Cattle smuggling in Assam: আৰক্ষী থানাত 22 টা গৰাকীবিহীন গৰু

By

Published : Jul 25, 2023, 6:59 AM IST

thumbnail

জনীয়া, 25 জুলাই : ৰাজ্য চৰকাৰে গো-সুৰক্ষা আইন ৰাজ্যত কঠোৰভাৱে বলৱৎ কৰাৰ পিচতো অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ ৷ বৰপেটা জিলাৰ কলগাছিয়া থানাৰ অন্তৰ্গত গুইলেজা গাঁৱত সোমবাৰৰ সন্ধিয়া 22 টাকৈ গৰু জব্দ কৰে আৰক্ষীয়ে । ৰাজ্য চৰকাৰে গৰু সুৰক্ষা আইন প্ৰৱৰ্তন কৰি অবৈধভাৱে গৰুৰ সৰবৰাহ বন্ধ কৰিছে যদিও বৰপেটা জিলাত আৰক্ষীৰ চকুত ধূলি দি গো মাফিয়া চক্ৰই গৰুৰ ছিণ্ডিকেট অব্যাহত ৰখা পৰিলক্ষিত হৈছে । 

জানিব পৰা মতে অন্য এখন জিলাৰ পৰা বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত গুইলেজা গাঁৱলৈ নিশাৰ ভাগত সৰবৰাহৰ সময়তেই 22 টাকৈ গৰাকীবিহীন গৰু জব্দ কৰে কলগাছিয়া আৰক্ষীয়ে । কলগাছিয়া আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি চলোৱা অভিযানত গুইলেজা গাঁৱৰ পৰা 22 টাকৈ গৰাকীবিহীন গৰু জব্দ কৰি থানালৈ লৈ আহে । ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছে চাঞ্চল্যৰ ।

লগতে পঢ়ক : Manipur Sexual Assault News:ভুৱা বাতৰিৰ বিৰুদ্ধে কঠোৰ হৈছে মণিপুৰ আৰক্ষী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.