ETV Bharat / state

Majuli Bridge: মাজুলীবাসীৰ আৱেগক ব্যৱহাৰ কৰি জয়ী হৈছিল সৰ্বানন্দ সোণোৱাল

author img

By

Published : Mar 23, 2022, 5:47 PM IST

মাজুলীৰ দলং নিৰ্মাণৰ ঘোষণা নিৰ্বাচনকেন্দ্ৰিক আছিল ৷ দলংখন নিৰ্মাণৰ ঘোষণাৰ নকৰিলে সৰ্বানন্দ সোণোৱাল জয়ী নোহোৱাৰ ভয়তে নিৰ্বাচনী সভাত ঘোষণা কৰা হৈছিল দলংখন নিৰ্মাণৰ কথা (Majuli Bridge over Brahmaputra river)৷ এই স্বাকাৰোক্তী কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ ৷

Majuli Bridge over Brahmaputra river
মাজুলী দলঙৰ আঁৰৰ কাহিনী বৰ্ণনা নীতিন গাডকাৰীৰ

গুৱাহাটী,২৩ মাৰ্চঃ মাজুলীত দলং নিৰ্মাণৰ ঘোষণা নিৰ্বাচনকেন্দ্ৰিক আছিল (Majuli Bridge over Brahmaputra river)। এই কথা আমি কোৱা নাই । এই কথা কৈছে খোদ কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ বিভাগৰ মন্ত্ৰী নীতিন গাডকাৰীয়ে । লোকসভাত এই কথা নিজে স্বীকাৰ কৰিলে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।

প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আৱেগক প্ৰাধান্য দি আৰু নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি একো নজনাকৈয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মাজুলী সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হ'ব বুলি ঘোষণা কৰিছিল । লোকসভাত মঙলবাৰে মাজুলীত দলং হ'ব বুলি কৰা ঘোষণাৰ আঁৰৰ কাহিনী বৰ্ণনা কৰে খোদ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । তেওঁ সদনত জনায় যে, প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কথাত তেওঁ যোৰহাট-মাজুলী দলঙৰ কথা ঘোষণা কৰিছিল (Nitin Gadkari in Majuli)।

মাজুলী দলঙৰ আঁৰৰ কাহিনী বৰ্ণনা নীতিন গাডকাৰীৰ

হেলিকপ্টাৰত গৈ থাকোতে সোণোৱালৰ আবেগিক কথাত বান্ধ খাই ৰাজহুৱা সভাত গাডকাৰীয়ে যোৰহাট-মাজুলী সংযোগী দলং নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰিছিল । মন্ত্ৰী নীতিন গাডকাৰীয়ে সদনত কয় যে, এবাৰ তেওঁ সোণোৱালৰ সৈতে হেলিকপ্টাৰেৰে মাজুলীলৈ গৈছিল । গৈ থকাৰ সময়তে সোণোৱালে তেওঁৰ হাতত ধৰি যোৰহাট-মাজুলী দলঙৰ কথা ৰাজহুৱা সভাত ঘোষণা কৰিবলৈ টানি অনুৰোধ জনাইছিল । দলংখনৰ সৈতে মাজুলীবাসীৰ আবেগ জড়িত হৈ থকাৰ কথা সোণোৱালে তেওঁক কৈছিল । সেই সময়ত তেওঁ দলংখনৰ কথা একো জনা নাছিল ।

ক’ত, কেনেকৈ, কিমান টকা ব্যয়ৰে দলঙখন হ’ব সেইবোৰ একো তেওঁ জনা নাছিল । এনে অৱস্থাত দলং নিৰ্মাণ কৰাৰ ঘোষণা কেনেকৈ কৰিম বুলি তেওঁ কোৱাত সোণোৱালে মাথো ঘোষণা কৰাৰ কথা কৈছিল আৰু তেতিয়াহে নিৰ্বাচনত জিকিব বুলি কৈছিল । দলংখনক লৈ ৰাইজ অসন্তুষ্ট হৈ আছে । যদি ঘোষণা নকৰে সোণোৱাল হাৰি যাব বুলি তেওঁক কৈছিল । সোণোৱালৰ আৱেগিক কথা শুনি তেওঁ ৰাজহুৱা সভাত ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণৰ কথা ঘোষণা কৰিছিল ।

  • "It is our endeavor to reduce cost of construction & improve quality of construction by incorporating world class technology. We have brought down construction cost of Majauli Bridge built over Brahmaputra from ₹6000 Cr to ₹680 Cr" : Union Minister Shri @nitin_gadkari ji pic.twitter.com/Ez1Oz9n1sj

    — Office Of Nitin Gadkari (@OfficeOfNG) March 22, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

গাডকাৰীয়ে সদনক লগতে জনাই যে, সেই ঘোষণাৰ পাছত দিল্লীলৈ ঘূৰি অহাৰ পিছত বিষয়াসকলে তেওঁক জনালে যে সেই দলংখনৰ নামত প্ৰায় ৬ হাজাৰ কোটি টকা ব্যয় হ'ব । সেই সময়ত তেওঁ আচৰিত হৈছিল যে এখন দলঙৰ বাবে ৬ হাজাৰ কোটি টকা কেনেকৈ ব্যয় কৰিব । ইয়াৰ পিছত অধ্যয়ন চলিল আৰু নতুন প্ৰযুক্তিৰ কথা আহিল । শেষত মাজুলীৰ দলঙৰ নিবিদা আহ্বান কৰা হ'ল । সদনত তেওঁ কয় যে আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে ৬ হাজাৰ কোটি টকা ব্যয় ধাৰ্য কৰা দলংখন এতিয়া ৬৮০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰি থকা হৈছে (Cost of Majuli Bridge over Brahmaputra)।

হয়তো এবছৰৰ ভিতৰত তেওঁ দলংখন উদ্বোধন কৰিবলৈ যাব বুলি তেও উল্লেখ কৰে । লোকসভাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দিয়া এই স্বীকাৰোক্তিয়ে সেইসময়ৰ প্ৰকৃত স্বৰূপটো উদঙাই দিলে যদিও নিৰ্বাচনকেন্দ্ৰিক আৰু আবেগৰ বাবে হলেও মাজুলীৰ বাবে অৱশেষত এখন দলং আহিল ।


লগতে পঢ়ক: ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা হ'ল কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.