মূল্যবৃদ্ধিৰ প্ৰতিবাদত যোগান মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰিলে আছুৱে - Aasu Protest Against Price Hike - AASU PROTEST AGAINST PRICE HIKE
🎬 Watch Now: Feature Video


Published : June 7, 2024 at 2:29 PM IST
তিনিচুকীয়া, 7 জুন: ৰাজ্যত প্ৰতিদিনেই বৃদ্ধি হৈছে অত্যাৱশকীয় সামগ্ৰীৰ দাম ৷ যিয়ে প্ৰভাৱ পেলাইছে নাগৰিকৰ প্ৰাত্যাহিক জীৱন যাত্ৰাত ৷ সময়ে সময়ে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত যদিও দাম কমাৰ পৰিৱৰ্তে অধিক বৃদ্ধি হোৱাহে পৰিলক্ষিত হৈছে ৷
ৰাজ্যত বৃদ্ধি হোৱা দ্ৰব্যমূল্যৰ প্ৰতিবাদ জনাই শুকুৰবাৰে ৰাজ্যৰ যোগান মন্ত্ৰী অতুল বৰাৰ প্ৰতিকৃতি দাহ কৰে ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাই ৷ ডুমডুমা নগৰৰ মাজমজিয়াত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে । অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ লগতে সকলো ধৰণৰ সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত আছুয়ে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাত সম্পূৰ্ণ ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰাৰ লগতে মন্ত্ৰী অতুল বৰাৰ পদত্যাগৰ দাবী তোলে আছুৱে ।
যোগান মন্ত্ৰী হায় হায়, বিজেপি গ’ বেক, অতুল বৰা মূৰ্দাবাদ, মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰক আদি চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গানেৰে ডুমডুমাৰ আছুৱে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে ।
লগতে পঢ়ক: মহানগৰীত এইবাৰ মহঙা হ’ল গাখীৰ - price hike of essential commodities