময়ত কোন দিশে গতি কৰে সেয়া হ’ব পৰৰ্ৱতী সময়ত লক্ষণীয় বিষয় ।

লগতে পঢ়ক : ATASU Press Meet : আটাছুৰ কেন্দ্ৰীয় সভাপতি পদৰ পৰা অপসাৰণ মিলন বুঢ়াগোহাঁইক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.