অসম

assam

ঠেলাত চিকিৎসালয়লৈ আনিলে গৰ্ভৱতী মহিলাক

By

Published : May 4, 2022, 10:49 PM IST

বিভিন্ন সমস্যাৰে জৰ্জৰিত কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ ডলামৰাৰ ১৭ নং ছচেংধেন্টা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ৰঙাগৰা অঞ্চল (Rangagara area of Karbi Anglong district) ৷ শীঘ্ৰেই সমস্য়া সমাধানৰ দাবী অঞ্চলটোৰ স্থানীয় ৰাইজৰ ৷

rangagara-area-of-karbi-anglong-district-is-suffering-from-various-problems
ঠেলাৰে গৰ্ভৱতী মহিলাক চিকিৎসালয়লৈ প্ৰেৰণ

বোকাখাত, 4 মে' : আজিও অনগ্ৰসৰ হৈ ৰৈছে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ (Karbi Anglong Autonomous Council) ডলামৰাৰ ১৭ নং ছচেংধেন্টা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ৰঙাগৰা অঞ্চল (Rangagara area of Karbi Anglong district) ৷ ৰাস্তা-ঘাট আৰু উন্নত চিকিৎসা কেন্দ্ৰৰ ব্যৱস্থা নোহোৱাৰ ফলত এতিয়া ত্ৰাহি মধুসূদন সুঁৱৰিছে ৰাইজে ৷

বিভিন্ন সমস্যাৰে জৰ্জৰিত কাৰ্বি আংলং জিলাৰ ৰঙাগৰা অঞ্চল

উল্লেখযোগ্য যে, অঞ্চলটোৰ কানিয়া ইংলেং গাঁৱৰ বাসিন্দা ৰাহুল ইংলেঙৰ পত্নী হেমা টকবিপীক গৰ্ভাৱস্থাত চিকিৎসা কেন্দ্ৰত ভৰ্তি কৰাবলৈ সুচল পথ নথকাৰ ফলত ঠেলাৰে মহিলাগৰাকীৰ চিকিৎসালয়লৈ নিয়ে স্থানীয় ৰাইজে ৷ কেৱল এয়াই প্ৰথম নহয় ইয়াৰ পূৰ্বেও এনেধৰণৰ বহু ঘটনা সংঘটিত হৈ যোৱা বুলি জানিবলৈ দিয়ে অঞ্চলটোৰ স্থানীয় ৰাইজে ৷

সম্প্ৰতি এই সমস্যাসমূহৰ পৰা পৰিত্ৰাণ পাবলৈ স্থানীয় পৰিষদৰ কাৰ্যবাহী সদস্যা কাছে ৰংপিপীক আহ্বান জনাইছে অঞ্চলটোৰ স্থানীয় ৰাইজে ৷ অন্যথা আগন্তুক নিৰ্বাচনত ভোট বৰ্জন কৰাৰো হুংকাৰ প্ৰদান কৰে ৰাইজে ৷

লগতে পঢ়ক :কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ প্ৰথমখন স্বতন্ত্ৰ বাজেট গৃহীত

ABOUT THE AUTHOR

...view details