অসম

assam

Kokrajhar District Day: কোকৰাঝাৰ জিলা দিৱস উদযাপন

By

Published : Jul 2, 2022, 7:31 AM IST

কোকৰাঝাৰ জিলা প্ৰশাসনৰ উদ্যোগত শুকুৰবাৰে বাণিজ্য মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত বৰ্ণিল কাৰ্যসূচীৰে জিলাখনৰ 39 তম প্ৰতিষ্ঠা দিৱস উলহে মালহে পালন কৰা হয় ৷ এই বিশেষ কাৰ্যসূচীত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে (CEM Pramod Bodo) ৷

district-day-observed-in-kokrajhar
কোকৰাঝাৰ জিলা দিৱস উদযাপন

কোকৰাঝাৰ, 2 জুলাই: ৰাজ্যজুৰি হৈ থকা বানৰ প্ৰলয়ৰ (Assam Flood 2022) মাজতে কোকৰাঝাৰত জিলাৰ প্ৰতিষ্ঠা দিৱস উদযাপন (Korajhar District Day)৷ কোকৰাঝাৰ জিলা প্ৰশাসনৰ উদ্যোগত শুকুৰবাৰে বাণিজ্য মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত বৰ্ণিল কাৰ্যসূচীৰে জিলাখনৰ 39 তম প্ৰতিষ্ঠা দিৱস উলহে মালহে পালন কৰা হয় ৷ ইয়াৰোপৰি এই দিৱসৰ লগত সংগতি ৰাখি সন্ধিয়া বিজ্ঞান মহাবিদ্যালয়ৰ পেক্ষাগৃহত মত বিনিময়ৰ এক অনুষ্ঠানৰো আয়োজন কৰা হয় ৷ এই মত বিনিময় কাৰ্যসূচীত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে (CEM Pramod Bodo) ৷

উল্লেখ্য যে, অবিভক্ত গোৱালপাৰা জিলাৰ পৰা ১৯৮৩ চনৰ ১ জুলাইত কোকৰাঝাৰক পৃঠক কৰি স্বতন্ত্ৰ জিলা হিচাপে ঘোষণা কৰা হৈছিল । বন্তি প্ৰজ্বলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পিছত জিলা উপায়ুক্ত বৰ্ণালী ডেকাই আজিৰ দিনটো কোকৰাঝাৰবাসীৰ বাবে এক গৌৰৱৰ দিন বুলি অভিহিত কৰে ৷ মত বিনিময় অনুষ্ঠানতে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত জিলাখনৰ পৰা স্থান দখল কৰা কৃতী শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জনাই বিটিআৰ প্ৰধানগৰাকীয়ে (CEM of Bodoland Territorial Region) ৷ লগতে এই অনুষ্ঠানতে জিলাখনৰ বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জনোৱা হয় ৷

কোকৰাঝাৰ জিলা দিৱস উদযাপন

জিলা দিৱসৰ কাৰ্যসূচীৰ সতে সংগতি ৰাখি বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ দ্বাৰা গীত-নৃত্যৰ এখনি প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয় ৷ জিলা প্ৰশাসনে কোকৰাঝাৰৰ সকলো বাসিন্দাৰ বাবে কোকৰাঝাৰ বিষয়ত এখনি অনলাইন শ্লোগান প্ৰতিযোগিতা অনুষ্ঠিত কৰে । লগতে ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিভিন্ন খেলৰ আয়োজন কৰা হয় ৷ শিক্ষাৰ্থীসকলৰ বাবেও অনলাইনযোগে 'আমি কোকৰাঝাৰক কিয় ভাল পাওঁ' শীৰ্ষক এখনি ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰে ৷

দিৱস উদযাপনৰ এই বিশেষ দিনটোৰ সন্ধিয়াৰ কাৰ্যসূচীত বিধায়ক লৰেন্স ইছলাৰী, জিৰণ বসুমতাৰী, জয়ন্ত বসুমতাৰী, বিটিআৰৰ কাৰ্যবাহী সদস্য ৰেওৰেৱা নাৰ্জীহাৰী, উইলছন হাসদা, ৰনেন নাৰ্জাৰী, বডোলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লাইশ্ৰাম লাডু সিং, কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক প্ৰতীক বিজয় থুবে, পদ্মশ্ৰী ড৹ মংগল সিং হাজোৱাৰী আদিকে ধৰি বিশিষ্ট শিক্ষাবিদ, সংগঠক তথা সমাজকৰ্মী উপস্থিত থাকে ।

লগতে পঢ়ক:Assam Flood : পাঁচবছৰত বানত ক্ষতি হ'ল অসমৰ ১৩,২২৭ কোটি টকাৰ সা-সম্পত্তি

ABOUT THE AUTHOR

...view details