ETV Bharat / state

কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ প্ৰথমখন স্বতন্ত্ৰ বাজেট গৃহীত

author img

By

Published : Mar 23, 2022, 8:12 PM IST

কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ এই বিশেষ বাজেট অধিৱেশনত ১,৭৪৭ কোটি টকাৰ বাজেট গৃহীত কৰা হয়(KAAC passes rupees 1,747 crore budget) ৷ অধিৱেশনত প্ৰাদেশীকৃত কলেজ, হাইস্কুল আৰু মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষকসকলৰ দৰমহা বৃদ্ধি, চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সাংবাদিকসকলক ১০ লাখ টকাৰ এককালীন জীৱন বীমা আৰু জ্যেষ্ঠ সাহিত্যিক-সাংবাদিকসকলক ১ লাখ টকাকৈ এককালীন সাহাৰ্য প্ৰদানৰ ঘোষণাৰ ঘোষণা মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ ৷

Karbi Anglong Autonomous Council passes first independent budget
কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ প্ৰথমখন স্বতন্ত্ৰ বাজেট গৃহিত

ডিফু, ২৩ মাৰ্চ : কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ বছৰটোৰ অন্তিমখন বিশেষ বাজেট অধিৱেশন বুধবাৰে অনুষ্ঠিত হৈ যায় (Karbi Anglong Autonomous Council first Independent Budget) ৷ কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ এই বিশেষ অধিৱেশনত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে । কাৰ্বি আংলং জিলাৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সাংবাদিকসকলক ১০ লাখ টকাকৈ এককালীন জীৱন বীমা (One time Insurance) চলিত বছৰতে দিয়াৰ কথা ঘোষণা কৰে মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে ।

তেওঁ লগতে জ্যেষ্ঠ সাহিত্যিক-সাংবাদিকসকলক ১ লাখ টকাকৈ এককালীন সাহাৰ্য প্ৰদান আৰু প্ৰয়াত সাহিত্যিক-সাংবাদিকসকল ৫০ হাজাৰকৈ দিয়াৰ কথা ঘোষণা কৰে । ইয়াৰ লগতে প্ৰাদেশীকৃত কলেজ, হাইস্কুল আৰু মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষকসকলৰ দৰমহা ৬ হাজাৰৰ টকাৰ পৰা ক্ৰমে ৩৫ হাজাৰ, ১৫ হাজাৰ আৰু ১০ হাজাৰ টকালৈ বৃদ্ধি কৰাৰ কথা উল্লেখ কৰে ।

মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং

ইফালে চৰকাৰী গাঁওবুঢ়াসকলৰ দৰমহা ৭০০ টকাৰ পৰা ৩,০০০ টকালৈ বৃদ্ধি কৰা বুলি সাংবাদিকসকলৰ আগত ঘোষণা কৰে ৰংহাঙে । এই বাজেট অধিৱেশনত ১,৭৪৭ কোটি টকাৰ বাজেট গৃহীত কৰা হয় (KAAC passes rupees 1,747 crore budget ) ৷ উপাধ্যক্ষ ৰিতেশ ইংহিৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা পৰিষদৰ বছৰটোৰ অন্তিমখন বিশেষ অধিৱেশনত প্ৰায় সকলো সদস্যই মুখ্য কাৰ্যবাহী সদস্য আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে ৷

উল্লেখ্য যে, পূৰ্বে পৰিষদৰ বাজেট ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰা হৈছিল ৷ ৰাজ্য চৰকাৰে বাজেট পৰ্যালোচনা তথা কৰ্তন কৰি অনুমোদন জনাইছিল ৷ কিন্তু এতিয়াৰ পৰা পৰিষদৰ বাজেট পৰিষদে গ্ৰহণ কৰাৰ দৰেই কাৰ্যকৰী হ’ব ৷ চৰকাৰে পৰিষদক এই ক্ষমতা অৰ্পণ কৰিছে ৷ ৰাজ্য চৰকাৰৰ ৫৮০ কোটি আৰু কেন্দ্ৰীয় চৰকাৰৰ ৮৬ কোটি ৮০ লাখ টকাৰ অনুদানেৰে পাৰ্বত্য জিলাখনত বহু উন্নয়ন হ'ব বুলি আশা কৰা হৈছে । শিক্ষাৰ ক্ষেত্ৰতো আৰু অধিক গুৰুত্ব দিয়াৰ বাবে সদনত থকা কাৰ্যবাহী সদস্যসকলে আহ্বান জনায় ।

লগতে পঢ়ক : Majuli Bridge: মাজুলীবাসীৰ আৱেগক ব্যৱহাৰ কৰি জয়ী হৈছিল সৰ্বানন্দ সোণোৱাল

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.