অসম

assam

Anti drugs mission: ড্ৰাগছ নগদ ধনসহ আৰক্ষীৰ জালত দুই সৰবৰাহকাৰী

By

Published : Jul 25, 2023, 7:41 AM IST

কৰিমগঞ্জ আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী ৷ লগতে জব্দ কৰিবলৈ সক্ষম হয় ড্ৰাগছ আৰু নগদ ধন ৷ ঘটনা সন্দৰ্ভত অব্যাহত তদন্ত ৷

Anti drugs mission in Assam
ড্ৰাগছ সহ আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী

কৰিমগঞ্জ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান

কৰিমগঞ্জ, 25 জুলাই :ৰাজ্যতঅব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান ৷ বিগত সময়ছোৱাত ৰাজ্যখনত আৰক্ষী প্ৰশাসন তথা অভিযানকাৰী দলে অভিযান চলায় ড্ৰাগছ তথা ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি অহা পৰিলক্ষিত হৈছে যদিও ৰোধ কৰিব পৰা নাই ৰাজ্যত ড্ৰাগছৰ সৰবৰাহ ৷ কৰিমগঞ্জ আৰক্ষীয়ে চলোৱা ড্ৰাগছ বিৰোধী অভিযানত জিলাখনৰ পৰা আটক হৈছে হেৰ'ইন সহ দুই সৰবৰাহকাৰী । সৰবৰাহকাৰী দুটা মইনুল হক আৰু আব্দুল হান্নান বুলি জানিবলৈ পৰা গৈছে ৷ দুয়োটা সৰবৰাহকাৰীৰ পৰা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে হেৰ'ইনৰ লগতে নগদ ধন।

উল্লেখ্য যে, আৰক্ষীয়ে প্ৰথমে মইনুল হক নামৰ এজনক আটক কৰাৰ পিছত কৰিমগঞ্জৰ কানিশাইল এলেকাৰ বাসগৃহৰ পৰা হেৰ'ইন সহ আটক কৰা হয় আব্দুল হান্নান নামৰ আন এজনক । দুই সৰবৰাহকাৰীৰ পৰা সৰ্বমুঠ চাৰিটা চাবোনৰ বাকচৰ পৰা হেৰ'ইন জব্দ কৰাৰ লগতে হান্নানৰ ঘৰৰ পৰা নগদ 1 লাখ 12 হেজাৰ 900 টকা জব্দ কৰিবলৈ সক্ষম হৈছে নিলামবজাৰ আৰক্ষীয়ে । আব্দুল হান্নান জিলাখনৰ ভিতৰত অন্যতম ড্ৰাগছ সৰবৰাহকাৰী বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । ইয়াৰ পূৰ্বেও আব্দুল হান্নান ড্ৰাগছ সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।

উল্লেখ্য যে, আৰক্ষীয়ে হান্নানৰ ঘৰৰ কোঠাৰ দৰ্জা ভাঙিহে অভিযান চলাবলগীয়াত পৰিছিল ৷ আৰক্ষীৰ লগতে পৰিয়ালৰ সদস্যই কেইবাবাৰো মতাৰ পিচতো ড্ৰাগছ সৰবৰাহকাৰীটোৱে খুলি দিয়া নাছিল দৰ্জা ৷ ড্ৰাগছ সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ হৈ কৰিমগঞ্জ জিলা কাৰাগাৰত বন্দী হৈ থকা হান্নানে কাৰাগাৰৰ পৰা মুকলি হৈয়ে আকৌ ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত হৈ পৰিছে বুলি আৰক্ষীয়ে কয় । বৰ্তমান মইনুল হক আৰু আব্দুল হান্নানক আৰক্ষীয়ে আটক কৰি সোধ-পোচ অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক :Cattle smuggling in Assam: আৰক্ষী থানাত 22 টা গৰাকীবিহীন গৰু

ABOUT THE AUTHOR

...view details