ETV Bharat / state

ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা হ'ল কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

author img

By

Published : Mar 23, 2022, 1:34 PM IST

ই-নিলামত অসম চৰকাৰে ৩৭৫ কোটি টকাত লাভ কৰিলে কাছাৰ আৰু নগাঁও কাগজ কল । কাগজ কল দুটা ক্ৰয় কৰাকে ধৰি পৰৱৰ্তী কাম-কাজৰ বাবে কেবিনেটৰ অনুমোদন । কাজিৰঙাৰ ইক' ছেনচিটিভ জ'ন(Eco Sensitive Zon of Kaziranga)ৰ অধীনত সাতটা সংৰক্ষিত এলেকা ঘোষণা । ১১ টা সংৰক্ষিত বনাঞ্চল আৰু ৯ টা এনিমেল ক'ৰিডৰত অনুমোদন ৷

ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা হ'ল কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত
ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা হ'ল কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

গুৱাহাটী, ২৩ মাৰ্চ : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত বুধবাৰে দিছপুৰত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয় । বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় (Several key Decisions taken At Assam Cabinet Meeting)। কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তসমূহ সংবাদমেল যোগে সদৰি কৰে মন্ত্ৰী পীযুষ হাজৰিকাই (Assam cabinet minister Pijush Hazarika) ।

কেবিনেটত কাজিৰঙাৰ ভৱিষ্যত, সুৰক্ষা আৰু প্ৰ'মচনৰ বাবে কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয় । বন্যপ্ৰাণী অভয়াৰণ্যৰ ক্ষেত্ৰত ইক' ছেনচিটিভ জ'ন নিৰ্ধাৰণ নোহোৱা পৰ্যন্ত দাঁতিকাষৰীয়া এলেকাৰ লোকে বিভিন্ন সমস্যাৰ সন্মূখীন হ'বলগীয়া হয় । উন্নয়নমূলক কাম-কাজ নহয় । আজিৰ কেবিনেটে কাজিৰঙাৰ কিছু এলেকা ইক' ছেনচিটিভ জ'ন (Eco Sensitive Zon of Kaziranga) ঘোষণা কৰাৰ ড্ৰাফট নটিফিকেশ্বনত অনুমোদন জনায় ।

ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা হ'ল কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

কাজিৰঙাৰ ইক' ছেনচিটিভ জ'নৰ অধীনত সাতটা সংৰক্ষিত এলেকা থাকিব । সেই সংৰক্ষিত এলেকাকেইটা হৈছে - কাজিৰঙা নেচনেল পাৰ্ক টাইগাৰ ৰিজাৰ্ভ, বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্য, লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্য, গৰমপানী বন্যপ্ৰাণী অভয়াৰণ্য, নামবৰ দৈগুৰুং বন্যপ্ৰাণী অভয়াৰণ্য, ইষ্ট কাৰ্বি আংলং বন্যপ্ৰাণী অভয়াৰণ্য আৰু নৰ্থ কাৰ্বি আংলং বন্যপ্ৰাণী অভয়াৰণ্য । কাজিৰঙাৰ ইক' ছেনচিটিভ জ'নৰ অধীনত এইকেইটা সংৰক্ষিত এলেকা হৈ থাকিব ।

লগতে পঢ়ক : মীৰা বৰঠাকুৰক অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্রীৰ দায়িত্ব

তদুপৰি ১১ টা সংৰক্ষিত বনাঞ্চল হিচাপে থাকিব । সেই কেইটা হৈছে - হাতীয়াপাহাৰ ডি চি সংৰক্ষিত বনাঞ্চল, কলনী সংৰক্ষিত বনাঞ্চল, বাগছাৰ সংৰক্ষিত বনাঞ্চল, কামাখ্যা হিল সংৰক্ষিত বনাঞ্চল, কুকুৰাকটা সংৰক্ষিত বনাঞ্চল, ভোমোৰাগুৰি সংৰক্ষিত বনাঞ্চল, চাউথ ডিজু সংৰক্ষিত বনাঞ্চল, নৰ্থ ডিজু সংৰক্ষিত বনাঞ্চল, পানবাৰী সংৰক্ষিত বনাঞ্চল, কোঁচমৰা সংৰক্ষিত বনাঞ্চল আৰু দেওপাহাৰ সংৰক্ষিত বনাঞ্চল । আনহাতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্য‍ানৰ ৯ টা এনিমেল ক'ৰিডৰৰ ক্ষেত্ৰত কেবিনেটে অনুমোদন জনাইছে ৷

আনহাতে, সংবাদমেলত মন্ত্ৰী পীযুষ হাজৰিকাই জনাই যে, অসম চৰকাৰৰ উদ্যোগ বিভাগে ৩৭৫ কোটি টকাত কাছাৰ আৰু নগাঁও কাগজ কল ই-নিলাম যোগে লাভ কৰিবলৈ সক্ষম হৈছে । আজিৰ কেবিনেটে ই-নিলামত লাভ কৰা কাগজ কল দুটা ক্ৰয় কৰাকে ধৰি পৰৱৰ্তী কাম-কাজৰ বাবে অনুমোদন জনায় ।

আগন্তুক তিনি-চাৰি মাহৰ ভিতৰত কাগজ কল দুটাৰ কৰ্মচাৰীসকলে পাবলগীয়া বকেয়া ৰাজ্য চৰকাৰে দিব বুলি মন্ত্ৰীগৰাকীয়ে সংবাদমেলত উল্লেখ কৰে । লগতে তেওঁ কয় যে, এই কাগজ কল দুটাৰ সকলো ভূ-সম্পদৰ ম‍ালিক অসম চৰকাৰ আৰু অসম চৰকাৰে ভৱিষ্যতে ইয়াত আন কোনো পৰিকল্পনা কৰিবলৈ সক্ষম হ'ব ।

লগতে পঢ়ক : জৰ্জিয়াৰ ৰাষ্ট্ৰদূতক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.